![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/8b/Ahom_insignia_plain.svg/langas-640px-Ahom_insignia_plain.svg.png&w=640&q=50)
চ্যু-চেং-ফা
আহোম ৰজা / From Wikipedia, the free encyclopedia
চাওফা চ্যু-চেং-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜂𑜫 𑜇𑜡 ,ৰাজত্বকাল ১৬০৩-১৬৪১) বুঢ়া ৰজা আহোম ৰাজ্যৰ সপ্তদশ ৰজা আছিল। বয়সীয়া কালত ৰজা হোৱা বাবে বুৰঞ্জীত তেওঁক বুঢ়া ৰজাও বোলা হৈছে। তেওঁৰ ৰাজত্বকালত আহোম ৰাজ্যৰ সীমা পশ্চিমলৈ বিস্তৃত হয়, আহোম-মোগল সংঘাতৰ সূত্ৰপাত ঘটে, আৰু মোমাই তামুলী বৰবৰুৱাৰ পৰিকল্পনামতে পাইক প্ৰথা আৰু নতুন গ্ৰাম্য অৰ্থনীতিৰে ৰাজ্যৰ আন্তঃগাঁথনি সলোৱা হয়। তেওঁ বৰবৰুৱা আৰু বৰফুকন এই দুটা নতুন পদৰ সৃষ্টি কৰিছিল। কোচ হাজোৰ শাসকৰ লগত মিত্ৰতাৰে তেওঁ মোগল আগ্ৰাসন ওফৰাবলৈ সক্ষম হৈছিল। তেওঁ প্ৰচলন কৰা প্ৰশাসনিক গাঁথনি ১৮২৬ চনৰ আহোম ৰাজ্যৰ অন্তলৈকে বৰ্তি থাকে।
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক