অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ From Wikipedia, the free encyclopedia
হোমেন বৰগোহাঞি (ইংৰাজী: Homen Borgohain; ১৯৩২ – ২০২১) অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা-বাহনেৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল। 'পিতা-পুত্ৰ' গ্ৰন্থখনৰ বাবে বৰগোহাঞিক ১৯৭৮ চনত অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল[1] যদিও তেওঁ ভাৰতীয় সমাজত সৃষ্টি হোৱা সহনশীলতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে, ২০১৫ চনত, এই বঁটা আৰু ইয়াৰ সৈতে প্ৰাপ্ত নগদ ধন ঘূৰাই দিছিল।[2][3] হোমেন বৰগোহাঞিয়ে ২০০১ আৰু ২০০২ চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।
হোমেন বৰগোহাঞি | |
---|---|
জন্ম | ৭ ডিচেম্বৰ, ১৯৩২ ঢকুৱাখনা, লখিমপুৰ জিলা, অসম |
মৃত্যু | ১২ মে', ২০২১ (৮৮ বছৰ) জিএনআৰচি হস্পিতাল, গুৱাহাটী |
পেচা |
|
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি |
|
উল্লেখযোগ্য বঁটা |
|
দাম্পত্যসংগী | নিৰুপমা বৰগোহাঞি (বি. ১৯৫৮; বিবি. ১৯৭৭) |
সন্তান | ২ (অনিন্দ্য বৰগোহাঞি, প্ৰদীপ্ত বৰগোহাঞি) |
বিবাহসূত্ৰে তেওঁ অসমৰ আন এগৰাকী সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ স্বামী আছিল আৰু দুয়ো একেলগে 'পুৱাৰ পূৰৱী সন্ধ্যাৰ বিভাস' নামৰ উপন্যাসখন লিখি উলিয়াইছিল। বৰগোহাঞিয়ে 'সাউদৰ পুতেকে নাও মেলি যায়', 'হালধীয়া চৰায়ে বাওধান খায়', 'অস্তৰাগ', 'পিতাপুত্ৰ', 'মৎসগন্ধা', 'তিমিৰ তীৰ্থ' আদি বহুকেইখন উপন্যাসৰ উপৰি কেইবাখনো আত্মজীৱনী, স্মৃতি-কথা, প্ৰবন্ধ-সংকলন, গল্প-সংকলনৰ উপৰি যথেষ্ট সংখ্যক কবিতা লিখিছে। বৰগোহাঞিৰ উপন্যাস 'হালধীয়া চৰায়ে বাওধান খায়'ৰ কাহিনীভিত্তিক জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত একে নামৰ ছবিখনে ১৯৮৮ চনত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল।[4]
২০১৫ চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ অসমীয়া দৈনিক কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল।[5] তেওঁ নীলাচল, সাতসৰী, আমাৰ অসম, অসম বাণী, সূত্ৰধাৰ আদিকে ধৰি ভালেকেইখন কাকত-আলোচনীৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
