![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/2f/Momordica_charantia_Blanco2.357.png/640px-Momordica_charantia_Blanco2.357.png&w=640&q=50)
তিতা কেৰেলা
From Wikipedia, the free encyclopedia
"কেৰেলা" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। আন ব্যৱহাৰৰ বাবে, কেৰেলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
তিতা কেৰেলা (ইংৰাজী: Balsam pear, alligator pear, bitter gourd, bitter melon, bitter cucumber, বৈজ্ঞানিক নাম: Momordica charantia) এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গোত্ৰ হ’ল— Cucurbitaceae। আৰোহী লতা জাতীয় এইবিধ গছ প্ৰায় আধাবৰ্ষ কাল জীয়াই থাকে। ইয়াৰ গা-গছ সূতাৰ দৰে। পাতবোৰ ৩-৮ ছেঃমিঃ দীঘল আৰু বহল, ৫-৭টা খলপা। খলপাবিলাক কাষ কটা। হালধীয়া ৰঙৰ ফুলবিলাক একলিংগ, স্ত্ৰীপুষ্প আৰু পুংপুষ্প দুয়োটা একেডাল লতাতে ধৰে। পাঁচটা পাহিৰে প্ৰায় ৩ ছেঃমিঃ বহল। ফলবোৰৰ দুই মূৰ জোঙা আৰু গাত দীঘলীয়াকৈ থোপাৰে আবৰা। অসংখ্য গুটিৰে ভৰা আৰু এইবোৰ ৰঙা লেপথেপীয়া দ্ৰব্যৰে আবৰি থাকে।
ক্ষিপ্ৰ তথ্য তিতা কেৰেলা, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
তিতা কেৰেলা | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Cucurbitales |
পৰিয়াল: | Cucurbitaceae |
গণ: | Momordica |
প্ৰজাতি: | M. charantia |
বৈজ্ঞানিক নাম | |
Momordica charantia Descourt. |
বন্ধ কৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c4/Bitter_gourd_%28Momordica_charantia%29.jpg/640px-Bitter_gourd_%28Momordica_charantia%29.jpg)