কালী-পূজা
From Wikipedia, the free encyclopedia
কালী-পূজা বা শ্যামা-পূজা[1] হিন্দু দেৱী কালীৰ প্ৰতি উৎসৰ্গিত ভাৰতীয় উপমহাদেশত উদযাপিত হোৱা উৎসৱ। কাতি মাহৰ অমাৱস্যা তিথিত এই পূজা পালন কৰা হয়। কালী পূজা ঘাইকৈ ভাৰতৰ পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ওড়িশা, বিহাৰৰ মিথিলা অঞ্চল আৰু মহাৰাষ্ট্ৰৰ তিতৱালা চহৰ আৰু বাংলাদেশত পালন কৰা হয়।[2] এইদিনা ভাৰতৰ আন অঞ্চলত লক্ষ্মীপূজা আৰু দেৱালী অনুষ্ঠিত হয়। বৰ্তমান তিনিওটা উৎসৱ প্ৰায় একেলগে উদ্যাপন হোৱা দেখা যায়।