অসমত গ্ৰন্থ আন্দোলনৰ হোতা স্বৰূপে হোমেন বৰগোহাঞিয়ে অৱদান আগবঢ়াইছিল। তেওঁ বিংশ শতিকাৰ শেষৰপৰা একবিংশ শতিকাৰ সময়ছোৱাত বহুখিনি কাম কৰি থৈ গৈছে। ‘যিবোৰ দেশত শিক্ষিতৰ সংখ্যা আৰু কিতাপৰ প্ৰচলন আটাইতকৈ বেছি সেইবোৰ দেশেই আজি পৃথিৱীৰ ভিতৰত আটাইতকৈ উন্নত দেশ বুলি পৰিগণিত হৈছে। অসমৰ মানুহেও যদি আধুনিক জগতৰ উন্নতিৰ প্ৰতিযোগিতাত সমানে ভাগ ল’ব খোজে তেন্তে তেওঁলোকে কিতাপক ভাল পাবলৈ শিকিব লাগিব আৰু নিয়মিতভাৱে কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগিব। ’[6] সাহিত্যৰ বিভিন্ন বিধাসমূহত সবলভাৱে আত্মপ্ৰতিষ্ঠা লাভ কৰাৰ সমান্তৰালভাৱে তেওঁ নিজৰ জীৱনটোকে ‘সাহিত্য ৰচনাৰ মূল বিষয়’ হিচাপে প্ৰতিষ্ঠা কৰিলে। ‘ধুমুহা আৰু ৰামধেনু’ৰ দ্বিতীয় খণ্ডত তেওঁ লিখিছে– ‘ক’বলৈ গ’লে যোৱা কুৰিবছৰমান ধৰি আত্ম-জীৱনীৰ বাহিৰে [সাংবাদিকতাক বাদ দি] আন একো মই লিখাই নাই। যোৱা কুৰিবছৰত মই আটাইতকৈ বেছি পৰিমাণে লিখিছো ব্যক্তিগত ৰচনা– যিবোৰত মই ঘাইকৈ নিজৰ কথাই লিখিছোঁ। ’[7]
‘শ্ৰীময়ী’ আলোচনীৰ এটা সাক্ষাৎকাৰত বৰগোহাঞিয়ে তেওঁৰ লেখা সম্পৰ্কে এষাৰ কথা কৈছিল এনেদৰে–‘যদি কোনো কথা মই তীব্ৰভাৱে অনুভৱ নকৰোঁ মই লিখিব নোৱাৰোঁ। মোৰ লেখাত আন্তৰিকতা আৰু অনুভূতিৰ তীব্ৰতা সংপৃক্ত হৈ থাকে। ’[8]
১৯৩২ চনৰ ৭ ডিচেম্বৰত, অসমৰ অবিভক্ত লখিমপুৰ জিলাৰ ঢকুৱাখনাত এটা আহোম পৰিয়ালত হোমেন বৰগোহাঞিৰ জন্ম হয়।[9] পিতৃ ইন্দ্ৰধৰ বৰগোহাঞি আৰু মাতৃ আইতা বৰগোহাঞি।[10] ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা ১৯৫০ চনত তেওঁ মেট্ৰিক পাছ কৰি কটন কলেজত ভৰ্তি হয়। ১৯৫২ চনত কটন কলেজৰপৰা আই.এছ.ছি.[11] পৰীক্ষাত[12] উৰ্ত্তীণ হয় আৰু ১৯৫৪ চনত ইংৰাজী বিষয়ত অনাৰ্ছসহ[5] স্নাতক ডিগ্ৰী লাভ কৰে।[10] তেখেতে কটন কলেজৰ ছেকেণ্ড মেছ (বৰ্তমানৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাৱাস)-ত আছিল।[13]
হোমেন বৰগোহাঞিয়ে তেওঁৰ আত্মজীৱনীত নিজৰ ইচ্ছাৰ বিৰুদ্ধে বিজ্ঞানৰ শ্ৰেণীত ভৰ্তি হোৱা বুলি উল্লেখ কৰিছে। তেওঁ কৈছে, “নিজৰ ইচ্ছাৰ বিৰুদ্ধে মই বিজ্ঞানৰ শ্ৰেণীত ভৰ্তি হৈছিলোঁ। তাৰো কাৰণ আছিল একেটাই-জেদ।”[13] কলেজীয়া শিক্ষা গ্ৰহণ কৰাৰ আগতে অৱতীৰ্ণ হোৱা প্ৰৱেশিকা পৰীক্ষাত তেওঁৰ ফলাফল আশানুৰূপ হোৱা নাছিল। তেওঁ প্ৰথম বিভাগতহে উত্তীৰ্ণ হৈছিল। পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ দিনা সংস্কৃত শিক্ষক লক্ষ্মীনাথ ফুকনে তেওঁক কলা শাখাত পঢ়িবলৈহে নিৰ্দেশ দিছিল। অৱশ্যে হোমেন বৰগোহাঞিয়ে মনে মনে কলা শাখাতে পঢ়িম বুলিয়েই ঠিক কৰি থৈছিল। কিন্তু শিক্ষকগৰাকীৰ কথা শুনি তেওঁ জেদতে বিজ্ঞান শাখাত পঢ়িবলৈ থিৰাং কৰিলে। তেওঁৰ ইণ্টাৰমিডিয়েট (আইএছচি) পৰীক্ষা ভাল হৈছিল। কিন্তু তেওঁ কৈছে, “…কিন্তু তাৰ কাৰণে কিছু মূল্য দিবলগীয়া হ'ল। কলেজৰ প্ৰথম দুটা বছৰ মোৰ কাৰণে খুব নিৰানন্দময় হৈ ৰ'ল।”[13] ইয়াৰ পিছত তেওঁ তৃতীয় বাৰ্ষিকত নাম লগাঁৱতে ইংৰাজীত অনাৰ্ছ ল'লে আৰু বিজ্ঞান শাখাৰ পৰা কলা শাখালৈ আহিল। তেওঁ আত্মজীৱনী 'আত্মানুসন্ধান'ত কৈছে, “আৰ্টছলৈ আহি ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি অহাৰ নিচিনা বিৰাট স্বস্তি অনুভৱ কৰিলোঁ।”[13]
১৯৫৫ চনত হোমেন বৰগোহাঞিয়ে প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু মাজুলীত উপ-প্ৰতি সমাহৰ্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৫৮ চনৰ পৰা ১৯৬০ চনলৈকে তেওঁ ছয়গাঁৱত উপ-প্ৰতি সমাহৰ্তাৰ দায়িত্বত থাকে। ১৯৬০-৬২ চনত তেওঁ গোৱালপাৰা মহকুমাৰ পৰিকল্পনা বিষয়া হিচাপে কৰ্মনিৰ্বাহ কৰে। ১৯৬৩-৬৫ চনত উত্তৰ লখিমপুৰত পৰিকল্পনা বিষয়া আৰু ১৯৬৫-৬৮ চনত যোৰহাটৰ পৰিকল্পনা বিষয়াৰ দায়িত্বত থাকে। ১৯৬৮ চনত চৰকাৰী চাকৰি পৰিত্যাগ কৰে আৰু সাপ্তাহিক নীলাচল কাকতত সম্পাদক হিচাপে সাংবাদিক জীৱন আৰম্ভ কৰে।[14]
আত্মজীৱনী 'ধুমুহা আৰু ৰামধেনু (দ্বিতীয় খণ্ড)'ত হোমেন বৰগোহাঞিয়ে লেখক জীৱন কবিতাৰ জৰিয়তে আৰম্ভ কৰা বুলি মন্তব্য কৰিছে। পঞ্চম-সপ্তম শ্ৰেণীত পঢ়ি থকাৰ কালতে মাধৱ বেজবৰুৱা সম্পাদিত বাঁহী আলোচনীত তেওঁৰ কবিতা প্ৰকাশ পাইছিল। ডিব্ৰুগড় চৰকাৰী হাইস্কুলত দশম শ্ৰেণীৰ ছাত্ৰ হৈ থকাৰ কালত হেম বৰুৱাৰ সম্পাদনাত 'পছোৱা' নামৰ অসমীয়া আলোচনী এখন ওলাইছিল। সেইখন আলোচনীলৈ তেওঁ 'কুশল কোঁৱৰ' নামৰ কবিতা এটা লিখি প্ৰেৰণ কৰিছিল। কবিতাটো প্ৰকাশ হৈছিল।[15]
