দুৰ্গা পূজা
বাৰ্ষিক হিন্দু উৎসৱ / From Wikipedia, the free encyclopedia
হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গাপূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা, বিহাৰ আৰু ঝাৰখণ্ডত দুৰ্গাপূজা সৰ্বাধিক জাকত-জিলিকা হয় আৰু পাঁচদিন-জোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গাপূজা পালন কৰে।
দুৰ্গা পূজা | |
---|---|
বাগ বজাৰ সৰ্বজনীন দুৰ্গা প্ৰতিমা, ২০১৮ | |
অন্য নাম | শাৰদোৎসৱ, বিজয়া দশমী, |
পালন কৰে | হিন্দু সম্প্ৰদায়ে |
প্ৰকাৰ | হিন্দু উৎসৱ (প্ৰধানত পশ্চিমবংগ, অসম আৰু বিহাৰত উদযাপন কৰা হয়) |
আৰম্ভ হয় | সাধাৰণতে মহা ষষ্ঠীত (ক্ষেত্ৰ বিশেষে কুলাচাৰ অনুসৰি, ভাদৰ কৃষ্ণাষ্টমী বা মহালয়া) |
শেষ হয় | বিজয়া দশমী |
তাৰিখ | আহিনৰ শুক্ল পক্ষ অথবা চ'তৰ শুক্ল পক্ষ |
উদযাপন | প্ৰথা অনুসাৰে পালন কৰা হয়, দহ বা পাঁচ দিন |
সম্পৰ্কিত | মহালয়া, দশেৰা, জগদ্ধাত্ৰী পূজা |
সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয়। আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মৰ শাক্তবাদ পৰম্পৰাত দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ উৎসৱ। কলকাতাৰ দুৰ্গা পূজা ২০২১ চনত ইউনেস্ক’ৰ বিমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত সন্নিবিষ্ট হৈছে।