From Wikipedia, the free encyclopedia
গৰুড় (সংস্কৃত: गरुड ) হৈছে হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মবিশ্বাসৰ এক কিংবদন্তিমূলক জীৱ। গৰুড়ক মান ভাষাত গেলন বা নান বেলু আৰু জাপানী ভাষাত কাৰুৰা বোলা হয়।[1][2][3] তেওঁ হৈছে হিন্দুসকলৰ দেৱতা বিষ্ণুৰ বাহন, বৌদ্ধসকলৰ এজন ধৰ্মৰক্ষক তথা অষ্টসেন আৰু জৈনসকলৰ তীৰ্থংকৰ শান্তিনাথৰ যক্ষ।[2][3][4] শঙ্খচিলনীক গৰুড়ৰ প্ৰতিনিধি বুলি বিশ্বাস কৰা হয়।
গৰুড় | |
---|---|
দেৱনাগৰী | गरुड़ |
সম্পৰ্ক |
|
পিতৃ-মাতৃ | কাশ্যপ আৰু বিনতা |
সহোদৰ | অৰুণ |
গৰুড়ক সকলো পক্ষীৰে ৰজা আৰু এক শঙ্খচিলনীৰ দৰে শৰীৰৰ বুলি বৰ্ণনা কৰা হৈছে।[5][6] তেওঁক আধামেলা ডেউকাৰে এক প্ৰকাণ্ড পক্ষী অথবা ডেউকা আৰু পক্ষীৰ অন্যান্য বৈশিষ্ট্যযুক্ত এক মানুহৰ ৰূপত চিত্ৰিত কৰা হয়। গৰুড়ক এজন ৰক্ষকৰ ৰূপত বৰ্ণনা কৰা হয় আৰু তেওঁৰ শণিকতে যিকোনো ঠাইলৈ যাব পৰা শক্তি আছে। তেওঁক সৰ্পৰ চিৰবৈৰী বুলি গণ্য কৰা হয়।[1][6][7] তেওঁক তৰ্কক্ষ আৰু বিনতেয় নামেৰেও জনা যায়।[8]
গৰুড় আংশিকভাৱে ভাৰত, থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ জাতীয় চিহ্নসমূহতো অন্তৰ্ভুক্ত। ইণ্ডোনেচিয়াৰ সামৰিক পোছাকৰ কেন্দ্ৰবিন্দু গৰুড়। ইয়াৰোপৰি দেশখনৰ ৰাষ্ট্ৰীয় চিহ্নৰ নাম গৰুড় পেনকাচিলা। ভাৰতীয় বায়ুসেনাৰ পোছাকত গৰুড়ৰ চিহ্ন ব্যৱহাৰ হোৱাৰ লগতে বিশেষ অভিযান বাহিনীক গৰুড়ৰ নামেৰে নামকৰণ (যেনে গৰুড় কমাণ্ডো ফ'ৰ্চ) কৰা হয়।[9] গৰুড়ৰ সৈতে হাড়গিলাৰো ওতপ্ৰোত সম্পৰ্ক আছে।[10][11]
হিন্দু ধৰ্মত গৰুড় হৈছে এক দৈৱিক ঈগলসদৃশ পক্ষী আৰু পক্ষীকুলৰ ৰজা।[5] ঋকবেদত গৰুতমান নামৰ এক চৰিত্ৰৰ কথা উল্লেখ আছে যাক পাখিথকা মহাজাগতিক দেৱতা বুলি বৰ্ণনা কৰা হৈছে।[12][13] যজুৰ্বেদৰ অন্তৰ্গত শতাপথ ব্ৰাহ্মণত গৰুড়ক সাহসৰ মূৰ্তমান স্বৰূপ বুলি উল্লেখ কৰা হৈছে। মহাভাৰতত গৰুতমান গৰুড়ৰ সৈতে একে বুলি কোৱা হৈছে। তেওঁ দ্ৰুতবেগী, যিকোনো ৰূপ ধাৰণ কৰিব পৰা আৰু যিকোনো স্থানত প্ৰৱেশ কৰিব পৰা শক্তিৰ অধিকাৰী বুলি বৰ্ণনা কৰা হয়।[12] তেওঁ মহাকাব্যসমূহৰ এক শক্তিশালী প্ৰাণী যাৰ ডেউকাৰ কোবত স্বৰ্গ, পৃথিৱী আৰু নৰকৰ আৱৰ্তন স্তব্ধ হ'ব পাৰে। তেওঁক হিন্দু দেৱতা বিষ্ণুৰ বাহন বুলি কোৱা হয় আৰু সাধাৰণতে তেওঁলোকক একেলগে চিত্ৰিত হয়।[12]
জৰ্জ উইলিয়ামছৰ মতে, গৰুড়ৰ মূল হৈছে ক্ৰিয়া গ্ৰী অৰ্থাৎ কোৱা।[13] বৈদিক সাহিত্যত ঋক (ছন্দ), সামন (শব্দ), যজ্ঞ (ত্যাগ), আৰু আত্মাৰ (চেতনাৰ গভীৰতম স্তৰ) বাবে গৰুড় এক ৰূপক। উইলিয়ামছে কয় যে পুৰাণসমূহত গৰুড় নিজে আত্মা হিচাপে পৰমাত্মাৰ (বিষ্ণু) সৈতে সংলগ্ন আৰু অবিচ্ছেদ্য।[13][14] যদিও গৰুড় বৈষ্ণৱ আখ্যানসমূহৰ এক অপৰিহাৰ্য অংশ তথাপিও তেওঁক শৈৱ আখ্যান, গৰুড় তন্ত্ৰ আৰু কিৰণ তন্ত্ৰৰ দৰে শৈৱ পন্থাৰ গ্ৰন্থ আৰু আত্মাৰ ৰূপক হিচাপে শিৱ মন্দিৰসমূহক পক্ষীৰ ৰূপত চিত্ৰিত কৰা হয়।[14][15][16]
হিন্দু সাহিত্যসমূহৰ বিৱৰণত গৰুড়ৰ চিত্ৰায়ন পৃথক। পক্ষীৰ ৰূপত তেওঁ দেখাত ঈগলৰ দৰে আৰু সাধাৰণতে ডেউকা সামান্য খোলা, যেন তেওঁ যলৈকে প্ৰয়োজন হয় উৰি যাবলৈ সাজু আৰু ইচ্ছুক।[6] অৰ্ধমানৱ ৰূপত তেওঁৰ নাক, ঠোঁট বা ভৰি ঈগলৰ দৰে, চকু মেলা আৰু ডাঙৰ, শৰীৰ পান্নাৰঙী, আৰু পাখিবোৰ সোণালী-হালধীয়া। তেওঁ দ্বিভুজ অথবা চতুৰ্ভুজ।[6] তেওঁৰ পিঠিত যেতিয়া বিষ্ণুৱে আৰোহণ নকৰে তেতিয়া তেওঁ পিছৰ হাত দুখনৰ এখনত অমৃতৰ কলহ আৰু আনখনত ছত্ৰ ধাৰণ কৰে আৰু সন্মুখৰ হাত দুখন অঞ্জলিৰ (নমস্কাৰ) ভঙ্গীত থাকে। বিষ্ণুক কঢ়িয়াই আনোতে তেওঁ হাত দুখনেৰে বিষ্ণুৰ পদযুগল ধৰি থাকে।[6][7]
