![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/7d/Satrughna%252C_the_youngest_brother_of_R%25C4%2581ma..jpg/640px-Satrughna%252C_the_youngest_brother_of_R%25C4%2581ma..jpg&w=640&q=50)
শত্ৰুঘ্ন
ৰামৰ ভাতৃ / From Wikipedia, the free encyclopedia
শত্ৰুঘ্ন (সংস্কৃত: शत्रुघ्न ) হৈছে ৰামৰ কনিষ্ঠ ভ্ৰাতৃ আৰি দশৰথ তথা সুমিত্ৰাৰ পুত্ৰ। তেওঁ লক্ষ্মণৰ যমজ ভ্ৰাতৃ। শত্ৰুঘ্নক ৰিপুদমন নামেৰেও জনা যায়। বাল্মীকি ৰামায়ণৰ মতে শত্ৰুঘ্ন বিষ্ণুৰ অৱতাৰ ৰামৰেই অংশ। মহাভাৰতৰ বিষ্ণু সহস্ৰনামত শত্ৰুঘ্নৰ স্থান ৪১২।
ক্ষিপ্ৰ তথ্য শত্ৰুঘ্ন, সম্পৰ্ক ...
শত্ৰুঘ্ন | |
---|---|
![]() | |
সম্পৰ্ক | সুদৰ্শন চক্ৰৰ অৱতাৰ |
পিতৃ-মাতৃ | দশৰথ (পিতৃ) সুমিত্ৰা (মাতৃ) কৌশল্যা (মাহীমাক) কৈকেয়ী (মাহীমাক) |
সহোদৰ | লক্ষ্মণ (যমজ ভ্ৰাতৃ) ৰাম (সতীয়া ভ্ৰাতৃ) ভৰত (সতীয়া ভ্ৰাতৃ) শান্তা (সতীয়া ভগ্নী) |
সন্তান | সুবাহু শত্ৰুঘাতী[1] |
হিন্দু পাঠ্য | ৰামায়ণ আৰু ইয়াৰ বিভিন্ন সংস্কৰণ |
বন্ধ কৰক
ৰামায়ণৰ মতে, ৰাম বিষ্ণুৰ সপ্তম অৱতাৰ আৰু লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন হৈছে যথাক্ৰমে শেষনাগ, পাঞ্চজন্য শঙ্খ আৰু সুদৰ্শন চক্ৰৰ অংশ অৱতাৰ।[2]
উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ খুথন খণ্ডৰ নাম তেওঁৰ নামানুসৰি ৰখা হৈছে।