![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Ahom_insignia_plain.svg/langas-640px-Ahom_insignia_plain.svg.png&w=640&q=50)
চ্যু-দৈ-ফা
আহোম ৰজা / From Wikipedia, the free encyclopedia
চুদৈফা বা তেজ সিংহ (ইংৰাজী: Sudoiphaa) আহোম ৰাজবংশৰ এজন স্বৰ্গদেউ আছিল আৰু তেওঁ ১৬৭৭-১৬৭৯ চনলৈকে ৰাজ্য শাসন কৰিছিল। চুজিন্ফাক ক্ষমতাচ্যুত কৰাৰ পিছত আতন বুঢ়াগোহাঁয়ে চুদৈফাক ৰাজ-সিংহাসনত বহুৱায়। এইজন স্বৰ্গদেউৰ শাসনকালতে আতন বুঢ়াগোহাঁইৰ একচ্ছত্ৰী কাৰ্যকালৰ অন্ত হয় আৰু ৰাজপাটৰ আঁৰৰ আচল কৰ্ত্তৃত্ব হিচাপে গুৱাহাটী তথা নামনি অসমৰ ৰাজ-প্ৰতিনিধি লালুকসোলা বৰফুকনৰ উত্থান ঘটে। ক্ষমতাৰ লোভত লালুকসোলা বৰফুকনে ৰাজদ্ৰোহ আচৰণেৰে গুৱাহাটীৰ দুৰ্গ আৰু আতন বুঢ়াগোহাঁইকে মুখ্য কৰি অন্যান্য সম্ভ্ৰান্ত বিষয়াক বন্দী হিচাপে মোগলৰ হাতত গতাই দিয়ে। পিছলৈ ক্ষমতা পুনৰুদ্ধাৰ আৰু বৰফুকনক বিদেশীৰে মিত্ৰতা কৰি ৰাজদ্ৰোহ আচৰাৰ শাস্তি দিবলৈ কৰা প্ৰচেষ্টাত চুদৈফা উচ্চাকাংক্ষী বিষয়াজনৰ হাতত ক্ষমতাচ্যুত হ'ব লগা হয়।
ক্ষিপ্ৰ তথ্য চাওফা চুদৈফা, ৰাজত্ব ...
চাওফা চুদৈফা | |
---|---|
চাওফা | |
ৰাজত্ব | ১৬৭৭-১৬৭৯ |
অভিষেক | ১৬৭৭ |
উত্তৰসূৰী | চুলিক্ফা |
সম্পূৰ্ণ নাম | |
চাওফা চুদৈফা | |
বাসগৃহ | চে-ৰায়-দয় |
পিতৃ | চুক্ৰং কোঁৱৰ |
সমাধিস্থল | চে-ৰায়-দয় |
ধৰ্ম | আহোম ধৰ্ম, হিন্দু ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক