বড়ো জনগোষ্ঠী
অসমৰ ভৈয়ামৰ চীনা তিব্বতীয় জনগোষ্ঠী / From Wikipedia, the free encyclopedia
বড়ো জনগোষ্ঠী (ইংৰাজী: Bodo) হৈছে অসমৰ ভৈয়ামৰ চীনা তিব্বতীয় জনগোষ্ঠী।[2] অসমৰ ভৈয়ামত বাস কৰা জনগোষ্ঠীসকলৰ ভিতৰত এওঁলোক সংখ্যাগৰিষ্ঠ। বড়ো সকলৰ মাতৃভাষা বড়ো ভাষা। বড়োসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰ হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত "বড" দেশৰ বাসিন্দাসকলৰ এই জনগোষ্ঠীটো খ্ৰীঃপূঃ প্ৰায় ১৫ শ শতিকা মানতেই সমগ্ৰ পূব ভাৰতত বিয়পি পৰে। মহাভাৰতত উল্লেখ কৰা কিৰাতসকলেই পূব ভাৰতৰ বড়োসকল। প্ৰাচীন কালত এই মূল "বড" দেশৰ বাসিন্দাসকলক "বডো-ফিচা" বা "বডোচা" ("বডো" মানে ভূমি আৰু "ফিচা" বা "চা" মানে সন্তান অৰ্থাৎ বড দেশৰ সন্তান) বুলি জনা গৈছিল আৰু সময়ৰ সোঁতত বড বা বড়ো হিচাপে জনাজাত হয়।
মুঠ জনসংখ্যা | |||
---|---|---|---|
১৩,০০,০০০ | |||
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||
| |||
ভাষাসমূহ | |||
ধৰ্ম | |||
সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী | |||
অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত বড়োসকলৰ মূল বসতি। ইয়াৰোপৰি কাৰ্বি আংলং গোৱালপাৰা, কামৰূপ, নলবাৰী, শোণিতপুৰ, ঢেকীয়াজুলি, মংগলদৈ, বিশ্বনাথ চাৰিআলি আদি প্ৰায় সমূহ জিলাতে বড়ো লোক দেখা পোৱা যায়। এক সময়ত গোটেই গুৱাহাটী অঞ্চলেই বড়ো লোকেৰে ভৰি আছিল। তদুপৰি পশ্চিমবঙ্গ, মেঘালয়, নাগালেণ্ড, অৰুণাচল আনকি ভূটান-নেপালতো বড়ো জনগোষ্ঠী পোৱা যায়।