From Wikipedia, the free encyclopedia
সৌৰভ কুমাৰ চলিহা (ইংৰাজী: Saurabh Kumar Chaliha) অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম। আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি।[উদ্ধৃতিৰ প্ৰয়োজন] চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়-বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ-নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ উপাদান। চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰপৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল।
সৌৰভ কুমাৰ চলিহা | |
---|---|
জন্ম | সুৰেন্দ্ৰ নাথ মেধি ১৬ জুলাই, ১৯৩০ মঙলদৈ, দৰং, অসম |
মৃত্যু | ২৫ জুন, ২০১১ (৮০ বছৰ) গুৱাহাটী |
পেচা | অধ্যাপক, গল্পকাৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৭৪) অসম উপত্যকা সাহিত্য বঁটা (১৯৯৫) |
সুৰেন্দ্ৰ নাথ মেধিৰ জন্ম হয় দৰং জিলাৰ মঙলদৈত। পিতৃ কালিৰাম মেধি আৰু মাতৃ স্বৰ্ণলতা মেধিৰ পুত্ৰ সুৰেন্দ্ৰ নাথ মেধিয়ে স্কুলীয়া জীৱন আৰম্ভ কৰিছিল ১৯৩৯ চনত গুৱাহাটীৰ ছেইণ্ট মেৰিজ কনভেণ্ট স্কুলত। কটন কলেজিয়েট স্কুলৰ পৰা ১৯৪৬ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰা মেধিয়ে ১৯৪৮ চনত আই এছ চি পৰীক্ষাত পঞ্চম স্থান লাভ কৰি উত্তীৰ্ণ হয়। কটন কলেজত পঢ়ি থাকোঁতেই তেওঁ ৰিভ'লুশ্বনাৰী কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ কাম-কাজত জড়িত হোৱাৰ বাবে জে'ললৈ যাবলগীয়া হৈছিল। কিন্তু জে'লৰ পৰাই পৰীক্ষা দি ১৯৫০ চনত পদাৰ্থ বিজ্ঞানত সন্মানসহ তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। ৰাজনৈতিক কাম-কাজত জড়িত হৈ পৰাৰ বাবে ঘৰৰ মানুহে তেওঁক বিলাতলৈ পঠিওৱাৰ সিদ্ধান্ত লয়। ১৯৫২ চনত ইংলেণ্ডৰ লিভাৰপুল অভিমুখে ভাৰতীয় জাহাজেৰে যাত্ৰা আৰম্ভ কৰে। দুবছৰৰ পিছত তেওঁ লণ্ডন ইউনিভাৰ্ছিটিৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ জাৰ্মানীৰ ভিতৰুৱা ঠাই গুটিংগেনৰ এখন স্কুলত শিক্ষকতাৰ পাতনি মেলে। জাৰ্মানীৰ কেইবাখনো শিক্ষানুষ্ঠানত পাঠদানৰ অভিজ্ঞতা লৈ ১৯৬০ চনত মেধি গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰে আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। তাৰ পৰাই তেওঁ ১৯৮৮ চনত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰে।
পঞ্চাছৰ দশকত গল্প লিখিবলৈ আৰম্ভ কৰা সুৰেন্দ্ৰ নাথ মেধি ওৰফে সৌৰভ কুমাৰ চলিহাৰ প্ৰথম গল্পটো হ'ল 'পঞ্জাব সীমান্তৰ সহযাত্ৰী'।[1] ইয়াৰ পিছতে 'কালমাৰ্ক্স-এৰা' নামৰ গল্পটো বাঁহীত প্ৰকাশ পায়। ৰামধেনুৰ চুটি গল্প প্ৰতিযোগিতাত তেওঁৰ 'অশান্ত ইলেকট্ৰন' গল্পটোৱে প্ৰথম স্থান লাভ কৰে। তেখেতে ১৯৭৪ চনত 'গোলাম' নামৰ সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা[2] আৰু ১৯৯৫ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। মন কৰিবলগীয়া যে জীৱিত কালত তেওঁ কোনোধৰণৰ বঁটা বাহন গ্ৰহণ কৰিবৰ বাবে নিজে যোৱা নাছিল। 'একৈশ শতিকা ধেমালি নহয় আৰু অন্যান্য ৰচনা', 'জন্মদিন আৰু অন্যান্য গল্প', 'দ্ৰোণ আৰু গ্যেটে' তেওঁৰ আন তিনিখন অনন্য ৰচনা।
লাখটকীয়াত গোলাম (Closed-door-syndrome-and the stuff-inside-the-magazine syndrome) (২০০২), সৌৰভ কুমাৰ চলিহাৰ ওপৰত নিৰ্মিত এখন তথ্য-চিত্ৰ। পৰিচালক আলতাফ মজিদ। আলতাফ মজিদেই চলিহাৰ আন এটা লেখনিৰ ভিত্তিত ২০০৫ চনত নিৰ্মাণ কৰে অন্য এখন তথ্য চিত্ৰ 'ভাল খবৰ' (Good News). চলিহাৰ গল্প 'দুপৰীয়া' আৰু 'সিহঁতেও পাহাৰ বগালে'ৰ ওপৰত ভিত্তি কৰি দুখন অঁনাতাৰ নাটক প্ৰযোজিত হয়।
২০১১ চনৰ ২৫ জুন তাৰিখে বৃক্ক আৰু হাঁওফাঁওৰ ৰোগত ভুগি গুৱাহাটীৰ ইণ্টাৰনেশ্বনেল হাস্পতালত পুৱা ৫.৪০ বজাত মৃত্যু হয়।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.