সৰ্বেপল্লী ৰাধাকৃষ্ণণ
ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ / From Wikipedia, the free encyclopedia
ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ (তেলেগু: సర్వేపల్లి రాధాకృష్ణ; তামিল: சர்வபள்ளி ராதாகிருஷ்ணன்; ইংৰাজী: Sarvepalli Radhakrishnan) ( উচ্চাৰণ (সহায়·তথ্য)) এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লেখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল[1] (১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। উদাৰ নৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি তেওঁ আস্থাশীল আছিল। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেও সন্মান কৰিছিল।[2]
ক্ষিপ্ৰ তথ্য সৰ্ৱেপল্লী ৰাধাকৃষ্ণন, ৰাষ্ট্ৰপতি, ভাৰত ...
সৰ্ৱেপল্লী ৰাধাকৃষ্ণন | |
---|---|
ৰাষ্ট্ৰপতি, ভাৰত | |
কাৰ্যকাল ১৩ মে’ ১৯৬২ – ১৩ মে’ ১৯৬৭ | |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু গুজলাৰিলাল নন্দ (Acting) লাল বাহাদুৰ শাস্ত্ৰী গুজলাৰিলাল নন্দ (Acting) ইন্দিৰা গান্ধী |
উপ ৰাষ্ট্ৰপতি | জাকিৰ হুছেইন |
পূৰ্বসূৰী | ৰাজেন্দ্ৰ প্ৰসাদ |
উত্তৰসূৰী | জাকিৰ হুছেইন |
ভাৰতৰ উপৰাষ্ট্ৰপতি | |
কাৰ্যকাল ১৩ মে’ ১৯৫২ – ১২ মে’ ১৯৬২ | |
ৰাষ্ট্ৰপতি | ৰাজেন্দ্ৰ প্ৰসাদ |
পূৰ্বসূৰী | Position established |
উত্তৰসূৰী | জাকিৰ হুছেইন |
ব্যক্তিগত তথ্য | |
জন্ম | ৫ ছেপ্টেম্বৰ, ১৮৮৮ তিৰুটানি, তামিল নাডু, ভাৰত |
মৃত্যু | ১৭ এপ্ৰিল, ১৯৭৫ (৮৬ বছৰ) চেন্নাই, ভাৰত |
ৰাজনৈতিক দল | নিৰ্দলীয় |
দাম্পত্যসঙ্গী | চিভকামু, লেডী ৰাধাকৃষ্ণণ |
সন্তান | ৫জনী পুত্ৰী ১জন পুত্ৰ |
শিক্ষানুষ্ঠান | ভোৰহিছ কলেজ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজ |
জীৱিকা | দাৰ্শনিক অধ্যাপক |
বন্ধ কৰক