ৱিকিপিডিয়া:উৎসৰ উল্লেখ
From Wikipedia, the free encyclopedia
বিৱৰণ (citation) হৈছে এশাৰী বাক্যাংশ বা শব্দৰ সমষ্টি যিয়ে উৎসটো সম্পৰ্কে অদ্বিতীয়ভাৱে ব্যাখ্যা কৰে। উদাহৰণস্বৰূপে:
বেজবৰুৱা, লক্ষ্মীনাথ ২০১০, মোৰ জীৱন সোঁৱৰণ, লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা ১২৬
এই ৱিকিপিডিয়া পৃষ্ঠাটো বা ইয়াৰ অংশবিশেষ অসমীয়া ভাষাত লিখা হোৱা নাই। সেয়ে ইয়াক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া ৱিকিপিডিয়াৰ ভেটি সুদৃঢ় কৰাত সহায় কৰক। |
এই পৃষ্ঠাখন অসমীয়া ৱিকিপিডিয়াৰ সম্পাদনাৰ পথনিৰ্দেশিকা থকা প্ৰবন্ধ। এয়া হৈছে সাধাৰণতে স্বীকৃত মানদণ্ড যাক সম্পাদকসকলে অনুসৰণ কৰিবলৈ চেষ্টা কৰা উচিত, যদিও ইয়াক সাধাৰণ জ্ঞানৰ সৈতে সৰ্বশ্ৰেষ্ঠ ব্যৱহাৰ কৰা হয়, আৰু মাজে মাজে ব্যতিক্ৰমো হ'ব পাৰে। এই পৃষ্ঠাৰ যিকোনো গুৰুত্বপূৰ্ণ সম্পাদনাই সহমত প্ৰতিফলিত কৰিব লাগে। যদি ইয়াৰ কোনো বিষয় স্পষ্ট হোৱা নাই, প্ৰথমে আলোচনা পৃষ্ঠাত আলোচনা কৰক। |
|
সংক্ষেপে এই পৃষ্ঠাখন: This guideline discusses how to format citations. For the policy on sourcing, see Verifiability. |
কেতিয়া আৰু কিয় উৎস উল্লেখ কৰাটো প্ৰয়োজন: উৎস ব্যৱহাৰৰ আঁচনি লোৱাৰ মূল লক্ষ্যই হৈছে তথ্যসমূহৰ সত্যাসত্য নিৰূপণ কৰাত সুবিধা হোৱা। তাৰ বাবে যিসমূহ তথ্যৰ সত্যতা সম্পৰ্কে সন্দেহ উপজিব পাৰে, তেনেকুৱা সকলো তথ্যৰ বাবে বাক্যৰ মাজতেই বিৱৰণ দিয়াটো আৱশ্যক। লগতে সকলোধৰণৰ উদ্ধৃতিৰ বাবেও বিৱৰণ দিয়াটো প্ৰয়োজনীয়। এই আঁচনি প্ৰৱন্ধ, তালিকা, চিত্ৰ-শিৰোনাম, প্ৰৱন্ধৰ শাখা আদি ৱিকিপিডিয়াৰ মূলক্ষেত্ৰত থকা সকলো অংশতে কঠোৰভাৱে প্ৰযোজ্য। চিত্ৰসমূহৰ ক্ষেত্ৰতো উৎস উল্লেখ কৰাটো বাধ্যতামূলক। চিত্ৰ এখন আপলোড কৰিবৰ সময়ত আপলোড কৰোতাজনে চিত্ৰখন ক'ৰ পৰা লৈছে আৰু ইয়াৰ প্ৰতিলিপি স্বত্বৰ স্থিতি সম্পৰ্কে উল্লেখ কৰিব লাগিব।
কেনেকৈ তথ্যৰ বিৱৰণ উল্লেখ কৰিব: প্ৰতিটো প্ৰৱন্ধৰ সকলো অংশত একেটা বিৱৰণ পদ্ধতি ব্যৱহাৰ কৰা উচিত। যদি এটা প্ৰৱন্ধত ইতিমধ্যে বিৱৰণৰ ব্যবহাৰ হৈছে, নতুন বিৱৰণ যোগ দিবলৈ একেটা পদ্ধতি অৱলম্বন কৰক অথবা এই সম্পৰ্কে দ্বিধাৰ জন্ম হ'লে কোনোধৰণৰ সালসলনি কৰাৰ পূৰ্বে প্ৰৱন্ধটোৰ আলোচনা পৃষ্ঠাত গৈ এইসম্পৰ্কে পৰামৰ্শ বিচাৰক। আপুনি শুদ্ধভাৱে বিৱৰণ দিয়াৰ চেষ্টা কৰাটো আৱশ্যক, কিন্তু সবাতোকৈ গুৰুত্বপূৰ্ণ কথা হ'ল উৎসটো চিনাক্ত কৰিবলৈ আপুনি পৰ্যাপ্ত তথ্য দাখিল কৰাটো। প্ৰয়োজন হ'লে বিৱৰণৰ সজ্জাটো আন ৱিকিপিডিয়ানেও উন্নত কৰিব পাৰিব।