গণেশ চতুৰ্থী
From Wikipedia, the free encyclopedia
গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে এটা হিন্দুসকলৰ উত্সৱ। এই সময়ত গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উত্সৱ পালন কৰা হয়। এই উৎসৱৰ সময়ত ঘৰত ব্যক্তিগতভাৱে গণেশৰ মাটিৰ প্ৰতিমা স্থাপন কৰা হয় বা ৰাজহুৱাভাৱে বিস্তৃত অঞ্চলত পাণ্ডল(অস্থায়ী পৰ্যায়) স্থাপন কৰি গণেশক পূজা কৰা হয়। পূজাৰ সময়ত ব্ৰত পালন কৰি সকলোৱে বেদ শাস্ত্ৰৰ অনুসৰি হিন্দু মন্ত্ৰ, প্ৰাৰ্থনা আদি গায়।[1]এই পূজাত প্ৰসাদ হিচাপে বিশেষভাৱে "মোডক" মিঠাইবিধ আগবঢ়াই, কিয়নো মোডক ভগবান গণেশৰ প্ৰিয় বুলি বিশ্বাস কৰা হয়।[2][3]এই উত্সৱৰ দশমদিনা অন্ত পৰে আৰু সেইদিনা সকলোৱে মিলি গণেশ দেৱতাক আনন্দ উলাহেৰে, বাজনা-নৃত্য, হৰ্ষ-ধ্বনিৰে নদী বা সাগৰত বিসৰ্জন দিয়া হয়। ভগৱান গণেশক নতুনত্বৰ আৰম্ভণিৰ ঈশ্বৰ আৰু বাধা ৰক্ষক আৰু লগতে জ্ঞান আৰু বুদ্ধিমত্তাৰ ঈশ্বৰ বুলি মানি এই উত্সৱ উদযাপন কৰা হয়।