অসমৰ কবি নৱকান্ত বৰুৱাই সীমা দত্ত ছদ্মনামেৰে মাধৱ বেজবৰুৱা সম্পাদিত বাঁহীত লিখা কবিতাই হোমেন বৰগোহাঞিক প্ৰভাৱিত কৰিছিল বুলি তেওঁ আত্মজীৱনীত মন্তব্য কৰিছে। তেখেতে লিখিছে, “…একমাত্ৰ সীমা দত্তৰ কবিতাবোৰ মই উৰাই-ঘূৰাই বহুবাৰ পঢ়িছিলো, আৰু সেই কবিতাবোৰৰ মাজতে অসমীয়া কবিতাৰ ঋতু-পৰিৱৰ্তনৰ প্ৰথম পূৰ্বাভাস মই পাইছিলো।” নৱকান্ত বৰুৱাৰ উপৰি অসমীয়া কবি অজিৎ বৰুৱাৰ কাব্যই বৰগোহাঞিক প্ৰভাৱিত কৰিছিল।[16] ১৯৫৭ চনত বৰগোহাঞিৰ প্ৰথমটি গল্প সংকলন 'বিভিন্ন কোৰাছ' প্ৰকাশ হয়।[10]
বৰগোহাঞিয়ে সাংবাদিক জীৱনৰ পাতনি মেলিছিল মালিগাঁৱৰপৰা প্ৰকাশিত দেৱেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা প্ৰকাশিত অসমীয়া কাকত ‘দৈিনক শান্তিদূত’ৰ জৰিয়তে। তেওঁ এই কাকতখনত ৪৫ দিন কাম কৰিছিল। এই কথা তেওঁ ‘মোৰ সাংবাদিক জীৱন’ (প্ৰথম খণ্ড) গ্ৰন্থত উল্লেখ কৰি গৈছে।[17] ১৯৬০ চনৰ ১ নৱেম্বৰৰপৰা চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিত ‘অসম বাতৰি’ কাকতত প্ৰবন্ধ লিখাৰ কাম-কাজ আৰম্ভ কৰে। ১৯৬৮ চনত চৰকাৰী চাকৰিৰপৰা ইস্তফা দি ' সাপ্তাহিক নীলাচল' নামে এখন সাপ্তাহিক কাকত আৰম্ভ কৰে আৰু কাকতখনৰ সম্পাদকৰ দায়িত্ব লয়। ১৯৭৭ চনলৈকে নীলাচলৰ সম্পাদকৰ দায়িত্ব লোৱাৰ লগতে একেটা বৰ্ষতে ‘সাপ্তাহিক নাগৰিক’ নামৰ কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰে।[18] পৰৱৰ্তী ১৯৮০ চনত 'লোকায়ত' কাকতৰ সম্পাদকৰ দায়িত্ব লয়। ১৯৮১ চনত কলকাতাৰপৰা প্ৰকাশিত বঙালী ভাষাৰ কাকত 'আজকাল'ৰ তেওঁ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষ প্ৰতিনিধি। ইয়াৰ পাছতে তেওঁ ১৯৮৭ চনত'সমকাল' আৰু ১৯৮৯ চনত'সূত্ৰধাৰ' আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰে আৰু ১৯৯১ চনত কিশোৰ-কিশোৰীৰ বাবে প্ৰকাশিত 'কিশোৰ' আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়। ১৯৯৩ চনত তেওঁ সাপ্তাহিক কাকত 'অসম বাণী' সম্পাদনাৰ দায়িত্ব লয় আৰু ১৯৯৭ চনত 'আমাৰ অসম' কাকতৰ সম্পাদকৰূপে দায়িত্ব ভাৰ গ্ৰহণ কৰে। ২০০৪ চনত আমাৰ অসম এৰি 'দৈনিক বাতৰি' কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়। ২০০২ চনত তেওঁ উৎকৃষ্ট সংবাদ সেৱাৰ বাবে ‘জয়কৃষ্ণ ৰামদয়াল সমন্বয় বঁটা’ লাভ কৰে। ২০০৪ চনত তেওঁ ‘আমাৰ অসম’ কাকতৰ দায়িত্ব বাদ দিয়ে। ২০০৫ চনৰপৰা তেওঁ বৌদ্ধিক আলোচনী 'সাতসৰী'ৰো সম্পাদক আছিল। ২০১৫ চনত তেওঁ নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব লয় আৰু মৃত্যু পৰ্যন্ত এই কাকতখন চলায়। বৰগোহাঞি আছিল অসমীয়া প্ৰতিদিন কাকতৰো স্তম্ভলেখক।[10] তেওঁ নিউজ লাইভ’ত ‘মুখামুখি’ শীৰ্ষক এটা অনুষ্ঠান চলোৱাৰ লগতে পৰৱৰ্তী সময়ত একেটা চেটেলাইট চেনেলতে ‘কথা-বাৰ্তা’ নামৰ এটি অনুষ্ঠান চলাইছিল।[19]
হোমেন বৰগোহাঞিয়ে মুঠ চুটিগল্প লিখিছে ৩৫ টা।[20] উল্লেখযোগ্য যে প্ৰতিটো গল্পৰ পৰিস্থিতি, পৰিৱেশ আৰু বিষয়বস্তু সম্পূৰ্ণ বেলেগ।[20]
আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাৰ উদ্যোগত ৬টা খণ্ডত অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰকাশৰ প্ৰকল্প লোৱা হৈছিল। ইয়াৰে ৬ষ্ঠ অৰ্থাৎ অন্তিম খণ্ডটোৰ সম্পাদক আছিল হোমেন বৰগোহাঞি। লক্ষণীয় যে সেই ৬টা খণ্ডৰ ৬ষ্ঠ খণ্ডটোহে প্ৰথমে প্ৰকাশ হৈছিল যিটোৱে বৰগোহাঞিৰ কৰ্মতৎপৰতাক সূচায়।[20]
১৯৮৭ চনত ষ্টুডেণ্টছ ষ্ট'ৰ্ছ প্ৰকাশনৰ সৈতে হোমেন বৰগোহাঞিৰ প্ৰথম সম্পৰ্ক হৈছিল। এই সম্পৰ্কৰ শুভাৰম্ভ হৈছিল সাউদৰ পুতেকে নাও মেলি যায় শীৰ্ষক উপন্যাসখনিৰে। তেতিয়াৰে পৰা জীৱনৰ অন্তিম সময়লৈকে বৰ্তি থকা সুদীৰ্ঘ ৩৪ বছৰজোৰা সম্পৰ্কৰ কথা সুঁৱৰি প্ৰকাশনৰ প্ৰধান সদস্য অজয় কুমাৰ দত্ত আৰু মৃত্যুঞ্জয় কুমাৰ দত্তই তেখেতৰ মৃত্যুৰ পাছত এনেদৰে লিখিছিল, “ইখনৰ পিছত সিখনকৈ প্ৰতিবছৰে নতুন নতুন কিতাপৰ পাণ্ডুলিপি আমাক দি যাবলৈ ধৰিলে। লাহে লাহে তেখেতৰ লগত আমাৰ সম্পৰ্ক গাঢ় হৈ আহিল। কঠোৰ ব্যক্তিত্বৰ আঁৰত থকা কোমল অন্তৰৰ মানুহজনক আমি ভালদৰে বুজি উঠিলোঁ। তেখেতৰ ওপৰত আমাৰ তাগিদা দিনকদিনে বাঢ়ি গ'ল। পাঠক সমাজেও প্ৰতিবছৰতেই বিচৰা হ'ল হোমেন বৰগোহাঞিৰ এখন নতুন কিতাপ। … এটা কথা উল্লেখ কৰিব খুজিছোঁ যে মানুহে সততে কোৱা ‘হোমেন বৰগোহাঞি মানেই ষ্টুডেণ্টছ ষ্ট'ৰ্ছ’ শীৰ্ষক মন্তব্যষাৰ শুনিলেই আমি অজান পুলক আৰু গৌৰৱত আহ্লাদিত হওঁ, নিজকে পৰম ধন্য যেন অনুভৱ কৰোঁ।”[21]
৩৪টা বছৰত হোমেন বৰগোহাঞিৰ সৰ্বমুঠ ৯৩খন গ্ৰন্থ ষ্টুডেণ্টছ ষ্ট'ৰ্ছ প্ৰকাশনৰ পৰাই প্ৰকাশ পাইছে।[21] ইয়াৰে মৌলিক গল্প, উপন্যাস, কবিতা, প্ৰবন্ধ আৰু জীৱনী গ্ৰন্থৰ সংখ্যা ৭৮খন, যুটীয়াভাৱে সম্পাদিত গ্ৰন্থ ১৪খন আৰু এখন অনূদিত জাৰ্মান গল্পৰ সংকলন। ইয়াৰে আটাইতকৈ শেষত প্ৰকাশ কৰা গ্ৰন্থখন হৈছে 'অসম্ভৱক সম্ভৱ কৰাৰ সাধনা', যিখন বৰগোহাঞিয়ে লিখি শেষ কৰিছিল ২০২০ চনৰ ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ লকডাউনৰ সময়ত। কিতাপখন প্ৰকাশ হৈছিল লকডাউনৰ অন্তত।[21]
১৯৯১ চনত তেওঁ ষ্টুডেণ্টছ ষ্ট'ৰ্ছক বিভিন্ন বিষয়ৰ কিতাপ-পত্ৰ প্ৰকাশ কৰাৰ লগতে জ্ঞান-বিজ্ঞানৰ নিত্যনতুন বতৰাৰে বিশেষকৈ কিশোৰসকলৰ বাবে এখন মাহেকীয়া আলোচনীৰ পৰামৰ্শ আগবঢ়ায়। ফলস্বৰূপে সেই বছৰেই ছেপ্টেম্বৰত তেখেতৰ অবৈতনিক সম্পাদনাত আলোচনীখনৰ প্ৰথম বছৰ প্ৰথম সংখ্যা প্ৰকাশ পায়। কিশোৰচামক জ্ঞানদানৰ উদ্দেশ্য কৰি উলিওৱাৰ বাবে বৰগোহাঞিয়ে আলোচনীখনৰ নাম দিছিল 'কিশোৰ'। সবিতা লহকৰ, বিপুলজ্যোতি শইকীয়া আৰু ৰবীন বৰুৱাই ইয়াত সহকাৰী সম্পাদকৰূপে কাম কৰিছিল। ব্যৱস্থাপনাৰ অসুবিধাত কেইমাহমান চলাৰ পিছতে আলোচনীখনৰ ছপা বন্ধ হয়।[21]
ব্যক্তিগত বাতৰি চেনেল নিউজ লাইভৰ জৰিয়তে পৰিচালনা কৰা সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান 'হোমেন বৰগোহাঞিৰ সৈতে মুখামুখি'ৰ বৰগোহাঞি আছিল আঁত-ধৰোঁতা। উল্লেখযোগ্য যে এই অনুষ্ঠানটোৰ প্ৰায় সকলো আলোচনা সন্নিৱিষ্ট কৰি 'মুখামুখি' নামেৰে এখন কিতাপো প্ৰকাশ পাইছে। নিউজ লাইভৰ 'কথা-বাৰ্তা' অনুষ্ঠানৰো মুখ্য আকৰ্ষণ আছিল বৰগোহাঞি।[5]
১৯৯২-৯৩ চনত যোৰহাট মহাবিদ্যালয়ৰ আলোচনীৰ লগত হোৱা এক সাক্ষাৎকাৰত হোমেন বৰগোহাঞিক তেখেতৰ জীৱনৰ শ্ৰেষ্ঠ সৃষ্টি সম্পৰ্কে এটা প্ৰশ্ন সোধা হৈছিল।[22] উত্তৰত প্ৰসংগক্ৰমে তেখেতে উল্লেখ কৰে যে,
…উপন্যাসৰ ভিতৰত ৰচনা শৈলীৰ ফালৰ পৰা মই 'মৎস্যগন্ধা'খন লিখি অলপ সন্তুষ্টি লাভ কৰিছিলো। 'অস্তৰাগ' নামৰ উপন্যাস লিখিও লেখক হিচাপে মই কিছু সন্তুষ্টি লাভ কৰিছিলো। …
১৯৫৮ চনত তেওঁ নিৰুপমা তামোলীৰে সৈতে বিবাহপাশত আবদ্ধ হয়।[10] নিৰুপমা তামোলী, পাছলৈ নিৰুপমা বৰগোহাঞি, এগৰাকী জনপ্ৰিয় লেখিকা। তেওঁ নাৰীবাদী লেখাৰ বাবে বিখ্যাত।[23] তেওঁলোকৰ দুটি সন্তান অনিন্দ্য বৰগোহাঞি আৰু প্ৰদীপ্ত বৰগোহাঞি। ১৯৭৭ চনৰপৰা বৰগোহাঞি দম্পতী পৃথকে থাকিবলৈ লয়।