ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি From Wikipedia, the free encyclopedia
প্ৰশাসনৰ সুবিধাৰ বাবে ভাৰতত স্বায়ত্বশাসনৰ ব্যৱস্থা আছে। চৰকাৰত স্থানীয় জনজাতীয় লোকৰ প্ৰত্যক্ষ যোগদানৰ বাবে ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰণত কিছুমান স্বায়ত্বশাসিত পৰিষদ গঠন কৰা হয়। ভাৰতত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা স্বায়ত্বশাসিত অঞ্চল সমূহ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত ক্ষমতা লাভ কৰে। সেইদৰে ৰাজ্যচৰকাৰেও জনজাতীয় লোক সকলৰ বাবে স্বায়ত্বশাসিত পৰিষদৰ গঠন কৰে। জনজাতীয় লোকসকলৰ সামাজিক, আৰ্থিক, শৈক্ষিক, নৃগোষ্ঠীয় আৰু সাংস্কৃতিক উন্নয়নৰ বাবে এই পৰিষদ সমূহ গঠন কৰা হয়।[1]
সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি অসমত মুঠ তিনিখন স্বায়ত্বশাসিত পৰিষদ আছে। সেইকেইখন হল,
ইয়াৰোপৰি অসম চৰকাৰে জনজাতীয় লোকৰ উন্নয়নৰ বাবে মুঠ ছয়খন স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰিছে। সেইকেইখন হ'ল,
অসম চৰকাৰে অসমৰ পিছপৰা সম্প্ৰদায়ৰ সকলৰ বাবে কিছুমান উন্নয়ন পৰিষদ গঠন কৰিছে। পিছপৰা সম্প্ৰদায়ৰ আৰ্থসমাজিক উন্নয়ন এই পৰিষদ সমূহৰ মূল লক্ষ্য। ক্ষমতা আৰু দায়িতৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে এই পৰিষদ সমূহৰ উন্নয়নৰ সুবিধা কৰি দিয়া হয়। বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহ নিজ নিজ পৰিষদত সুচাৰুভাৱে ৰূপায়ণ কৰা এই পৰিষদ সমূহৰ অন্যতম উদ্দেশ্য। প্ৰতিখন উন্নয়ন পৰিষদত ১৫ জনৰ পৰা ২৫ জন সদস্য আৰু এজন অধ্যক্ষ থাকে। অসমত বৰ্তমান ৩৩ খন[3] উন্নয়ন পৰিষদ আছে। সেইকেইখন হ'ল,
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.