গণেশ
হিন্দুধৰ্মৰ দেৱতা / From Wikipedia, the free encyclopedia
গণেশ (সংস্কৃত: गणेश; আন্তৰ্জাতিক সংস্কৃত লিপ্যন্তৰ পদ্ধতি অনুসৰি: Gaṇeśa; শুনক (সহায়·তথ্য)) পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম।[1] ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়।[2] সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত।[3] জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত।[4] পুৰাণৰ বিৱৰণ অনুসৰি শিৱ আৰু পাৰ্বতীৰ জেষ্ঠ্য পুত্ৰ গণেশ আৰু কনিষ্ঠ পুত্ৰ কাৰ্তিক।
গণেশ | |
---|---|
গণেশ দেৱ | |
দেৱনাগৰী | गणेश |
গোত্ৰ | দেৱতা |
মন্ত্ৰ | ॐ गणेशाय नमः (Oṃ Gaṇeśāya Namaḥ) |
অস্ত্ৰ | পৰশু (কুঠাৰ) পাশ (lasso) অঙ্কুশ |
দাম্পত্যসঙ্গী | বুদ্ধি (wisdom) ৰিদ্ধি (prosperity) সিদ্ধি (attainment) |
বাহন | এন্দুৰ |
পুৰাণত উল্লেখ কৰা অনুসৰি গণেশ হৰ-পাৰ্বতীৰ পুত্ৰ। তেখেতৰ ৰূপ বিভিন্ন শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰৰ; তথাপিও সকলোতে তেওঁ গজমুণ্ড মনুষ্যাকাৰ দেৱতা। তেখেতৰ বাহন মূষিক বা এন্দুৰ; অথবা কোনো কোনো ঠাইত সিংহ।[5] গণেশক সৰ্ববিঘ্নহন্তা বুলি বিশ্বাস কৰা হয়।[6] তেওঁ সাধাৰণভাবে প্ৰাৰম্ভৰ দেৱতা, বিঘ্নৰ দেৱতা (বিঘ্নেশ বা বিঘ্নেশ্বৰ),[7]গণেশ মূলত: শিল্পকলা, বিজ্ঞানৰ পৃষ্ঠপোষক, মহাবল, মেধা আৰু বুদ্ধিৰ দেৱতা।[8] পূজা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত গণেশৰ পূজা সবাতোকৈ আগত কৰা কৰ্তব্য বুলি বিবেচিত হয়। লিখাৰ সময়তো তেওঁক আখৰৰ পৃষ্ঠপোষকৰূপে আৱাহন কৰাৰ ৰীতি আছে।[9] একাধিক পৌৰাণিক সূত্ৰৰ পৰা তেখেতৰ জন্ম, কীৰ্তিকলাপ আৰু মূৰ্তিতত্ত্বৰ ব্যাখ্যা পোৱা যায়। গণেশৰ অন্যান্য নামসমূহ হ’ল গণপতি, বিনায়ক, মহাগণপতি, বিৰিগণপতি, শক্তিগণপতি, বিদ্যাগণপতি, হৰিদ্ৰাগণপতি, উচ্ছিষ্টগণপতি, লক্ষ্মীবিনায়ক, হেৰম্ব, বক্ৰতুণ্ড, একদন্ত, মহোদৰ, গজানন, লম্বোদৰ, বিকট আৰু বিঘ্নৰাজ। দুৰ্গা (অম্বিকা) আৰু চামুণ্ডা, এই দুজনাই গণেশক পালন কৰিছিল বাবে তেওঁ দ্বৈমাতুৰ নামেও অভিহিত।
পৃথক দেৱতা ৰূপে গণেশৰ উদ্ভৱ খ্ৰীষ্টিয় চতুৰ্থ আৰু পঞ্চম শতাব্দীৰ গুপ্তযুগত হৈছিল। যদিও একাধিক বৈদিক আৰু প্ৰাক-বৈদিক উৎসৰ পৰাও গণেশৰ উল্লেখ পোৱা যায়।[10] তেখেতৰ জনপ্ৰিয়তা দ্ৰুতভাবে বৃদ্ধি পায় আৰু নৱম শতাব্দীত। পাঁচজন প্ৰধান দেৱতাৰ অন্যতম দেৱতা ৰূপে গণ্য কৰা হয়। এই সময়ত গণেশক সৰ্বোচ্চ দেৱতা স্বীকাৰ কৰি গাণপত্য (সংস্কৃত: गाणपत्य; আন্তৰ্জাতিক সংস্কৃত লিপ্যন্তৰণ পদ্ধতি অনুসৰি: gāṇapatya) সম্প্ৰদায়ৰ উদ্ভৱ ঘটে।[11] গণেশ সংক্ৰান্তিয় প্ৰধান ধৰ্মগ্ৰন্থসমূহ হ’ল গণেশ পুৰাণ, মুদগল পুৰাণ, আৰু গণপতি অথৰ্বশীৰ্ষ।
পুৰাণ কাব্যটো গণেশৰ উপস্থিতি লক্ষণীয়। তেওঁক অন্যতম শ্ৰেষ্ঠ ভাৰতীয় মহাকাব্য মহাভাৰত-ৰ লিপিকাৰ ৰূপে কল্পিত হয়। ভাৰতৰ সকলোতে তেখেতৰ পূজা প্ৰচলিত। তাৰপাছত মহাৰাষ্ট্ৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত গণেশ পূজা জাতীয় উৎসৱ ৰূপে উদযাপিত হয়। পশ্চিমবংগ, অসম আৰু বাংলাদেশ আদি ঠাইত অসমীয়া তথা বাংলাৰ নৱবৰ্ষৰ দিনটোত গণেশ পূজা প্ৰচলিত। ইয়াৰ বাদেও দুৰ্গোৎসৱত সপৰিয়ালে দেৱী দুৰ্গাৰ লগত গণেশৰো পূজা অৰ্চনা কৰা হয়। গণেশৰ গায়ত্ৰী মন্ত্ৰটো হ’ল – মহৎকায়া বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্নো দন্তী প্ৰচোদয়াৎ।