Remove ads
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia
দৰং জিলা: (ইংৰাজী: Darrang District) হৈছে ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ ৩১খন জিলাৰ ভিতৰত এখন জিলা। প্ৰশাসনিক জিলাখনৰ সদৰ স্থান আৰু একমাত্ৰ মহকুমাৰ হৈছে মঙ্গলদৈ। দৰং জিলাৰ দুখন পৌৰ নগৰ হৈছে মংগলদৈ আৰু ছিপাঝাৰ। ১৯৮৩ চনত অবিভক্ত দৰং জিলাৰ বিভাজন হয় আৰু তেজপুৰ মহকুমাক লৈ শোণিতপুৰ জিলা গঠন হয়। পূৰ্বৰ মঙ্গলদৈ মহকুমাক দৰং জিলা নাম দিয়া হয়। ২০০৪ চনত পুনৰ দৰং জিলাৰ এটা অংশৰ পৰা ওদালগুৰি জিলা গঠন কৰা হয়। দৰং জিলাই বৰ্তমান ৩৪৮১ বৰ্গ কিলোমিটাৰ ঠাই অধিকাৰ কৰি আছে।
প্ৰাচীনকালত ভাৰতৰ উত্তৰ পূব প্ৰান্তৰ লৌহিত্যৰ উত্তৰ ফালে থকা প্ৰাকৃতিক সীমাৰ ভিতৰৰ ভূ-ভাগক দৌৰঙ্গ বা দ্যোৰঙ্গ বুলিছিল।[1] স্বগীয় দীন কৰুণাময় হৰিপদ দেৱগোস্বামীদেৱে আগবঢ়োৱা ব্যাখ্যা অনুসৰি 'দ্যোৰ' শব্দৰ অৰ্থ দেৱতাৰ আৰু 'ৰঙ্গ'ৰ অৰ্থ আনন্দ বা সুখৰ ঠাই। কালক্ৰমত এই ভূ-খণ্ডই দৰঙ্গ বা দৰং নামেৰে জনাজাত হল। আনহাতে স্বৰ্গীয় দিনেশ্বৰ শৰ্মা ৰ দৰে পণ্ডিত সকলে দৰং শব্দটো সংস্কৃত শব্দ দ্বাৰম অৰ্থাত পদূলি বা দ্বাৰ'ৰ পৰা আহিছিল এনে মত পোষণ কৰে। প্ৰাচীন কালত এই ভূ-খণ্ডৰ উত্তৰ আৰু পশ্চিম দিশত গিৰিপথৰ মাজেৰে গমনা-গমনৰ বাবে ওঁঠৰখন এনে দুৱাৰ আছিল। তাৰ পৰা নেপাল, চীন আদিলৈ যাতায়াত আছিল। ড॰ বাণীকান্ত কাকতিৰ মতে দৰং শব্দতো অষ্ট্ৰিক ভাষাৰ পৰা অহা।[2] আন এজন ভাষাতাত্ত্বিক গ্ৰিয়াৰ্ছন চাহাবে তেওঁৰ গ্ৰন্থ 'ডি লেংগুইষ্টিক চাৰ্ভে অৱ ইণ্ডিয়া'ত দৰং শব্দটো বড়োমূলীয় বুলি মত পোষণ কৰিছে।[3]
আন একাংশৰ মতে প্ৰাচীন কালত দৰঙত বেহা বেপাৰৰ বাবে চীন, নেপাল, ভুটান আদি ঠাইৰ সৈতে সম্পৰ্ক আছিল। সেই বাবে নামটো দ্বাৰ শব্দৰ পৰা অপ্ৰভংশ হোৱা বুলি বহুতে বিশ্বাস কৰে।[4]
অবিভক্ত দৰং জিলাৰ পৰা ১৯৮৩ চনত শোণিতপুৰ জিলা আৰু ২০০৪ চনত ওদালগুৰি জিলা পৃথক হয়[5]।
দৰং জিলা এটা ঠেক সমভূমিৰে আগুৰি আছে যি হিমালয় পৰ্বতমালা আৰু অসম ৰাজ্যৰ উত্তৰ পশ্চিম অংশত বৈ থকা ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। দৰং জিলাৰ বৰ্তমানৰ ঠাইখন পুৰণি কামৰূপৰ হিন্দু ৰাজত্বৰ অন্তৰ্ভুক্ত আছিল মহাভাৰতত উৰ্দ্ধিত হিচাপে। ১৬ শতিকাৰ আৰম্ভণিতে যেতিয়া কোঁচ ৰজা নৰনাৰায়ণে এই জিলাখন তেওঁৰ শাসনত সোমাই লয় তেতিয়াৰ পৰাই দৰং জিলাৰ পুৰনি সমল পোৱা যায়। ১৬১৬ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই বিশ্ব বংশৰ বলি নাৰায়নক, ধৰ্মনাৰায়ন নাম দি কোচ ৰাজ্য দৰঙ্গৰ ৰজা পাতে।