ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো নেতৃবৰ্গৰ দ্বাৰা স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তি From Wikipedia, the free encyclopedia
ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰিত হয়।[1] ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসম চৰকাৰৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। আনপিনে বড়ো নেতৃবৰ্গৰ ভিতৰত নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ গোবিন্দ বসুমতাৰী, ধীৰেন্দ্ৰ বড়ো, ৰঞ্জন দৈমাৰী, বি চাওৰাইগোৰা, অল বড়ো ষ্টুডেণ্ট ইউনিয়ন চমুকৈ এবচুৰ প্ৰমোদ বড়ো, বিটিচিৰ মুখ্য কাৰ্য্যবাহী বিষয়া হাগ্ৰামা মহিলাৰী আৰু ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেচন বা চমুকৈ ইউবিপিঅ'ৰ প্ৰতিনিধিয়ে চুক্তি ৰূপায়ণত অংশ লয়।[2] এই চুক্তিখনৰ পিছত কেইবাদশকো চলি অহা সশস্ত্ৰ বড়ো সংগ্ৰামখনৰ সামৰণি পৰিব বুলি আশা কৰা হৈছে কিয়নো চুক্তিখন স্বাক্ষৰিত হোৱাৰ তিনিদিন পিছতেই এনডিএফবিৰ ১, ৬১৫ জন সংগ্ৰামীয়ে ৩০ জানুৱাৰী, ২০২০-ৰ দিনা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰে।[3]
এই চুক্তিখন হৈছে বড়ো আৰু চৰকাৰৰ মাজত সম্পন্ন হোৱা তৃতীয়খন চুক্তি। ইয়াৰ পূৰ্বে ১৯৯৩ চনত আৰু ২০০৩ চনত বড়ো চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৯৩ চনৰ চুক্তিখনৰ দ্বাৰা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ গঠন হৈছিল আৰু ২০০৩ চনৰ চুক্তিখনৰ জৰিয়তে অসমৰ চাৰিখন জিলা সামৰি বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ গঠন হৈছিল।[4][5]
অন্তৰ্ভুক্তিৰ বিষয়ে বিবেচনা কৰিবলৈ এখন আয়োগ গঠন কৰা হ’ব।
চুক্তিৰ খচৰাখনৰ মতে অসমৰ নিন্মোক্ত জিলাসমূহ পুনৰ্গঠন কৰি বড়োলেণ্ডৰ অন্তৰ্ভূক্ত কৰা হ’ব:
গতিকে প্ৰস্তাৱিত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়নত সৰ্বমুঠ জিলা হ’ব ৯ খন।[6]
ভাৰত চৰকাৰে নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ সদস্যৰ ওপৰত থকা সকলো ধৰণৰ গোচৰ উঠাই ল’ব। তদুপৰি কাৰাগাৰত থকা সংগঠনটোৰ সমৰ্থক বা পৰিয়ালৰ লোকসকলক মুকলি কৰি দিয়া হ’ব।
বড়ো চুক্তিখনৰ সফলতামূলক স্বাক্ষৰৰ আঁৰত দুজন মধ্যস্থতাকাৰীয়ে উল্লেখনীয় অৱদান আগবঢ়াইছিল। তেওঁলোক হৈছে ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ আৰু আৰু থুলুঙ্গা বসুমতাৰী। ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ হৈছে বড়ো ৰজা চিক্ৰা মেচৰ উনবিংশতিতম উত্তৰ পুৰুষ আৰু থুলুঙ্গা বসুমতাৰী হৈছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ স্নাতক। ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অনুমতি লৈ নতুন দিল্লীৰ পৰা বেংককলৈ যাত্ৰা কৰে। তাৰ পৰা ২০১৯ৰ ৯ডিচেম্বৰৰ দিনা ম্যানমাৰৰ মান্দালয়লৈ যায়। আৰু তাৰ পৰা তিনিঘণ্টাৰ যাত্ৰাৰ অন্তত এনডিএফবি সংবিজিত গোটৰ নেতাসকলক লগ কৰি মূলসুঁতিলৈ উভটি আহিবলৈ মান্তি কৰায়। ইয়াৰ পিছত তেওঁলোকে বড়ো চুক্তিৰ খচৰাখন এনডিএফবি সংবিজিত গোটৰ ফালৰ পৰা ভাৰত চৰকাৰক অৰ্পণ কৰে আৰু চৰকাৰেও মীমাংসা কৰিবলৈ মান্তি হয়।[9][10]
বড়ো চুক্তি ২০২০ খন স্বাক্ষৰিত হোৱাৰ পিছত বিভিন্ন পক্ষৰ পৰা প্ৰক্ৰিয়া অহা দেখা যায়।
আলফা (স্বাধীন)-ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এই চুক্তিখন বড়োসকলৰ হিতকাৰী বুলি উল্লেখ কৰি কয় যে চুক্তিখনে বড়োসকলৰ ভাষিক, সাংস্কৃতিক, ঐতিহাসিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব। লগতে তেওঁ কয় যে এই চুক্তিখনে অসমখনক কোনোধৰণে বিভাজিত কৰা নাই।[11]
কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰণীয়াই বড়োলেণ্ডৰ ভিতৰৰ অবড়ো লোকসকলৰ অধিকাৰৰ হৈ চিন্তিত হৈ পৰা বুলি মত প্ৰকাশ কৰে।[12] লগতে তেওঁ এই চুক্তিখনে যাতে অসমখন বিভাজনৰ দিশে আগবঢ়াই লৈ নাযায় সেই বিষয়েও স্পষ্টীকৰণ বিচাৰে আৰু বড়োলেণ্ডত অসমীয়া ভাষাৰ স্থান অৱনমিত কৰা নহব বুলি দাবী জনায়।[13] আকৌ NDTVৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ এই চুক্তিখন বৈষম্যমূলক তথা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলিও ব্যক্ত কৰে।[14]
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কোনো আদিবাসী গাওঁ বিটিআৰৰ অন্তৰ্ভূক্ত নকৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।[15] বিটিআৰ গঠনে আদিবাসীসকলৰ ভূমি আৰু ৰাজনৈতিক অধিকাৰ ধ্বংস কৰিব বুলি দাবী কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন চলাই যোৱাৰ কথা ঘোষণা কৰে।[16]
বড়ো চুক্তি ২০২০ স্বাক্ষৰিত হোৱাৰ কিছুদিন পিছত ৭ ফেব্ৰুৱাৰী ২০২০-ত কোকৰাঝাৰত অনুষ্ঠিত হোৱা আনন্দ সমাৰোহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাগ লয়। তেওঁ নিজৰ ভাষণত বড়োসকলৰ শান্তিৰ হকে আগবঢ়োৱা এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।[17]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.