কৌটিল্যৰ অৰ্থশাস্ত্ৰ
From Wikipedia, the free encyclopedia
অৰ্থশাস্ত্ৰ কৌটিল্যৰ দ্বাৰা ৰচিত এখন বিশ্ব-বিশ্ৰুত গ্ৰন্থ, এই গ্ৰন্থত প্ৰাচীন ভাৰতীয় ৰাজনীতি সম্পৰ্কে বিস্তৃত আৰু প্ৰামান্য তথ্য পাতি পোৱা যায়। ভাৰতীয ৰাজনীতি বিজ্ঞানৰ এইখনেই প্ৰাচীনতম আৰু প্ৰামাণিক গ্ৰন্থ। আধুনিক ৰাজনীতি বিজ্ঞানৰ প্ৰাচীন পাৰিভাষিক নাম আছিল 'অৰ্থশাস্ত্ৰ'। ভাৰতীয় পৰম্পৰাত অৰ্থশাস্ত্ৰ আলোচনাৰ বহুতো প্ৰাচীন নিদৰ্শন পোৱা যায়। কৌটিল্যৰ 'অৰ্থশাস্ত্ৰ'ত পূৰ্বাচাৰ্য্যসকলে প্ৰণয়ন কৰা বিভিন্ন অৰ্থশাস্ত্ৰ নাইবা দন্ডনীতিৰ উল্লেখ আছে আৰু কৌটিল্যৰ 'অৰ্থশাস্ত্ৰ'ক সেইবোৰৰ সংকলন বুলি কোৱা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]
সাধাৰণতে মৌৰ্য্যসম্ৰাট চন্দ্ৰগুপ্তৰ মন্ত্ৰী বিষ্ণুগুপ্ত নাইবা চাণক্য নাইবা কৌটিল্যকে অৰ্থশাস্ত্ৰৰ ৰচিয়তা বুলি ভবা হয় আৰু এই তিনিওটা নাম যে একেজন ব্যক্তিৰেই আৰু তেৱেঁই যে 'অৰ্থশাস্ত্ৰ'খন লেখিছে সেই বিষয়ে বাণভট্ট , দন্ডী, কামন্দক আদিয়েও সমৰ্থন জনাইছে। [1]
কৌটিল্যই 'অৰ্থশাস্ত্ৰ'ৰ সংজ্ঞা এইদৰে দিছে-যি বিদ্যাৰ দ্বাৰা অৰ্থ নাইবা মানৱ বসতিপূৰ্ণ পৃথিৱী বা ভূমি লাভ আৰু পালন কৰিবৰ উপায় জনা যায়, সেই বিদ্যাই হ'ল- 'অৰ্থশাস্ত্ৰ'। ৰাষ্ট্ৰ দণ্ডৰ স্বৰূপ,ৰজা আৰু প্ৰজাৰ সম্বন্ধ বিচাৰ আদি ৰাজনৈতিক বিষয়ৰ তাত্বিক আলোচনাতকৈ ,ঘাইকৈ ৰাজ্য শাসনৰ লগত জড়িত সমস্যাৰ সমাধান স্বৰূপে ব্যৱহাৰিক জ্ঞান বিতৰণৰ বাবে গ্ৰন্থখন ৰচিত হৈছে।
এই গ্ৰন্থৰ আলোচ্য বিষয় হৈছে -এখন ৰাষ্ট্ৰৰ প্ৰশাসনীয় আৰু অৰ্থনৈতিক যাৱতীয় বিষয়। এই গ্ৰন্থখন 'সূত্ৰৰীতি'ত ৰচিত আৰু ইয়াৰ ভাষা অতি দুৰ্বোধ্য্। পাৰিভাষিক শব্দৰ বাহুল্যৰ বাবে অৰ্থভেদ অতি কষ্টসাধ্য। মহামহোপধ্যায় গণপতি শাস্ত্ৰী, পন্ডিত শ্যামা শাস্ত্ৰী, বোম্বে বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰ পি কাংলে প্ৰভৃতিয়ে অৰ্থশাস্ত্ৰ সম্পাদনা কৰিছে। অসমীয়া ভাষাত ৰজনীকান্ত দেৱশৰ্মাই 'অধ্যক্ষ প্ৰচাৰ' নামৰ ২য় অধিকৰণৰ ৫ম অধ্যায়ৰ ষাড্ গুণ্যনামৰ ৭ম অধিকৰণৰ একাদশ অধ্যায়লৈকে আৰু ড° ডিম্বেশ্বৰ শৰ্মাই আৰম্ভণিৰ ২য় অধিকৰণৰ চতুৰ্থ অধ্যায়লৈ আৰু ৭ম অধিকৰণৰ দ্বাদশ অধ্যায়ৰ পৰা অন্তলৈকে অনুবাদ কৰিছে[2]।
অৰ্থশাস্ত্ৰখন ১৫টা অধিকৰণত বিভক্ত। এই ১৫টা অভিকৰণৰ ভিতৰত ১৫০টা অধ্যায় আৰু ১৮০টা প্ৰকৰণ আছে।