ৰাজেন্দ্ৰ প্ৰসাদ
ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি / From Wikipedia, the free encyclopedia
ৰাজেন্দ্ৰ প্ৰসাদ (ইংৰাজী: Rajendra Prasad; জন্ম:১৮৮৪ – মৃত্যু:১৯৬৩) ১৯৫০ চনৰ ২৬ জানুৱাৰীত সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। তেওঁ স্বাধীনতা সংগ্ৰামৰ ১৯২১ চনৰ অসহযোগ আন্দোলন, ১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছিল। তেওঁৰ নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে ১৯৬২ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত-ৰত্ন উপাধিৰে বিভূষিত কৰি সন্মানিত কৰিছিল। দেশৰ কোটি কোটি জনতাৰ মাজত ৰাজেন্দ্ৰ বাবু বুলি জনাজাত ড॰ ৰাজেন্দ্ৰ প্ৰসাদ এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি আছিল। তেওঁ সাতোটা ভাষা ভাল দৰে জানিছিল। তেওঁ সাহিত্যিক আৰু সাংবাদিক হিচাপেও প্ৰখ্যাতি আছিল প্ৰচুৰ, সাংবাদিক জীৱনত তেওঁ চাৰ্চলাইট নামৰ এখন ইংৰাজী কাকত আৰু দেশ নামৰ এখন হিন্দী কাকত প্ৰতিষ্ঠা কৰিছিল।[1]
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য ড॰ ৰাজেন্দ্ৰ প্ৰসাদ, প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি ...
ড॰ ৰাজেন্দ্ৰ প্ৰসাদ | |
---|---|
প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২৬ জানুৱাৰী, ১৯৫০ – ১৩ মে', ১৯৬২ | |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু |
উপ ৰাষ্ট্ৰপতি | সৰ্বপল্লী ৰাধাকৃষ্ণণ |
পূৰ্বসূৰী | পদ স্থাপন কৰা হৈছে |
উত্তৰসূৰী | সৰ্বপল্লী ৰাধাকৃষ্ণণ |
ব্যক্তিগত তথ্য | |
জন্ম | ৩ ডিচেম্বৰ, ১৮৮৪ জীৰাদেঈ গাওঁ, সাৰণ জিলা, বিহাৰ |
মৃত্যু | ২৮ ফেব্ৰুৱাৰী, ১৯৬৩ (৭৮ বছৰ) পাটনা, বিহাৰ |
নাগৰিকত্ব | ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ৰাজবংশী দেৱী |
শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় |
পেচা | ৰাষ্ট্ৰপতি, উকীল, আষ্ঠীকল কেৰাণী, মন্ত্ৰী, খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী, সাংবাদিক, সাহিত্যিক |
আন নাম | দেশ ৰত্ন, অজাতশত্ৰু |
বন্ধ কৰক