ভাৰতৰ ৰাষ্ট্ৰপতি
ৰাষ্ট্ৰৰ প্ৰধান, সংবিধানমান্য নেতা / From Wikipedia, the free encyclopedia
ভাৰতৰ ৰাষ্ট্ৰপতি হ’ল ভাৰতৰ প্ৰথম নাগৰিক। দেশৰ সৰ্বোচ্চ পদ-মৰ্যাদাত অসীত ব্যক্তিজনাই হ’ল ৰাষ্ট্ৰপতি। তেওঁ ৰাষ্ট্ৰৰ প্ৰধান, সংবিধানমান্য নেতা।[2] তেওঁ স্থল, নৌ আৰু বায়ুকে ধৰি আটাইকেইটা সেনাবাহিনীৰ মুৰব্বী। দেশৰ সকলো প্ৰশাসনিক কাৰ্যসূচী ৰাষ্ট্ৰপতিৰ নামত পৰিচালিত।[2] সেয়ে তেওঁ দেশৰ নিয়মতান্ত্ৰিক শাসক (নমিনেল এক্জিকিউটিভ) - বাস্তৱ ক্ষেত্ৰত তেওঁৰ সৰ্বাত্মক কাৰ্যসূচী প্ৰধান মন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ পৰামৰ্শই ৰূপায়ণ কৰে। গতিকে প্ৰধান মন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী সভাৰ পৰামৰ্শত তেওঁ সংবিধানসন্মতভাৱে দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰে।[2]
ক্ষিপ্ৰ তথ্য ভাৰতৰ ৰাষ্ট্ৰপতি, সম্বোধন ...
ভাৰতৰ ৰাষ্ট্ৰপতি | |
---|---|
ভাৰতৰ জাতীয় প্ৰতীক | |
ভাৰতৰ জাতীয় পতাকা | |
সম্বোধন | মাননীয় ৰাষ্ট্ৰপতি (ভাৰতত) হিজ/হাৰ এক্সেলেন্সি (ভাৰতৰ বাহিৰত) |
চৰকাৰী বাসগৃহ | ৰাষ্ট্ৰপতি ভৱন |
নিয়োগকৰ্তা | Electoral College of India |
কাৰ্যকাল | ৫ বছৰ পুনঃ নিৰ্বাচনযোগ্য |
পূৰ্বসূৰী | ভাৰতৰ গৱৰ্ণৰ জেনেৰেল |
প্ৰথম পদাধিকাৰী | ৰাজেন্দ্ৰ প্ৰসাদ |
গঠন | ভাৰতৰ সংবিধান ২৬ জানুৱাৰী ১৯৫০ (1950-01-26) (৭৪ বছৰ পূৰ্বে) |
সহকাৰী | ভাৰতৰ উপৰাষ্ট্ৰপতি |
দৰমহা | ₹৫,০০,০০০ (৭,০১০ ডলাৰ) (মাহেকীয়া)[1] |
ৱেবচাইট | presidentofindia |
বন্ধ কৰক