![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Ahom_insignia_plain.svg/langas-640px-Ahom_insignia_plain.svg.png&w=640&q=50)
চ্যু-হুং-ফা
From Wikipedia, the free encyclopedia
চুহুংফা বা চুহুং (ৰাজত্বকাল ১৬৭৪–১৬৭৫ খ্ৰী:) আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। তেওঁৰ শাসনকাল বৰ কম সময়ৰ আছিল। অধিকাংশ বুৰঞ্জীতে তেওঁৰ শাসনকাল মাথোঁ ২০ দিন বুলি পোৱা যায় যদিও কোনো কোনো ঠাইত ইয়াক এমাহ পোন্ধৰ দিন বুলিও উল্লেখ কৰা হৈছে।[1] চুক্লমফা ওৰফে ৰামধ্বজ সিংহক বিহ খুৱাই হত্যা কৰাৰ পিছত ডেবেৰা বৰবৰুৱাই চুহুংক ৰাজপাটত বহুৱাই। এইগৰাকী ৰজাৰ শাসনকাল ডেবেৰা বৰবৰুৱাৰ স্বেচ্ছাচাৰিতাৰে পূৰ্ণ আছিল। শেষলৈ চুহুংফাই ডেবেৰাৰ পৰা পৰিত্ৰাণ পাবলৈ যত্ন কৰোঁতেই বৰবৰুৱাজনে এই কথাৰ সম্ভেদ পাই তেওঁক ঔষধৰ সৈতে বিহ মিহলাই খুৱাই হত্যা কৰে।
ক্ষিপ্ৰ তথ্য চাওফা চুহুংফা, ৰাজত্ব ...
চাওফা চুহুংফা | |
---|---|
চাওফা | |
ৰাজত্ব | ১৬৭৪-১৬৭৫ |
অভিষেক | ১৬৭৪ |
উত্তৰসূৰী | গোবৰ ৰজা |
সম্পূৰ্ণ নাম | |
চাওফা চুহুংফা | |
বাসগৃহ | চামগুৰীয়া ফৈদ, আহোম ৰাজবংশ |
সমাধিস্থল | চে-ৰায়-দয় |
ধৰ্ম | আহোম ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক