কটন বিশ্ববিদ্যালয়

অসমৰ গুৱাহাটীত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান From Wikipedia, the free encyclopedia

কটন বিশ্ববিদ্যালয়

কটন বিশ্ববিদ্যালয় (ইংৰাজী: Cotton University; পূৰ্বতে কটন কলেজ বুলি জনাজাত) ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল। প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পিছলৈ গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল। ২০১১ চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হ'ল।

ক্ষিপ্ৰ তথ্য কটন বিশ্ববিদ্যালয়, মূলমন্ত্ৰ ...
কটন বিশ্ববিদ্যালয়
Thumb
মূলমন্ত্ৰ অপ্ৰমত্তেন বেদ্ধ্য়ৱ্য়ম্
স্থাপিত ১৯০১ (কটন কলেজ)
২০১১ (কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়)
২০১৭ (কটন বিশ্ববিদ্যালয়)
ধৰণ ৰাজহুৱা
আচাৰ্য অসমৰ ৰাজ্যপাল
উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা
স্থান গুৱাহাটী, অসম,, ভাৰত
26.1868°N 91.7476°E / 26.1868; 91.7476
ৱেবছাইট cottonuniversity.ac.in
বন্ধ কৰক

২০১৭ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কটন বিশ্ববিদ্যালয় ৰাখিলে তথা কটন কলেজক এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হ'ল।[1]

কটন কলেজ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান।

ইতিহাস

Thumb
মাণিক চন্দ্ৰ বৰুৱা প্ৰশাসনীয় ভৱন
Thumb
নতুন কলা ভৱন

ব্ৰিটিছ শাসিত অসম প্ৰদেশৰ তদানিন্তন চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটন, কে.চি.এছ.আই-এ ১৯০১ চনৰ ২৭ মে'ৰ দিনা কটন কলেজৰ আৰম্ভণি হ'ল বুলি ঘোষণা কৰিছিল। প্ৰদেশখনৰ উচ্চ শিক্ষালৈ হেনৰী ষ্টেডমেন কটনে আগবঢ়োৱা অসামান্য বৰঙনিৰ বাবে তেখেতৰ নামেৰে প্ৰতিষ্ঠানটোৰ নাম কটন কলেজ ৰখা হৈছিল। অধ্যক্ষ উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছনকে ধৰি পাঁচ অধ্যাপকেৰে কটন কলেজৰ শিক্ষাদান আৰম্ভ হৈছিল। আৰম্ভণি বৰ্ষত এফ.এ. প্ৰথম বৰ্ষ শ্ৰেণীত ৩৭ জন আৰু এফ.এ. দ্বিতীয় বৰ্ষ শ্ৰেণীত ২জন, মুঠ ৩৯ জন ছাত্ৰই নামভৰ্তি কৰিছিল। ১৯৯২ চনৰ ৬ অক্টোবৰ তাৰিখে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ উপস্থিতিত হোৱা এক অনুষ্ঠানত কটন কলেজক এখন স্নাতকোত্তৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয়। ২০০১ চনৰ ২৭ মে'ৰপৰা ২০০২ চনৰ ২৬ মে'লৈ এবছৰীয়া কাৰ্যসূচীৰে কটন কলেজে শতবৰ্ষ উদ্‍যাপন কৰে। ভাৰতৰ তদানীন্তন উপৰাষ্ট্ৰপতি কৃষ্ণ কান্তেশতবৰ্ষ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাগ লয়। শতবৰ্ষ কাৰ্যসূচীৰ অংশ হিচাপে ভাৰতীয় ডাক বিভাগে ২০০২ চনত শতবৰ্ষৰ স্মৰণিকা হিচাপে ৪ টকাৰ বিশেষ ডাক টিকট প্ৰচলন কৰে।

কটন কলেজত বৰ্তমান কলা, বিজ্ঞান আৰু সমাজ বিজ্ঞান শাখাৰ মুঠ ২১টা প্ৰাক-স্নাতক বিভাগ আৰু ২০টা স্নাতকোত্তৰ বিভাগত মুঠ প্ৰায় ৫০০০ জন ছাত্ৰ-ছাত্ৰী আৰু ২৪৪ জন শিক্ষক আছে।

কটন কলেজ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ লগতে সাহিত্যিক-সাংস্কৃতিক আন্দোলনৰো কেন্দ্ৰ আছিল।

অৱস্থান আৰু পৰিবহণ

গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা বিশ্ববিদ্যালয় চৌহদলৈ প্ৰায় ২৫ কিঃমিঃ। গুৱাহাটী ৰেলৱে ষ্টেছনৰ পৰা কটন কলেজলৈ দূৰত্ব প্ৰায় ১ কিঃমিঃ[2]

অধ্যক্ষৰ তালিকা

১৯০১ চনৰপৰা ২০১২ চনলৈকে মুঠ ৫১ জন অধ্যক্ষই কাৰ্যভাৰ গ্ৰহণ কৰিছে[3]

অধিক তথ্য ক্ৰমিক নং, অধ্যক্ষ ...
ক্ৰমিক নং অধ্যক্ষ কাৰ্যকাল
ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন ১৯০১ - ১৯২৬
ডি. থমচন ১৯২৬ - ১৯৩৩
এ. ই. ব্ৰাউন ১৯৩৩ - ১৯৩৪
ডি. ই. ৰবাৰ্ট্‌ছ ১৯৩৪ - ১৯৩৭
এছ. চি. ৰয় ১৯৩৭ - ১৯৪০
বি. চি. সেনগুপ্তা ১৯৪০ - ১৯৪২
এইচ. এন. সেন ১৯৪২ - ১৯৪৩
এল. এন. চেটাৰ্জী ১৯৪৩
এছ. এন. সেন ১৯৪৩ - ১৯৪৪
১০ আৰ. আৰ. থমাছ ১৯৪৫ - ১৯৪৬
১১ সূৰ্যকুমাৰ ভূঞা ১৯৪৬
১২ পি. চি. সান্যাল ১৯৪৬ - ১৯৪৭
১৩ এছ. এম. মহিবুল্লা ১৯৪৭
১৪ বাণীকান্ত কাকতি ১৯৪৭ - ১৯৪৯
১৫ ইউ.কে. গোস্বামী ১৯৪৯
১৬ এছ. এন. চক্ৰৱৰ্তী ১৯৪৯ - ১৯৫২
১৭ এইচ. চি. ভূঞা ১৯৫২ - ১৯৫৪
১৮ ইউ. কে. দত্ত ১৯৫৪ - ১৯৫৮
১৯ এইচ. চি. গোস্বামী ১৯৫৮ - ১৯৬৩
২০ এইচ. কে. বৰপূজাৰী ১৯৬৩
২১ এন. ইচলাম ১৯৬৩ - ১৯৬৯
২২ কে. ৰয় ১৯৬৯
২৩ পি. চি. গোস্বামী ১৯৬৯ - ১৯৭০
২৪ টি. কে. ভট্টাচাৰ্য ১৯৭০ - ১৯৭২
২৫ এ. জলিল ১৯৭২ - ১৯৭৪
২৬ পি. বৰুৱা ১৯৭৪ - ১৯৭৫
ক্ৰমিক নংনামকাৰ্যকাল
২৭.এ. শৰ্মা১৯৭৫
২৮.এ. আলি১৯৭৫ - ১৯৭৯
২৯.এ. লতিফ১৯৭৯
৩০.গোবিন্দ চন্দ্ৰ ডেকা১৯৭৯ - ১৯৮৬
৩১.আৰ. কে. দাস১৯৮৬ - ১৯৮৭
৩২.কমলেন্দু দেৱ ক্ৰোড়ী১৯৮৭ - ১৯৯১
৩৩.অনিল কুমাৰ গোস্বামী১৯৯১ - ১৯৯৩
৩৪.বি. চি. চৌধুৰী১৯৯৩ - ১৯৯৪
৩৫.মনীষ চন্দ্ৰ ঘোষ১৯৯৪ - ১৯৯৫, ১৯৯৫ - ১৯৯৬ (ডীন)
৩৬.তৃষ্ণা মহন্ত১৯৯৬ - ১৯৯৭(ডীন)
৩৭.জিষ্ণু দত্ত১ জানুৱাৰী ১৯৯৮ - ৩১ জানুৱাৰী ১৯৯৮ (ডীন)
৩৮.কৃপেশ চন্দ্ৰ পাল১ ফেব্ৰুৱাৰী ১৯৯৮ - ৩০ জুন ১৯৯৮ (ডীন)
৩৯.প্ৰীতিলতা কাকতি১ জুলাই ১৯৯৮ - ৩০ নৱেম্বৰ ১৯৯৮ (ডীন)
৪০.ডি. কে. কাকতি১ ডিছেম্বৰ ১৯৯৮ - ৩১ মে' ১৯৯৯ (ডীন)
৪১.মুক্তি দেৱ চৌধুৰী১ জুন ১৯৯৯ - ২৯ ফেব্ৰুৱাৰী ২০০০ (ডীন)
৪২.দিলীপ কুমাৰ বৰুৱা১ মাৰ্চ ২০০০ - ৭ মাৰ্চ ২০০০(ডীন), ৮ মাৰ্চ ২০০০ - ৭ নৱেম্বৰ ২০০০(অধ্যক্ষ)
৪৩.ৰামচৰণ ঠাকুৰীয়া৮ নৱেম্বৰ ২০০০ - ৩১ ডিছেম্বৰ ২০০২
৪৪.জয়মতী মেধি১ জানুৱাৰী ২০০৩ - ৩১ আগষ্ট ২০০৩
৪৫.উদয়াদিত্য ভৰালী১ ছেপ্তেম্বৰ ২০০৩ - ৩১ আগষ্ট ২০০৬
৪৬.তৰুণ চিৰকাৰ১ ছেপ্তেম্বৰ ২০০৬ - ৮ জানুৱাৰী ২০০৭
৪৭.ইন্দ্ৰ কুমাৰ ভট্টাচাৰ্য৯ জানুৱাৰী ২০০৭ - ৩১ অক্টোবৰ ২০১১
৪৮.এছ. বৰুৱা১নৱেম্বৰ ২০১১ - ৩০ নৱেম্বৰ ২০১১
৪৯.যমুনা শৰ্মা চৌধুৰী১ ডিছেম্বৰ ২০১১ - ৩১ ডিছেম্বৰ ২০১১
৫০.প্ৰশান্ত কুমাৰ বৰদলৈ১ জানুৱাৰী ২০১২ - ১৭ মাৰ্চ ২০১২
৫১.নিৰদা দেৱী১৮ মাৰ্চ ২০১২ - বৰ্তমান
বন্ধ কৰক

মূল্যাংকন

২০১১ চনৰ ৮ জানুৱাৰীত কটন কলেজে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (NAAC) -ৰ পৰা ৪ৰ ভিতৰত ৩.৩৯ CGPA লাভ কৰি A গ্ৰেড লাভ কৰে।

শিক্ষা

উচ্চতৰ মাধ্যমিক

কলা আৰু বিজ্ঞান বিভাগত ২ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰদান কৰা হয়।

স্নাতক

কলা আৰু বিজ্ঞান শাখাত ৩ বছৰীয়া স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়।

স্নাতকোত্তৰ

কলা আৰু বিজ্ঞান শাখাত ২ বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়। নামভৰ্তিৰ বাবে কেন্দ্ৰীয়ভাৱে এক প্ৰৱেশ পৰীক্ষা (CPGEE) অনুষ্ঠিত হয়। প্ৰৱেশ পৰীক্ষাৰ আবেদনসমূহ এপ্ৰিল/মে' মাহত অনলাইন পদ্ধতিৰে গ্ৰহণ কৰা হয়। নামভৰ্ত্তিৰ বিজ্ঞাপন বিশ্ববিদ্যালয়ৰ ৱেবচাইট অথবা ৰাষ্ট্ৰীয়/স্থানীয় বাতৰিকাকতত প্ৰকাশিত হয়।

ডক্টৰেট

কটন বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰীৰ পাঠ্যক্ৰম (পি এইচ ডি)ত নামভৰ্ত্তিৰ বাবে লিখিত প্ৰৱেশ পৰীক্ষা আৰু সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক (অৱশ্যে জে-আৰ-এফ/নেট/শ্লেট ইত্যাদি অৰ্হতা থকা প্ৰাৰ্থীক লিখিত পৰীক্ষাৰ পৰা ৰেহাই দিয়া হয়)। অনলাইন পদ্ধতিৰে জুন/জুলাই মাহত আৱেদনসমূহ গ্ৰহণ কৰা হয়। নামভৰ্ত্তিৰ বাবে ইতিমধ্যে বিশ্ববিদ্যালয় অনুদান আয়োগৰ শেহতীয়া নিয়মাৱলীসমূহ কাৰ্যকৰী কৰা হৈছে।

কম্পিউটাৰ বিজ্ঞানৰ স্নাতক

কম্পিউটাৰ বিজ্ঞান বিভাগৰ অধীনত ৩ বছৰীয়া কম্পিউটাৰ বিজ্ঞানৰ স্নাতক Bachelor of Computer Applications (BCA) ডিগ্ৰী প্ৰদান কৰা হয়।

ছাত্ৰাবাস

অধিক তথ্য নাম, স্থাপন ...
নামস্থাপনআসনকোঠালি
কৃষ্ণকান্ত সন্দিকৈ স্নাতকোত্তৰ ছাত্ৰাবাস১৯০১৭৫২২
শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাস১৯০২৬৪২০
ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাস১৯১০৮৫৩০
শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস১৯১৩৯৩৩৩
আনন্দৰাম বৰুৱা ছাত্ৰাবাস১৯১৩৯৯৩৩
সীতানাথ ব্ৰহ্মচৌধুৰী ছাত্ৰাবাস১৯২৯৯০২৫
মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাস১৯৫৫১১০২৮
পদ্মশ্ৰী নলিনীবালা দেৱী ছাত্ৰীবাস১৯৫০১১২২৫
শ্বহীদ কনকলতা ছাত্ৰীবাস১৯৭১১০৫২১
ড॰ কমলা ৰয় ছাত্ৰীবাস[4]২০০১৬০২৫
বন্ধ কৰক

উল্লেখনীয় প্ৰাক্তন ছাত্ৰছাত্ৰীসকল

Thumb
কটন কলেজৰ প্ৰতিষ্ঠাপক
Thumb
কটন কলেজৰ মূল প্ৰৱেশদ্বাৰ
Thumb
কটন কলেজৰ মূল ভৱন
Thumb
কটন কলেজৰ ডাক টিকট

বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ

ভাষা, সাহিত্য আৰু ভাষাতত্ত্ব অনুষদ

  1. অসমীয়া বিভাগ
  2. বড়ো বিভাগ
  3. ইংৰাজী বিভাগ
  4. বাংলা বিভাগ
  5. হিন্দী বিভাগ
  6. ইছলামিক অধ্যয়ন (পাৰ্ছী আৰু আৰৱী)
  7. সংস্কৃত বিভাগ

মানৱবিদ্যা আৰু সমাজবিজ্ঞান অনুষদ

  1. অৰ্থনীতি বিভাগ
  2. শিক্ষাতত্ত্ব বিভাগ
  3. বুৰঞ্জী বিভাগ
  4. ৰাজনীতি-বিজ্ঞান বিভাগ
  5. সমাজতত্ত্ব বিভাগ
  6. দৰ্শন বিভাগ
  7. পুৰাতত্ত্ব বিভাগ
  8. মনোবিজ্ঞান বিভাগ
  9. নৃতত্ত্ব বিভাগ
  10. গনসংযোগ, সাংবাদিকতা আৰু মাধ্যম অধ্যয়ন বিভাগ
  11. গ্ৰন্থাগাৰ বিজ্ঞান বিভাগ

পদাৰ্থ, ৰসায়ন আৰু গাণিতিক বিজ্ঞান অনুষদ

  1. ৰসায়ন-বিজ্ঞান বিভাগ
  2. গণিত বিভাগ
  3. পদাৰ্থ-বিজ্ঞান বিভাগ
  4. পৰিসংখ্যা বিভাগ
  5. কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগ

ভূমি বিজ্ঞান অনুষদ

  1. ভূগোল বিভাগ
  2. ভূতত্ত্ব বিজ্ঞান বিভাগ

জীৱ বিজ্ঞান অনুষদ

  1. আণৱিক জীৱবিজ্ঞান আৰু জৈৱপ্ৰযুক্তি বিভাগ
  2. উদ্ভিদ বিজ্ঞান বিভাগ
  3. প্ৰাণী বিজ্ঞান বিভাগ
  4. পাৰিপাৰ্শ্বিক জীৱবিজ্ঞান আৰু বন্য বিজ্ঞান বিভাগ

অধ্যয়ন কেন্দ্ৰ

  1. মহিলা অধ্যয়ন কেন্দ্ৰ


তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.