বুৰঞ্জী
ইতিহাসৰ একপ্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটোক ইতিহাস নামৰ প্ৰবন্ধৰ সৈতে খেলি-মেলি নকৰে যেন।
বুৰঞ্জী বা বুৰণ -জি (আহোম: 𑜈𑜥𑜍𑜨𑜃𑜫𑜊𑜣 būronjʸī)[1] হৈছে ইতিহাসৰ একপ্ৰকাৰৰ কালক্ৰমিক লিখিত বিৱৰণ। বুৰঞ্জী শব্দটোৰ মূল টাই-চীন আহোম ভাষা। ৰাজকীয় বুৰঞ্জী সমূহ টাই আহোম ভাষাত লিপিবদ্ধ আছিল আৰু পৰৱৰ্ত্তী পৰ্যায়ত আহোম ম'-লৌঙ সকলেও বুৰঞ্জী লিখিছিল, যদিও আধুনিক যুগত কিছু সম্পাদিত আৰু প্ৰকাশিত কিতাপৰ পাছত বুৰঞ্জী শব্দটো ব্যৱহাৰ কৰা হয় কিন্তু সেয়া আধুনিক বুৰঞ্জীহে ৰাজকীয় সাঁচিপতিয়া বুৰঞ্জী নহয়[2][3][4]। সেই সময়ত এনেধৰণৰ বুৰঞ্জী লিখা প্ৰথা সেইসময়ত বিৰল আছিল আৰু লগতে টাই আহোমৰ উপৰিও আন বহুতো জাতি জনগোষ্ঠীৰ অতীতৰ বিষয়ে বিশ্বাসযোগ্য তথ্যৰ উৎস হিচাপে বৰ্তমান সময়ত পৰিগণিত হৈছে।