শিল্পৰত্ন নামৰ লেখা অনুসৰি গৰুড়ক দ্বিভুজ আৰু চাৰিটা ৰঙেৰে চিত্ৰিত কৰা হৈছে। তেওঁৰ ভৰিৰ পৰা আঁঠুলৈ সোণালী হালধীয়া ৰং, আঁঠুৰ পৰা নাভিলৈ শুকুলা, নাভিৰ পৰা ডিঙিলৈ ৰঙা, আৰু ডিঙিৰ ওপৰছোৱা ক'লা। এই লেখনিৰ মতে তেওঁৰ হাত অভয় মুদ্ৰাত থাকিব লাগে।[6] সৃতাৱনিধিৰ মতে গৰুড় আঁঠু কাঢ়ি থকা থাকে আৰু তেওঁ এক বা একাধিক সৰ্প পৰিধাণ কৰে। তেওঁৰ নাক চৰাইৰ জোঙা ঠোঁটৰ দৰে আৰু তেওঁৰ দুখন হাত নমস্কাৰৰ ভঙ্গীত থাকে। এই ৰূপ সাধাৰণতে বিষ্ণুৰ প্ৰতি উচৰ্গিত হিন্দু মন্দিৰসমূহত পোৱা যায়।[6]
কেতিয়াবা গৰুড়ে ভগৱান বিষ্ণু আৰু কাষত তেওঁৰ দুগৰাকী সহধৰ্মিনী লক্ষ্মী আৰু ভূদেৱীকো কঢ়িয়াই নিয়ে।[8]
গৰুড়ৰ চিত্ৰন ভাৰতৰ পৌৰাণিক মন্দিৰত পোৱা যায়। বাদামী গুহা মন্দিৰৰ (ষষ্ঠ শতিকাত নিৰ্মিত) তৃতীয় প্ৰৱেশদ্বাৰৰ তলত গৰুড়ৰ উপস্থিতি দেখা যায়।[6][18]
গৰুড়ৰ আখ্যান সূৰ্যৰ সাৰথি অৰুণৰ সৈতে সম্পৰ্কিত। অৱশ্যে এই আখ্যানসমূহ ভিন্ন গ্ৰন্থত ভিন্নধৰণেৰে পোৱা যায়। অৰুণ আৰু গৰুড় দুয়োজনেই অণ্ডজ। জৰ্জ উইলিয়ামছে সম্পৰ্ক দেখুওৱা এক সংস্কৰণ অনুসৰি কাশ্যপ প্ৰজাপতিৰ দুই পত্নী বিনতা আৰু কদ্ৰুৱে সন্তান জন্ম দিব বিচাৰিছিল আৰু কাশ্যপে তেওঁলোকৰ প্ৰত্যেককে আশীৰ্বাদ প্ৰদান কৰিছিল।[19] কদ্ৰুৱে এক হাজাৰ নাগ পুত্ৰ বিচৰাৰ বিপৰীতে বিনতাই মাত্ৰ দুই সন্তান বিচাৰিছিল যাৰ প্ৰত্যেকেই কদ্ৰুৰ হাজাৰ পুত্ৰৰ সমান। কাশ্যপে তেওঁলোকক আশীৰ্বাদ কৰি ধ্যান কৰিবলৈ অৰণ্যলৈ ঘূৰি গ'ল। পৰৱৰ্তী সময়ত কদ্ৰুৱে এক হাজাৰ আৰু বিনতাই দুটা অণ্ড প্ৰসৱ কৰে। পাঁচশ বছৰ ধৰি উমনি দিয়াৰ পিছত কদ্ৰুৰ এহাজাৰ পুত্ৰৰ জন্ম হয়। বিনতাই অধৈৰ্য্য হৈ নিজৰ এটা অণ্ড ভাঙি চালে। এই অণ্ডৰ পৰা ৰাতিপুৱাৰ সূৰ্যৰ দৰে উজ্জ্বল আৰু ৰঙা, কিন্তু দুপৰীয়াৰ সূৰ্যৰ সমান প্ৰখৰতা নথকা অৰুণ নিৰ্গত হয়।[19][20] অৰুণে তেওঁৰ মাক বিনতাক অধৈৰ্য্য হোৱাৰ বাবে ককৰ্থনা কৰে আৰু দ্বিতীয় অণ্ডটো নাভাঙিবলৈ সতৰ্ক কৰি দিয়ে। ইয়াৰ পিছত তেওঁ নিজৰ জন্ম হ'বলগীয়া ভাতৃয়ে তেওঁক উদ্ধাৰ নকৰালৈকে দাসী হৈ থাকিবলৈ বিনতাক অভিশাপ দি অৰুণ সূৰ্য দেৱতাৰ সাৰথি হ'বলৈ গুচি যায়।