[10][24] প্ৰদীপ্ত বৰগোহাঞি হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা আৰু তেওঁ তেওঁৰ পিতৃৰ কেইবাখনো ৰচনাৰাজী ইংৰাজী ভাষালৈ অনুবাদ কৰিছে। সেইসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে ২০১৭ চনত প্ৰকাশিত 'দ্য কালেক্টেড ৱৰ্কছ্ অফ হোমেন বৰগোহাঞি' , য'ত সন্নিবিষ্ট হৈছে বৰগোহাঞিৰ কেইবাটাও ছুটিগল্প আৰু উপন্যাস।[25]
হোমেন বৰগোহাঞিয়ে এটা সাক্ষাৎকাৰত গণতন্ত্ৰত বিশ্বাসী বুলি জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, “প্ৰত্যেকটো ৰাজনৈতিক দৰ্শনতে কিছু ভাল কথা থাকে বুলি মই অনুভৱ কৰোঁ। মই সেই ভালখিনি আহৰণ কৰি এটা Synthetic Philosophy গঢ়াৰ ওপৰত বিশ্বাস কৰোঁ।”
২০২১ চনৰ ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ দ্বিতীয় ঢৌত তেওঁ আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হয় আৰু ৭ মে' তাৰিখে চিকিৎসালয়ৰপৰা ক'ভিড মুক্ত হৈ স্বগৃহলৈ ওভতে যদিও ১২ মে'ৰ পুৱতি নিশা ৩ বজাত তেওঁ বিছনাৰ পৰা ঢলি পৰে।[30] স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ৬:১৫ বজাত গুৱাহাটীৰ জিএনআৰচি হস্পিতালত ভৰ্তি কৰোৱা হয় আৰু তাতে ৬:৫৮ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ অসমীয়া বাতৰি কাকত 'নিয়মীয়া বাৰ্তা'ৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।[31][32] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।[33]
বৰগোহাঞিৰ মৃত্যুৰ প্ৰতি সন্মান জনাই ‘সাতসৰী’ আলোচনীয়ে ২০২১ চন, জুলাই মাহ, দ্বাদশ সংখ্যাটো হোমেন বৰগোহাঞিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি সংখ্যা হিচাপে প্ৰকাশ কৰিছে। সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে ‘অসমত যোৱা দুটা দশক একপ্ৰকাৰ হোমেন বৰগোহাঞিৰ বৌদ্ধিক দখলত আছিল বুলিলেও বঢ়াই কোৱা নহ’ব’ বুলি সাতসৰীৰ সম্পাদকীয়ত উল্লেখ কৰিছে। পূজাৰীয়ে লিখিছে– ‘হোমেন বৰগোহাঞিৰ জীৱনৰ দুটা বৈশিষ্ট্য লক্ষণীয়। এক, নিঃসংগ জীৱনক গ্ৰহণ কৰি বহিৰ্মুখী সমাজ, প্ৰকৃতি বিশ্লেষণ। দুই, প্ৰজন্ম নিৰ্মাণৰ উদ্দেশ্য আগত ৰাখি সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰ দুখনক পূৰ্ণৰূপে ব্যৱহাৰ কৰাত তেখেত সমৰ্থ হৈছিল। ’ সেইদৰে সম্পাদকীয়ৰ শেষৰফাল তেওঁ লিখিছে– ‘হোমেন বৰগোহাঞিৰ ব্যতিক্ৰমী ভাবদৰ্শনে তেওঁক এজন দাৰ্শনিক কবি কৰিয়েই ৰখিলে। সেইবাবে বৰগোহাঞি যুগদ্ৰষ্টা, যুগস্ৰষ্টা। এনে এজন বিদ্বৎ অসমীয়া জাতিটোৰ বাবে গৌৰৱ আৰু বিনম্ৰ অহংকাৰ হৈ চিৰশাশ্বত হৈ ৰ’ব। ‘সাতসৰী’ৰ প্ৰতিষ্ঠাপক সম্পাদক হোমেন বৰগোহাঞিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি ‘সাতসৰী’ৰ এই বিশেষ সংখ্যাৰেই জনাইছোঁ। ’[34] ‘প্ৰকাশ’ আলোচনীয়েও ২০২১ চনৰ জুন সংখ্যাটো হোমেন বৰগোহাঞি শ্ৰদ্ধাঞ্জলি সংখ্যা হিচাপে প্ৰকাশ কৰিছে।[35]
সাংবাদিকতাৰ লগতে সাহিত্য ক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে বৰগোহাঞিয়ে তেওঁৰ জীৱনকালতে অলেখ বঁটা-বাহন আৰু স্বীকৃতি লাভ কৰিছিল।
২০২১ চনৰ পৰা প্ৰতি বছৰে ৭ ডিচেম্বৰ তাৰিখে হোমেন বৰগোহাঞিৰ জন্মদিনত অসম চৰকাৰে তেওঁৰ নামত সাহিত্যিক পেঞ্চন প্ৰদান কৰাৰ কথা ঘোষণা কৰে।[40] বৰগোহাঞিৰ গৃহ চহৰ ঢকুৱাখানাৰ 'হোমেন বৰগোহাঞি ট্ৰাষ্টে' প্ৰতিবছৰে বৰগোহাঞিৰ নামত 'হোমেন বৰগোহাঞি সাহিত্য বঁটা' প্ৰদান কৰে। ২০১৯ চনত জীৱনীকাৰ, অনুবাদক আৰু ঔপন্যাসিক শৰ্মিষ্ঠা প্ৰীতমে এই বঁটা লাভ কৰিছে।[41]
হোমেন বৰগোহাঞিৰ কেইবাখনো উপন্যাস চলচ্চিত্ৰায়ণ তথা মঞ্চস্থ কৰা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে হালধীয়া চৰায়ে বাওধান খায়ৰ ভিত্তিত জাহ্নু বৰুৱাৰ পৰিচালনা কৰা একে নামৰ হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)। ইন্দ্ৰ বণিয়া অভিনীত এই চলচ্চিত্ৰখনে ১৯৮৮ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰাৰ লগতে আন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছিল।[4] ২০০০ চনত মৎস্যগন্ধাৰ আধাৰত সঞ্জীৱ হাজৰিকাই নিৰ্মাণ কৰা একে নামৰ ছবিখনে ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিব সক্ষম হৈছিল।[25] মৎস্যগন্ধাৰ মঞ্চ অভিযোজনও কৰা হৈছে।[25] ২০১৯ চনৰ অসমীয়া ভাষাৰ এন্থলজী ছবি 'যি গল্পৰ শেষ নাই'ৰ এটা খণ্ডৰ ভিত্তি আছিল বৰগোহাঞিৰ 'এপিটাফ' নামৰ চুটিগল্পটো ; পৰিচালনা কৰিছিল প্ৰশান্ত শইকীয়াই।[42] ২০২০ চনত মুন্না আহমেদে সুবালা উপন্যাসৰ ভিত্তিত নিৰ্মাণ কৰে উৰ্মিলা মহন্ত অভিনীত একে নামৰ চলচ্চিত্ৰখন।[43]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.