From Wikipedia, the free encyclopedia
লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী।[2] তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী৷[3]
লক্ষ্মী দেৱী | |
---|---|
ধন-সম্পত্তি | |
লক্ষ্মী দেৱীৰ প্ৰতিমুৰ্তি | |
অন্য নাম | শ্ৰী, নাৰায়ণী, ভাৰ্গৱী, ভাগৱতী, পদ্মা, কমলা, বৈষ্ণৱী |
দেৱনাগৰী | लक्ष्मी |
সংস্কৃত লিপ্যন্তৰ | लक्ष्मी |
সম্পৰ্ক | দেৱী |
নিবাস | বৈকুণ্ঠ আৰু মণিদ্বীপ |
মন্ত্ৰ | ॐ श्रीं श्रियें नमः। ॐ श्रीं महालक्ष्म्यै नमः। ॐ श्री महालक्ष्म्यै नमः। |
সঙ্গী | বিষ্ণু |
সহোদৰ | অলক্ষ্মী আৰু জ্যেষ্ঠা |
আসন/বাহন | পদ্ম আৰু হাতী |
উৎসৱ | দেৱালী (লক্ষ্মী পূজা), শৰদ পূৰ্ণিমা, বৰলক্ষ্মী ব্ৰত, নৱৰাত্ৰি, সংক্ৰান্তি[1] |
লক্ষ্মী শব্দটো মূল সংস্কৃত শব্দ লক্ষ্ (সংস্কৃত: लक्ष् ) আৰু লক্ষ (সংস্কৃত: लक्ष ) -ৰ পৰা আহিছে৷ যাৰ অৰ্থ হৈছে- ক্ৰমান্বয়ে 'লক্ষ্য কৰা', 'দৰ্শন কৰা', 'ভালকৈ চোৱা', 'নিৰিক্ষণ কৰা'৷[4][5] লক্ষ্মীৰ মূল শব্দটোৱে নিজ লক্ষ্যক জনা আৰু বুজাটোক সূচায়।[6] ইয়াৰ সৈতে সম্পৰ্কিত আন এটা শব্দ হৈছে লক্ষণ; যাৰ অৰ্থ হৈছে- 'চিহ্নযুক্ত', 'শুভচিহ্ন যুক্ত', 'ভাগ্যবান'।[7][8]
Seamless Wikipedia browsing. On steroids.