শিৱ পুৰাণ
From Wikipedia, the free encyclopedia
শিৱপুৰাণ হিন্দু ধৰ্মৰ সংস্কৃত গ্ৰন্থৰ পুৰাণ ধাৰাৰ আঠাইশখন প্ৰধান গ্ৰন্থৰ ভিতৰত অন্যতম। এই পুৰাণখন শৈৱবাদৰ সাহিত্যৰ অংশ।[1] ই মূলতঃ হিন্দু দেৱতা শিৱ আৰু দেৱী পাৰ্বতীৰ ওপৰত কেন্দ্ৰীত। সেয়ে হ'লেও ই সকলো দেৱতাৰ উল্লেখ আৰু শ্ৰদ্ধা কৰিছে।[2][3][4]
হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
শাস্ত্ৰ
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||
গুৰু
| |||||||||||||||||||||||
অন্যান্য প্ৰসঙ্গ
| |||||||||||||||||||||||
শিৱপুৰাণে দৃঢ়তাৰে কয় যে ই এসময়ত বাৰখন সংহিতাত উল্লেখ কৰা এক লাখ পদেৰে গঠিত আছিল। অৱশ্যে পুৰাণত আৰু কোৱা হৈছে যে ৰোমাহৰ্ষণক শিকোৱাৰ আগতে ব্যাস ঋষিয়ে ইয়াক সংক্ষিপ্ত কৰিছিল।[1] বৰ্তমানে থকা পাণ্ডুলিপিসমূহ বহুতো ভিন্ন সংস্কৰণ আৰু বিষয়বস্তুত বিদ্যমান।[5] এটা ডাঙৰ সংস্কৰণত সাতটা খণ্ড (দক্ষিণ ভাৰত) থকাৰ বিপৰীতে আন এটাত ছটা খণ্ড আছ। আনহাতে তৃতীয় সংস্কৰণটোত ভাৰতীয় উপমহাদেশৰ মধ্যযুগীয় বংগ অঞ্চলত পোৱা গৈছে য'ত পূৰ্ব-খণ্ড (পূৰ্বৰ খণ্ড) আৰু উত্তৰ-খণ্ড (পৰৱৰ্তী অংশ) নামৰ দুটা বৃহৎ খণ্ড পোৱা গৈছে।[1][6] প্ৰথম সংস্কৰণ দুটাত কিছুমান খণ্ডৰ শিৰোনাম একে আৰু আন কিছুমানৰ শিৰোনাম ভিন্ন।[1] হিন্দু সাহিত্যৰ অন্যান্য পুৰাণৰ দৰেই শিৱপুৰাণ সম্ভৱতঃ এনে এক গ্ৰন্থ আছিল যাক দীৰ্ঘ সময়ৰ বাবে নিয়মিতভাৱে সম্পাদনা, পুনৰ্গঠন আৰু সংশোধন কৰা হৈছিল।[7][8] ক্লাউছ ক্লষ্টাৰমেয়াৰে অনুমান কৰিছে যে ইয়াৰ আটাইতকৈ পুৰণি পাণ্ডুলিপিটো সম্ভৱতঃ খ্ৰীষ্টীয় দশমৰ পৰা একাদশ শতিকাৰ আশে-পাশে ৰচনা কৰা হৈছিল।[9][4] বৰ্তমান বিদ্যমান শিৱপুৰাণৰ পাণ্ডুলিপিৰ কিছুমান অধ্যায় সম্ভৱতঃ চতুৰ্দশ শতিকাৰ পিছত ৰচনা কৰা হৈছিল।[6]
শিৱপুৰাণত শিৱকেন্দ্ৰিক ব্ৰহ্মাণ্ডবিজ্ঞান, পৌৰাণিক কাহিনী, দেৱতাৰ মাজৰ সম্পৰ্ক, নৈতিকতা, যোগ, তীৰ্থ স্থান, ভক্তি, নদী আৰু ভূগোল আদি বিষয়ৰ অধ্যায় আছে।[10][2][11] এই গ্ৰন্থখন খ্ৰীষ্টীয় ২য় সহস্ৰাব্দৰ আৰম্ভণিতে শৈৱ ধৰ্মৰ আঁৰৰ বিভিন্ন প্ৰকাৰ আৰু ধৰ্মতত্ত্বৰ ঐতিহাসিক তথ্যৰ এক গুৰুত্বপূৰ্ণ উৎস।[12] শিৱপুৰাণৰ আটাইতকৈ পুৰণি তথা বিদ্যমান অধ্যায়সমূহত উল্লেখযোগ্য অদ্বৈত বেদান্ত দৰ্শন আছে,[6] আৰু ই ভক্তিৰ ঈশ্বৰবাদী উপাদানসমূহৰ সৈতে মিশ্ৰিত হৈ আছে।[13]
ঊনবিংশ আৰু বিংশ শতিকাত বায়ুপুৰাণক কেতিয়াবা শিৱপুৰাণ বুলিও আখ্যা দিয়া হৈছিল। কোনো কোনো সময়ত ইয়াক সম্পূৰ্ণ শিৱপুৰাণৰ অংশ হিচাপে প্ৰস্তাৱিত কৰা হৈছিল।[14] অধিকসংখ্যক পাণ্ডুলিপিৰ আৱিষ্কাৰৰ লগে লগে আধুনিক পণ্ডিতসকলে দুয়োখন গ্ৰন্থক পৃথক বুলি গণ্য কৰে।[1] বায়ুপুৰাণক খ্ৰীষ্টীয় দ্বিতীয় শতিকাৰ আগৰ কোনোবা এটা সময়ত ৰচিত অধিক পুৰণি গ্ৰন্থ হিচাপে গণ্য কৰা হয়।[12][15][16] কিছুসংখ্যক পণ্ডিতে ইয়াক মহাপুৰাণ বুলি তালিকাভুক্ত কৰিছে। আনহাতে কিছুসংখ্যকে ইয়াক উপপুৰাণ বুলি উল্লেখ কৰিছে।[6][17]