আয়ুৰ্বেদ
ভাৰতীয় উপমহাদেশীয় এক পৰম্পৰাগত আৰু বিকল্প ঔষধি ব্যৱস্থা / From Wikipedia, the free encyclopedia
আয়ুৰ্বেদ (সংস্কৃত: आयुर्वेद , "জীৱন-জ্ঞান")[1] বা আয়ুৰ্বেদিক ঔষধ ভাৰতীয় উপমহাদেশীয় এক পৰম্পৰাগত আৰু বিকল্প ঔষধি ব্যৱস্থা। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা এই ব্যৱস্থাৰ আটাইতকৈ পুৰণি গ্ৰন্থ। ঔষধৰ এই প্ৰাচীন বিশ্বকোষ দুখনেই আয়ুৰ্বেদীয় ব্যৱস্থাৰ প্ৰতিষ্ঠাপক আৰু সম্পূৰক। পৰীক্ষণমূলক আধুনিক চিকিৎসা বিজ্ঞানৰ বিপৰীতে আয়ুৰ্বেদ এক অভিজ্ঞাতালব্ধ থলুৱা চিকিৎসা জ্ঞান। মধ্যযুগত আযুৰ্বেদিক প্ৰয়োগকাৰ সকলে নানান ৰোগৰ নিৰাময়ৰ অৰ্থে ভালেমান চিকিৎসা উপযোগী আৰু অস্ত্ৰোপচাৰৰ কৌশল উদ্ভাৱন কৰিছিল।[2] বৰ্তমান ইয়াক “পৰম্পৰাগত তথা বিকল্প ঔষধি ব্যৱস্থা”ৰ এক অংশ হিচাপে গণ্য কৰা হয়।[3]
অৱশ্যে বৰ্তমান আয়ুৰ্বেদীয় ঔষধ সম্বন্ধে সুৰক্ষাজড়িত প্ৰশ্ন উত্থাপিত হৈছে। আমেৰিকাত চলোৱা দুই অধ্যয়নত ভাৰত নিৰ্মিত ২০% আয়ুৰ্বেদিক ঔষধত সীহ, পাৰা, আৰ্চেনিক আদি ভাৰী মৌলৰ বিশাক্ত পৰ্যায়ৰ উপস্থিতি ধৰা পৰিছে। আনহাতে বিষাক্ত বনৌষধিৰ প্ৰয়োগ আৰু গুণগত সা-সুবিধাৰ অভাৱ আদি অভিযোগো আয়ুৰ্বেদৰ বিৰূদ্ধে উত্থাপিত হৈছে।[4][5]