From Wikipedia, the free encyclopedia
ধৰ্মপাল আছিল হৰ্ষপালৰ পুত্ৰ আৰু পাল ৰাজবংশৰ এজন ৰজা। তেওঁক সেই বংশৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। তেওঁৰ আন এটা নাম আছিল বিক্ৰমশিলা। তেওঁ হিংহাসনত আৰোহণ কৰাৰ পাছত বঙ্গৰ ইতিহাসত এক নতুন যুগৰ সূচনা হয়। এখন আঞ্চলিক ৰাজ্যক তেওঁৰ কৃতিত্বৰে সৰ্বভাৰতীয় সাম্ৰাজ্যত পৰিণত কৰি তেওঁ নিজকে সাৰ্বৌভৌম ৰজা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। পালবংশৰ ৰজাসকল বৌদ্ধ ধৰ্মাৱলম্বী আছিল। তেওঁৰ আগত আৰু পিছত বংগদেশ এনে সুশাসক নাছিল। [উদ্ধৃতিৰ প্ৰয়োজন] ধৰ্মপালৰ সিংহাসন আৰোহণ সময়ত উত্তৰ ভাৰতত ৰাজনৈতিক আধিপত্য প্ৰতিষ্ঠাৰ বাবে তৃশক্তি দ্বন্দ্ব আৰম্ভ হয়। এই তৃশক্তিৰ মাজত পালশক্তি আছিল অন্যতম। ৰজপুটনাৰ পৰা প্ৰতিহাৰসকলে পূব দিশে ৰাজ্য বিস্তাৰ কৰি কনৌজ অধিকাৰ কৰাৰ চেষ্টা কৰে। ঠিক একেদৰে দক্ষিণ ভাৰতৰ পৰা ৰাষ্ট্ৰকূট শক্তিয়ে আহি পাল আৰু প্ৰতিহাৰ শক্তিক পৰাস্ত কৰি কনৌজ অধিকাৰ কৰাৰ চেষ্টা কৰে। এইদৰে পাল, প্ৰতিহাৰ, ৰাষ্ট্ৰকূট, এই ট্ৰিশক্তিৰ দ্বন্দ্ব আৰম্ভ হয়। ত্ৰিশক্তি দ্বন্দ্বৰ বৈশিষ্ট্য আছিল এয়ে যে এই তিনিটা শক্তিয়েই আছিল প্ৰান্তিক বা প্ৰান্তসীমাৰ। তিনিওটা শক্তিৰে লক্ষ্য আছিল মধ্যদেশ বা উত্তৰপ্ৰদেশ বিশেষতঃ কনৌজ অধিকাৰ কৰা, কাৰণ অষ্টম-নৱম শতিকাত হৰ্ষৰ ৰাজধানী সমগ্ৰ উত্তৰ ভাৰতৰ ৰাজনীতিৰ প্ৰাণকেন্দ্ৰ। তৃশক্তিৰ দ্বন্দ্বৰ ফলস্বৰূপে পাল ৰজা ধৰ্মপাল আৰু প্ৰতিহাৰ ৰাজবংশৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটে। এনে পৰিস্থিতিত দুৱাব অঞ্চলত প্ৰতিহাৰসকলৰ লগত ধৰ্মপালৰ প্ৰথমখন যুদ্ধ সংঘটিত হয় আৰু ধৰ্মপালে পৰাজয় বৰণ কৰে। ৰাষ্ট্ৰকূটসকল নিজ ৰাজ্যৰ পৰা বেছি দিন আঁতৰি থাকিব নোৱাৰি নিজ ৰাজ্যলৈ উভতি যোৱাত পালৰজা ধৰ্মপালে হৃত গৌৰৱ পুনৰ উদ্ধাৰ কৰে। [উদ্ধৃতিৰ প্ৰয়োজন]
Seamless Wikipedia browsing. On steroids.