ইংলেণ্ড

ইউৰোপৰ দেশ From Wikipedia, the free encyclopedia

ইংলেণ্ড

ইংলেণ্ড (ইংৰাজী: England) যুক্তৰাজ্যৰ অংশীদাৰী ইউৰোপৰ অন্তৰ্গত এখন দেশ। সংযুক্ত যুক্তৰাজ্যৰ অন্তৰ্ভুক্ত দেশসমূহৰ ভিতৰতে ই আটাইতকৈ জনবহুল।[4][5][6] ইংলেণ্ড নামটোৰ উৎপত্তি Englaland শব্দটোৰ পৰা হৈছে যাৰ অৰ্থ হ’ল "পৰীৰ দেশ"। ইংৰাজী ইংলেণ্ডৰ প্ৰধান ভাষা, আনহাতে কৰ্নিছ ভাষা আঞ্চলিক ভাষাসমূহৰ ভিতৰত অন্যতম। মুঠ মাটিকালিৰ পৰিমাণ ১৩০,৩৯৫ বৰ্গ কিলোমিটাৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইংলেণ্ডৰ জনসংখ্যা ৫৩,০১৩,০০০ জন। ইংলেণ্ডৰ জনবসতি সমগ্ৰ যুক্তৰাজ্যৰ জনসংখ্যাৰ ৮৩% আৰু দেশখন গ্ৰেট ব্ৰিটেইন দ্বীপৰ দক্ষিণাংশৰ দুই-তৃতীয়াংশ লৈ গঠিত। ইংলেণ্ডৰ ৰাজধানী আৰু বৃহত্তম চহৰ হৈছে লণ্ডন, যি ইউৰোপৰ অন্যতম বৃহৎ চহৰ তথা এক অৰ্থনৈতিক কেন্দ্ৰ।

ক্ষিপ্ৰ তথ্য ইংলেণ্ড, ৰাষ্ট্ৰভাষা (সমূহ) ...
ইংলেণ্ড
নীতিবাক্য
Dieu et mon droit  (French)
"God and my right"[1][2]
ৰাষ্ট্ৰীয় সঙ্গীত
None (de jure)
God Save the Queen (de facto)
ইংলেণ্ড-ৰ অৱস্থান
ইংলেণ্ড-ৰ অৱস্থান
 ইংলেণ্ডৰ অৱস্থান  (dark green)

 European continentৰ মেপত  (light green & dark grey)
 in United Kingdom  (light green)

ৰাজধানী
(আৰু বৃহত্তম নগৰ)
লণ্ডন
51°30′N 0°7′W
ৰাষ্ট্ৰভাষা (সমূহ) ইংৰাজী (de facto) English is established by de facto usage.
স্বীকৃত আঞ্চলিক ভাষাসমূহ কৰ্নিছ
জনগোষ্ঠীসমূহ (2011
[3])
৮৫.৫% শ্বেতাংগ, ৭.৭% এছীয়, ৩.৪% কৃষ্ণাংগ, ২.২% মিশ্ৰিত, ১.% অন্যান্য
জাতীয়তাসূচক বিশেষণ ইংৰাজ
চৰকাৰ Non-devolved constituent country within a constitutional monarchy
 -  Monarch দ্বিতীয় এলিজাবেথ
 -  যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী তেৰেছা মে'
মাটিকালি
 -  মুঠ ১,৩০,৩৯৫ বৰ্গ কিমি 
৫০,৩৪৬ বৰ্গ মাইল 
জনসংখ্যা
 -  ২০১১ লোকপিয়ল ৫,৩০,১৩,০০০ 
জিডিপি (নামমাত্ৰ) ২০০৯ আনুমানিক
 -  মুঠ $২.৬৮ ট্ৰিলিয়ন 
 -  জনমুৰি $৫০,৫৬৬ 
মুদ্ৰা পাউণ্ড ষ্টাৰ্লিং (£) (GBP)
সময় অঞ্চল GMT (ইউটিচি0)
 -  গ্ৰীষ্মকালীন (ডিএছটি) BST (ইউটিচি+1)
তাৰিখ বিন্যাস dd/mm/yyyy (AD)
গাড়ী চলোৱা হয় left
ইণ্টাৰনেট টিএলডি .uk
কলিং ক'ড ++44
পেট্ৰ'ন চেইণ্ট Saint George
বন্ধ কৰক

প্ৰশাসনিক অঞ্চলসমূহ

ইংলেণ্ডৰ মুঠ ৯খন প্ৰশাসনিক অঞ্চল আছে।

অধিক তথ্য নাম, জনসংখ্যা ...
নামজনসংখ্যাআয়তন (বৰ্গ কিমি)বৃহত্তম চহৰ
নৰ্থ ইষ্ট২,৫৯৬,৮৮৬৮,৫৯২নিউকেচল আপন টাইন
নৰ্থ ৱেষ্ট৭,০৫২,১৭৭১৪,১৬৫মানচেষ্টাৰ
ইয়ৰ্কশ্বায়াৰ এণ্ড দি হাম্বাৰ৫,২৮৩,৭৩৩১৫,৪২০লীডছ
ৱেষ্ট মিডলেণ্ডছ৫,৬০১,৮৪৭১৩,০০০বাৰ্মিংহাম
ইষ্ট মিডলেণ্ডছ৪,৫৩৩,২২২১৫,৬২৭লিচেষ্টাৰ
ইষ্ট অফ ইংলেণ্ড৫,৮৪৬,৯৬৫১৯,১২০নৰউইচ
ছাউথ ৱেষ্ট৫,২৮৮,৯৩৫২৩,৮২৯ব্ৰিষ্টল
ছাউথ ইষ্ট৮,৬৩৪,৭৫০১৯,০৯৫ছাউথাম্পটন
লণ্ডন৮,১৭৩,৯৪১১,৫৭২লণ্ডন
বন্ধ কৰক


তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.