[6] কোচৰজা সকলৰ ৰাজত্ব কালত দৰঙ্গৰ শাসনকেন্দ্ৰ আছিল মনমোহনপূৰ বা হাউলি আছিল। ১৭৯২ চনৰ ছেপ্তেম্বৰ মাহত দৰঙ্গৰ ৰজা কৃষ্ণ নাৰায়ণ,কেপ্তেইন ৱেলছ আৰু লেফটেনেণ্ট উইলিয়ামছৰ নেতৃত্বত যুদ্ধৰ বাবে অহা এদল ইংৰাজ সৈন্যৰ হাতত পৰাজিত হয় আৰু কোম্পানীৰ ব্যৱসায়িক প্ৰস্তাৱ মানি লবলৈ বাধ্য হয়। কৌশলগতভাৱে ইয়াণ্ডাবু সন্ধিৰ অবৈধ চৰ্ত প্ৰয়োগ কৰি আহোম ৰাজ্য গ্ৰাস কৰাৰ দুবছৰ পাছতে ১৮২২ খ্ৰীঃৰ মাৰ্চ মাহত ইংৰাজে দৰঙ্গ ৰাজ্য নিজৰ অন্তৰ্ভুক্ত কৰে। ১৮৩৫ চনত ইংৰাজসকলে দৰঙ্গৰ প্ৰধান কাৰ্যালয় মঙ্গলদৈত পাতে। ১৮৪৫ চনত দৰং জিলাৰ সদৰ ঠাই মঙ্গলদৈৰ পৰা তেজপুৰলৈ উঠাই আনে আৰু ১৯৮৩ চনলৈ তেজপুৰ খনেই দৰঙ্গৰ সদৰ হৈ থাকে। ১ জুলাই ১৯৮৩ ইং তাৰিখত এতিয়াৰ দৰং জিলা গঠন হৈছিল।
দৰং জিলাৰ ভূ অৱয়বৰ পৰা ইয়াক সমভূমি অঞ্চল বুলিব পাৰি। এই জিলাৰ উত্তৰে ওদালগুৰি জিলা আৰু দক্ষিণ সীমাত মহাবাহু ব্ৰহ্মপুত্ৰ বৈ গৈছেl পূবে শোণিতপুৰ জিলা আৰু পশ্চিমে কামৰূপ জিলাl জিলাখনৰ ব্ৰহ্মপুত্ৰৰ মুখ্য উপনৈ সমূহ হ’ল- বৰনদী, নোৱানৈ, কুলশীক নৈ,মঙ্গলদৈ নৈ আৰু ধনশিৰি নৈ।
দৰং জিলাৰ জলবায়ু বেছ আনন্দদায়ক। শীতকালত জিলাখনৰ উত্তৰ ভাগত অন্য অংশতকৈ বেছি শীতল হয় কিয়নো এই অংশত ওডালগুৰি জিলাৰ হাবি-বননি আৰু পাহাৰ-পৰ্বতে আগুৰা। গড় উষ্ণতা ১০ ৰ পৰা ৩০ ডিগ্ৰী চেণ্টিগ্ৰেড। ২১২০ মিলি হ’ল বাৰ্ষিক বৰষুণৰ পৰিমাণ।
দৰং জিলা ২০ ডিগ্ৰী 9 মিনিট উত্তৰৰ পৰা ২৬ ডিগ্ৰী ৯৫ মিনিট উত্তৰ অক্ষাংশলৈ আৰু ৯১ ডিগ্ৰী ৪৫ মিনিট পূৱৰ পৰা ৯২ ডিগ্ৰী ২২ মিনিট পূৱ দ্ৰাঘিমাৰ মাজত অৱস্থিত মধ্য অসমৰ এখন জিলা। জিলা সদৰ মঙ্গলদৈ। ৬টা ৰাজহ চক্ৰত খণ্ডিত জিলাখনৰ মাটিকালি ১৪২০.৫১ বৰ্গ কি.মি.[7]। ২০০১ চনৰ পৰিসংখ্যা মতে জিলাখনৰ মুঠ জনসংখ্যা ৭,৫৯,৭১২জন আৰু শিক্ষিতৰ হাৰ ৫৫ শতাংশ।
জিলাখন সমভূমি আৰু ওখ চাপৰ মাটিভাগেৰে আগুৰা। দক্ষিণ দিশত হাবি বননিৰে বেষ্টিত। ভূ ভাগ ক্ৰমে উত্তৰৰ পৰা দক্ষিণলৈ হেলনীয়া। সমুদ্ৰ পৃষ্টৰ পৰা ৫০ মিটাৰৰ - ২৫০মিটাৰলৈ ঠাই ভেদে উন্নতি আছে।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশ দৰং জিলাত অৱস্থিত।
