ভৰত (ৰামায়ণ)
ৰামায়ণৰ চৰিত্ৰ / From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো দশৰথ আৰু কৈকেয়ীৰ পুত্ৰ ভৰতৰ বিষয়ে। মহাভাৰতৰ দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰ ভৰতৰ বাবে ভৰত (মহাভাৰত) চাওক।
ভৰত হৈছে মহাকাব্য ৰামায়ণত বৰ্ণিত এক চৰিত্ৰ। তেওঁ ৰামৰ সতীয়া ভ্ৰাতৃ আৰু দশৰথ তথা কৈকেয়ীৰ পুত্ৰ। ৰামায়ণত ভৰতক ধৰ্ম আৰু আদৰ্শৰ প্ৰতীকৰূপে চিহ্নিত কৰা হয়।
ক্ষিপ্ৰ তথ্য ভৰত, দেৱনাগৰী ...
ভৰত | |
---|---|
ৰামৰ পাদুকা সিংহাসনত স্থাপন কৰা অৱস্থাত ভৰত | |
দেৱনাগৰী | भरत |
সম্পৰ্ক | পাঞ্চজন্য শঙ্খৰ অৱতাৰ |
পিতৃ-মাতৃ | দশৰথ (পিতৃ) কৈকেয়ী (মাতৃ) কৌশল্যা (মাহীমাক) সুমিত্ৰা (মাহীমাক) |
সহোদৰ | ৰাম (সতীয়া ভ্ৰাতৃ) লক্ষ্মণ (সতীয়া ভ্ৰাতৃ) শত্ৰুঘ্ন (সতীয়া ভ্ৰাতৃ) শান্তা (সতীয়া ভগ্নী) |
সন্তান | তক্ষ পুষ্কল[1] |
হিন্দু পাঠ্য | ৰামায়ণ আৰু ইয়াৰ অন্যান্য সংস্কৰণ |
বন্ধ কৰক
ভাৰতৰ কেৰেলাতেই ভৰতৰ সৰ্বাধিক পূজা কৰা হয়।
ৰামায়ণৰ মতে, ৰাম বিষ্ণুৰ সপ্তম অৱতাৰ আৰু লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন হৈছে যথাক্ৰমে শেষনাগ, পাঞ্চজন্য শঙ্খ আৰু সুদৰ্শন চক্ৰৰ অংশ অৱতাৰ।[2]
কেৰেলাৰ কুড়লমাণিক্যম বা সংঘৰত্ন মন্দিৰ ভৰতৰ প্ৰতি উচৰ্গিত।