From Wikipedia, the free encyclopedia
আমাৰ অসম (ইংৰাজী: Amar Asom অথবা Aamar Asom) হৈছে এখন অসমীয়া ভাষাৰ দৈনিক বাতৰি কাকত। এই কাকতখনৰ প্ৰকাশক হ’ল জি. এল. পাব্লিকেশ্বনছ লিমিটেড (G. L. Publications Ltd.)। ১৯৯৭ চনৰ ২১ এপ্ৰিলৰ পৰা[1] এই বাতৰি কাকতখন সমসাময়িকভাৱে গুৱাহাটী, যোৰহাট আৰু উত্তৰ লখিমপুৰৰ পৰা প্ৰকাশ পাই আহিছে। নতুন দিল্লী, কলকাতা, শ্বিলঙত ইয়াৰ শাখা কাৰ্যালয় আছে।[1]
প্ৰকাৰ | দৈনিক বাতৰিকাকত |
---|---|
ফৰমেট | ডাঙৰ পৃষ্ঠা |
গৰাকী | জি. এল. পাব্লিকেশ্বনছ লিমিটেড |
প্ৰকাশক | পি. এল. আগৰৱালা |
সম্পাদক প্ৰধান | মনোজ কুমাৰ গোস্বামী |
প্ৰতিষ্ঠা | ২১ এপ্ৰিল ১৯৯৭ |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম |
চাৰ্কোলেচন | ৭০,৪৪৭[উদ্ধৃতিৰ প্ৰয়োজন] |
ভগ্নী কাকত | দ্য নৰ্থ ইষ্ট টাইমছ্ |
ৱেবছাইট | amarasom |
এই কাকতখনে অসমক কেন্দ্ৰ কৰি সমগ্ৰ উত্তৰ পূব ভাৰতৰ বিষয়ে লগতে কিছু পৰিমাণে আন্তৰ্জাতিক বা-বাতৰি, আলোকচিত্ৰ আদি পৰিবেশন কৰি আহিছে। এই কাকতখনে ইণ্টাৰনেট সংস্কৰণো মুকলি কৰিছে।
কাকতখনত সাধাৰণতে ১২ পৃষ্ঠা সন্নিবিষ্ট থাকে,[1] য’ত প্ৰত্যেক পৃষ্ঠা অনুসৰি বাতৰিৰ প্ৰকাৰবোৰ শ্ৰেণীকৰণ কৰা হয়। পৃষ্ঠাসমূহ সাধাৰণতে আঞ্চলিক বাতৰি, সম্পাদকীয় শিতান, সাহিত্য, আন্তৰ্জাতিক বাতৰি, খেল-জগত আদিৰ দৰে ভাগত বিভক্ত থাকে।[1]
মুখ্যত বাতৰি কাকতখনক বাহিৰেও, কাকতখনে সময়ে সময়ে কিছুমান পৰিপূৰকো প্ৰকাশ কৰি আহিছে, তাৰে কেইখনমান হৈছে
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.