বড়োলেণ্ড
ভাৰতৰ স্বায়ত্বশাসিত অঞ্চল আৰু এক প্ৰস্তাবিত ৰাজ্য / From Wikipedia, the free encyclopedia
বড়োলেণ্ড (ইংৰাজী: Bodoland, বড়ো: बर'लेन्द), আনুষ্ঠানিক নাম বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (চমুকৈ বিটিআৰ), হৈছে অসমৰ এখন স্বায়ত্তশাসিত অঞ্চল। ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাদদেশত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অসমৰ চাৰিখন জিলাক লৈ বড়োলেণ্ড সৃষ্টি হৈছে। এই জিলা কেইখন হৈছে ক্ৰমে কোকৰাঝাৰ জিলা, বাক্সা জিলা, ওদালগুৰি জিলা আৰু চিৰাং জিলা। বড়ো আন্দোলনৰ ফলশ্ৰুতিত ২০০৩ চনত হোৱা বড়ো চুক্তিৰ ফলাফল হিচাপে বড়োলেণ্ড গঠন কৰা হৈছিল।[3] এই অঞ্চলটোৰ পৰিচালনা কৰে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ নামৰ এক নিৰ্বাচিত পৰিষদে। পূৰ্বতে অঞ্চলটোক বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ বা বিটিএডি নামৰ জনা গৈছিল, পাছে বড়ো চুক্তি ২০২০ৰ পাছত ইয়াৰ পুনঃনামকৰণ কৰি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (অৰ্থাৎ বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চল) ৰখা হয়।[4] অঞ্চলটোৰ মাটিকালি প্ৰায় ৮,০০০ বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ গৰিষ্ঠসংখ্যক বাসিন্দা হৈছে বড়ো জনগোষ্ঠীৰ লোক।[3][5]
বড়োলেণ্ড बर'लेन्द |
|
---|---|
— ক্ষেত্ৰীয় অঞ্চল — | |
বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন | |
অসমৰ মানচিত্ৰত বড়োলেণ্ডৰ অৱস্থিতি | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰতিষ্ঠা | ১০ ফেব্ৰুৱাৰী, ২০০৩ |
মুখ্য কাৰ্যালয় | কোকৰাঝাৰ |
জিলা | ৪ |
চৰকাৰ | |
- পৰিষদ | বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি) |
- অধ্যক্ষ | কাতিৰাম বড়ো |
- মুখ্য কাৰ্যবাহী বিষয়া | প্ৰমোদ বড়ো[1] |
- সহকাৰী মুখ্য কাৰ্যবাহী বিষয়া | গোবিন্দ বসুমতাৰী[2] |
মাটিকালি | |
- মুঠ | ৮,৮২১ কি.মি.২ (৩,৪০৫.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৩১,৫৫,৩৫৯ জন |
- জনঘনত্ব | ৩৫৭.৭ প্ৰতি বৰ্গ কি.মি. (৯২৬.৫ প্ৰতি বৰ্গ মাইল) |
বিশেষণ | বড়ো |
ভাষা | |
- চৰকাৰী | বড়ো, অসমীয়া, ইংৰাজী, হিন্দী |
সময় অঞ্চল | ভামাস (গ্ৰী.মা.স.+৫:৩০) |
ৱেবছাইট | www |