ভাৰতৰ উপৰাষ্ট্ৰপতি
ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী / From Wikipedia, the free encyclopedia
ভাৰতৰ উপৰাষ্ট্ৰপতি (ইংৰাজী: Vice President of India) হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পিছত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ সাংবিধানিক পদবী।[2] ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৬৩ৰ মতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে তেওঁৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ মৃত্যু, পদৰ পৰা অব্যাহতি ললে, মহাভিযোগৰ দ্বাৰা অপসাৰিত হলে অথবা অন্যান্য কাৰণত ৰাষ্ট্ৰপতিৰ পদ খালী হলে উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা লাভ কৰে।
ভাৰতৰ উপৰাষ্ট্ৰপতি | |
---|---|
ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক | |
ভাৰতৰ জাতীয় পতাকা | |
সম্বোধন | মাননীয় উপৰাষ্ট্ৰপতি (ভাৰতত) দা অনাৰেবেল (বিদেশত) |
চৰকাৰী বাসগৃহ | উপৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী, ভাৰত |
নিয়োগকৰ্তা | লোকসভা আৰু ৰাজ্যসভাৰ সকলো সাংসদেৰে গঠিত নিৰ্বাচন মণ্ডলী |
কাৰ্যকাল | পাঁচ বছৰ (পুনৰ নিৰ্বাচনৰ যোগ্য) |
Constituting instrument | ভাৰতীয় সংবিধান |
প্ৰথম পদাধিকাৰী | সৰ্বপল্লী ৰাধাকৃষ্ণণ (১৯৫২–১৯৬২) |
গঠন | ১৩ মে' ১৯৫২; ৭২ বছৰ আগত (1952-05-13) |
দৰমহা | ₹৪,০০,০০০ (৫,৬০৮ ডলাৰ) প্ৰতি মাহ[1] |
ৱেবচাইট | vicepresidentofindia |
ভাৰতৰ উপৰাষ্ট্ৰপতি ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ অধ্যক্ষ। উৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাত উত্থাপিত বিধেয়ক বিত্তীয় বিধেয়ক হয় নে নহয় বিবেচনা কৰে। তেওঁ ৰাজ্যসভাত উত্থাপিত কোনো বিধেয়ক ধন বিধেয়ক হিচাপে বিবেচনা কৰিলে তেওঁ উক্ত বিধেয়ক লোকসভাৰ অধ্যক্ষলৈ বিবেচনাৰ বাবে পঠায়। সংবিধানৰ অনুচ্ছেদ ৬৬ৰ মতে লোকসভা আৰু ৰাজ্যসভাৰ সকলো সাংসদেৰে গঠিত নিৰ্বাচন মণ্ডলীয়ে অনুপাতিক প্ৰতিনিধিত্ব পদ্ধতিৰে একক সংক্ৰমনশীল ভোটৰ দ্বাৰা উপৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে। ভাৰতৰ নিৰ্বাচন আয়োগে উপৰাষ্ট্ৰপতি নিৰ্বাচন পৰিচালনা কৰে আৰু নিৰ্বাচিত উপৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতিয়ে শপত পাঠ কৰায়।[3] ভাৰতৰ উপৰাষ্ট্ৰপতি চণ্ডীগড়ত অৱস্থিত পঞ্জাব বিশ্ববিদ্যালয়ৰ আচাৰ্য।
ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। ভাৰতৰ বৰ্তমান উপৰাষ্ট্ৰপতি জগদীপ ধনখড়। ২০২২ চনৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী আছিল। তেওঁ তেওঁৰ নিকতম প্ৰতিদ্বন্দ্বী সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাজিত কৰি তেওঁ ভাৰতৰ ১৪তম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ২০২২ চনৰ ১১ আগষ্ট তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুএ তেওঁক উপৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰোৱায়।