তুলসীদাস
হিন্দু বৈষ্ণৱ কবি / From Wikipedia, the free encyclopedia
তুলসীদাস বা গোস্বামী তুলসীদাস হৈছে এজন হিন্দু বৈষ্ণৱ কবি। ভক্তি সাহিত্যৰ ৰামভক্তি ধাৰাৰ প্ৰধান কবিসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ সংস্কৃত বাল্মীকি ৰামায়ণৰ তেওঁ অৱধি ভাষালৈ কৰা ৰামচৰিত-মানসৰ অনুবাদৰ বাবে প্ৰধানকৈ প্ৰখ্যাত। তুলসীয়ে জীৱনৰ অধিক কাল বাৰানসীৰ আশী ঘাটৰ সমীপত কটায়। তেওঁৰ সাধনাৰ স্থানখিনি বৰ্তমান তুলসী ঘাট নামে প্ৰখ্যাত। বাৰানসীৰ এই ঘাটৰ নাতি দূৰৈত তেওঁৰ স্মৃতিত তুলসী-মানস মন্দিৰ নিৰ্মাণ কৰা হৈছে। বাৰানসীৰ সংকট মোচন হনুমান মিন্দৰ তেওঁ প্ৰতিষ্ঠা কৰা বুলি জনা যায়।