চৰক সংহিতা
From Wikipedia, the free encyclopedia
চৰক সংহিতা (সংস্কৃত: चरक संहिता ) হ’ল ভাৰতীয় পৰম্পৰাগত ঔষধী ব্যৱস্থা আয়ুৰ্বেদৰ এক প্ৰাচীন গ্ৰন্থ।[1] সুশ্ৰুত সংহিতাৰে সৈতে খ্ৰীষ্ট জন্মৰ কিছু শতিকা পিছতেই ৰচিত হোৱা এই গ্ৰন্থখন এই ব্যৱস্থাৰ প্ৰতিস্থাপক।[2]
অৱশ্যে এই গ্ৰন্থ দুখনৰ প্ৰকৃত ৰচনাকাল সম্পূৰ্ণ স্পষ্ট নহয়। চৰক সংহিতাৰ ৰচনাকাল গুপ্ত যুগ বা ৩০০ৰ পৰা ৫০০ খ্ৰীষ্টাব্দৰ বুলি ঠাৱৰ কৰা হয়[3] আৰু সেইফালৰ পৰা চাবলৈ গ’লে ই সুশ্ৰুত সংহিতাৰ প্ৰায় সমসাময়িক বা তাতকৈ কিছু বছৰ পিছত ৰচিত। যিয়েই নহওক, চৰক সংহিতাৰ বৰ্তমান উপলব্ধ সংস্কৰণটি ১০০ খ্ৰীষ্টাপূৰ্বৰ পৰা ১০০ খ্ৰীষ্টাব্দৰ ভিতৰত ৰচিত এক গ্ৰন্থৰ ওপৰত ভিত্তি কৰি দৃধবলে সম্পাদনা কৰা এক সংস্কৰণহে। গতিকে প্ৰকৃত চৰক সংহিতা নিশ্চিতভাৱে কিছু শতিকা আগৰ কৃতি।[4]