বহু বছৰৰ অপেক্ষাৰ অন্তত দ্বিতীয় অণ্ডটোৰ পৰা গৰুড়ৰ জন্ম হয়। ইফালে কদ্ৰুৱে চলেৰে বাজিত হৰুৱাই বিনতাক নিজৰ দাসী কৰি লয়। গৰুড়ে পিছত তেওঁৰ সতীয়া ভ্ৰাতৃ নাগসকলক তেওঁৰ মাতৃক দাসত্ত্বৰ পৰা মুক্ত কৰিবলৈ কয় আৰু ইয়াৰ প্ৰতিদানস্বৰূপে তেওঁলোকে অমৃতৰ দাবী উত্থাপন কৰে। গৰুড়ে তেওঁৰ অসাধাৰণ শক্তি আৰু সামৰ্থ্যৰ দ্বাৰা দেৱতাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে আৰু ইন্দ্ৰকে ধৰি তেওঁলোকৰ সকলোকে পৰাজিত কৰে। তাৰ পিছত তেওঁ ইন্দ্ৰৰ অমৃত পাত্ৰটো লৈ পৃথিৱীলৈ উৰা মাৰে। এনেতে বিষ্ণু গৰুড়ৰ কাষলৈ আহি তেওঁক তেওঁৰ বাহন হ'বলৈ অনুৰোধ কৰে আৰু গৰুড় এই প্ৰস্তাৱত সন্মত হয়। ইফালে ইন্দ্ৰই গৰুড়ক অমৃত নাগসকলক নিদিবলৈ অনুৰোধ কৰে কিয়নো ই পিছলৈ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব। সেয়েহে তেওঁলোকে এটা পৰিকল্পনা প্ৰস্তুত কৰে। সতীয়া ভ্ৰাতৃসকলৰ কাষ পোৱাৰ পিছত গৰুড়ে তেওঁলোকৰ সন্মুখত অমৃতৰ পাত্ৰটো ৰাখে আৰু তেওঁলোকক অমৃত পান কৰাৰ আগতে প্ৰথমে নিজকে শুদ্ধি হ'বলৈ কয়। ইফালে ইন্দ্ৰৰ পুত্ৰ জয়ন্তই অমৃতৰ পাত্ৰটো পুনৰাই চুৰ কৰি নিয়ে। উভতি অহাৰ পিছত নাগসকলক গৰুড়ে গ্ৰাস কৰে।[19][21]
কিছুমান আখ্যানৰ মতে গৰুড় ইমানেই বিশালাকায় যে তেওঁ সূৰ্যকো ঢাকি পেলাব পাৰে।[22] গৰুড় পুৰাণ তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।[23]
গৰুড়ক মহাভাৰতত সৰ্পভক্ষী হিচাপে উপস্থাপন কৰা হৈছে। ইয়াত তেওঁ সুমুখ সৰ্পক হত্যা কৰি ভক্ষণ কৰাৰ পৰিকল্পনা কৰে আৰু ইন্দ্ৰই এই কাৰ্যত হস্তক্ষেপ কৰে। গৰুড় খঙত তেওঁৰ বিষয়ে বৰ্ণনা কৰে আৰু নিজকে ইন্দ্ৰৰ সমকক্ষৰূপে জ্ঞান কৰে। বিষ্ণুৱে নিজৰ শক্তিৰ ওপৰত গৰুড়ৰ দৰ্পচূৰ্ণ কৰে।[24] মহাকাব্যখনত গৰুড় নামৰ সৰ্প ভক্ষণ কৰা চৰাইৰ এক প্ৰজাতিৰ বিষয়েও কোৱা হৈছে।[24]
ভাৰতত মহাকাব্যৰ প্ৰাচীনতম নিদৰ্শন হিচাপে বিবেচিত বৈদিক যুগৰ সুপৰ্ণক্ষণ নামৰ কবিতাটো গৰুড়ৰ কিংবদন্তিৰ সৈতে সম্পৰ্কিত। ই মহাভাৰতত বৰ্ণিত আখ্যানটোৰ সম্প্ৰসাৰিত সংস্কৰণৰ আধাৰ।[25][26]
ধৰ্ম ৰক্ষাৰ বাবে অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া আৰু বিভিন্ন অৱতাৰৰ যোগেদি অশুভ শক্তিসমূহক বিনষ্ট কৰা বিষ্ণুৰ সৈতে গৰুড়ৰ সম্পৰ্কই তেওঁক ৰজাৰ কৰ্তব্য আৰু ক্ষমতাৰ এক প্ৰতিষ্ঠিত প্ৰতীক কৰি তুলিছে। স্বতন্ত্ৰ হিচাপে বা বিষ্ণুৰ সৈতে তেওঁৰ ঈগলসদৃশ ৰূপটোৱে ৰাজ্য এখনৰ ওপৰত তেওঁৰ শক্তিৰ দৈৱিক অনুমোদনকে সূচায়।[13] এক বা তিনিটা শিৰৰ, সকলোফালে দৃষ্টি ৰখা এক পক্ষী হিচাপে তেওঁৰ এই প্ৰতীকবাদী ৰূপ বহুতো পৌৰাণিক হিন্দু ৰাজ্যৰ মুদ্ৰাত পোৱা যায়।[27]
মহাভাৰতত গৰুড়ক অদম্য বিনাশী শক্তি, গতি আৰু সমৰ দক্ষতাৰ প্ৰতীক হিচাপে উপস্থাপন কৰা হৈছে। ছেদেলি-ভেদেলি শত্ৰুৰ ওপৰত দ্ৰুতগতিত জঁপিয়াই পৰা শক্তিশালী যোদ্ধাসকলক সৰ্পৰ ওপৰত জঁপিয়াই পৰা গৰুড়ৰ সৈতে তুলনা কৰা হয়। পৰাজিত যোদ্ধাসকল হৈছে গৰুড়ৰ দ্বাৰা বিধ্বস্ত সৰ্প। মহাভাৰতত দ্ৰোণাচাৰ্যই গৰুড় নামেৰে এটা সৈন্য-সজ্জা ব্যৱহাৰ কৰিছিল। কৃষ্ণই তেওঁৰ ধ্বজাত গৰুড়ৰ প্ৰতিচ্ছবি ব্যৱহাৰ কৰে। [উদ্ধৃতিৰ প্ৰয়োজন]
বৌদ্ধ গ্ৰন্থসমূহত গৰুল (গৰুড়) একপ্ৰকাৰৰ সোণালী ডেউকাযুক্ত পক্ষী। বৌদ্ধ ধাৰণা সমসাৰৰ অধীনত, তেওঁলোক হৈছে অষ্টাগত্যসমূহৰ ভিতৰত অন্যতম। বৌদ্ধ কলাত তেওঁলোকক বহি লৈ বুদ্ধৰ উপদেশবোৰ শুনি থকা ৰূপত চিত্ৰিত কৰা হৈছে। তেওঁলোক নাগৰ শত্ৰু আৰু কেতিয়াবা তেওঁলোকক নখৰ মাজত ধৰি ৰখা সৰ্প এটাৰ সৈতে চিত্ৰিত কৰা হয়। বৌদ্ধ পৰম্পৰাত হিন্দু কলাৰ দৰে দৈত্যাকাৰ ঈগলসদৃশ চৰাই আৰু অৰ্ধমানৱ ৰূপত গৰুড়ক সচৰাচৰ দেখা যায়।[1]
জৈন পৰম্পৰা আৰু আখ্যানত তীৰ্থংকৰ শান্তিনাথৰ যক্ষ বা ৰক্ষক।[2][3] জৈন ধৰ্মত গৰুড়ক ডেউকাৰ সৈতে মানৱ ৰূপত হিচাপে উপস্থাপন কৰা হয়।[28]
Seamless Wikipedia browsing. On steroids.