২০১১ চনৰ লোক পিয়ল তথ্য মতে প্ৰকৃত জনসংখ্যা ৯০৮,০৯০ জনৰ বিপৰীতে ২০০১ চনৰ লোক পিয়ল মতে ৭৫৯৮৫৮ জন।[8] ইয়াৰে পুৰুষ আৰু মহিলাৰ সংখ্যা ক্ৰমে ৪৭২১৩৮ আৰু ৪৩৫৯৫৬ যদিও ২০০১ চনৰ পিয়ল মতে ৩৯২৩৬২ আৰু ৩৬৭৪৯৬ গৰাকী জনা যায়। জনসংখ্যা বৃদ্ধিৰ হাৰ ২০১১ চনত ১৯.৫১ % বিপৰীতে ২০০১ চনত ২২.১৮ % হৈছিল। ঘনত্ব প্ৰতি বৰ্গ কি.মি ৪৯১ জনৰ এতিয়াৰ সলনি ২০০১ চনৰ লোক পিয়ল মতে ৪১১জন আছিল। অসম ৰাজ্যৰ মুঠ জনসংখ্যাৰ দৰং জিলাৰ অংশ ২০১১ চনৰ পিয়লত ২.৯১ শতাংশ যি ২০০১ চনত ২.৮৫ শতাংশ আছিল। লিংগ অনুপাত (প্ৰতি ১০০০ জন) ২০১১ চনত ৯২৩জন আৰু ২০০১ চনত ৯৩৭জন পিয়ল মতে জনা যায়। ০-৬ বছৰৰ শিশুৰ লিংগ অনুপাত ২০১১ চনত ৯৪১ জন, সেই সংখ্যা ২০০১ চনত ৯৭৭জন আছিল। ২০১১ চনত গড় শিক্ষিতৰ হাৰ ৬৪.৫৫ % আৰু ইয়াৰে পুৰুষ আৰু মহিলাৰ হাৰ ক্ৰমে ৬৮.৩৬ আৰু ৬০.৪০ যি আগৰ দহকত গড় শিক্ষিতৰ হাৰ ৫৪.৩১, পুৰুষ আৰু মহিলাৰ হাৰ যথাক্ৰমে ৬১.৭০ আৰু ৪৬.৩৪ আছিল। মুঠ শিশু জনসংখ্যা(০-৬ বছৰ) ২০১১ চনৰ লোক পিয়ল মতে ১৪৯৬২৬জন যি ২০০১ চনৰ মতে ১৪৬৮১৮জন আছিল। লৰা- ছোৱালীৰ (০-৬ বছৰ ) পৰিসংখ্যা ক্ৰমে ৭৭০৯৬, ৭২৫৩০ যিতো সংখ্যা ৭৪২৭৪, ৭২৫৪৪জন পূৰ্বৰ দহকত (২০০১ লোক পিয়লত) আছিল। ২০১১ চনৰ লোক পিয়লত পুৰুষ আৰু মহিলা শিক্ষিত ক্ৰমে ২৭০০৩৬জন আৰু ২১৯৫২৩ জনী, (২৬৩৭৪৪ জন, ২০৬৫২১জনী ২০০১ চন মতে)। মুঠ শিক্ষিতৰ পৰিসংখ্যা ক্ৰমে ২০১১/২০০১ চন মতে ৪৮৯৫৫৯ আৰু ৪৭০২৬৬।[9]
দৰং জিলাত সাধাৰণতে অসমীয়া, বাংলা, বড়ো, নেপালী, হিন্দী, ইংৰাজী আদি ভাষা প্ৰচলিত। ইয়াৰ উপৰি দৰং জিলাত দৰঙীয়া ভাষা নামেৰে স্থায়ী ভাষাৰ যথেষ্ট প্ৰচলন আছে। দৰং জিলাৰ স্থায়ী বাসিন্দাসকলে এই ভাষাতে অধিক কথা বতৰা পাতে। এই ভাষাৰ শব্দ হৈছে - ঝিয়া-লিকিৰা (ল'ৰা-ছোৱালী)। লগতে ঠাই লৈ যেনে - দেওমৰনৈ, দুনী,ঠেকেৰাবাৰী, মহলীয়াপাৰা, গড়গড়ী, বৈৰাগী পাৰা, ব্যাসপাৰা আদি অঞ্চলৰ লৰাসমূহৰ মাজত ঠাৰভাষা নামে একপ্ৰকাৰৰ ভাষা প্ৰচলিত আছে। ইয়াৰ বিভিন্ন অঞ্চল সমূহৰ ভাষা শৈলীৰ প্ৰতি দৃষ্টি প্ৰদান কৰিলে এই কথা ধৰা পৰে।
অতীজৰে পৰা পৰম্পৰাগত ভাবে দৰং জিলা বিশেষকৈ মঙ্গলদৈ অঞ্চলৰ জনসাধাৰণৰ মাজত প্ৰৱৰ্তন হৈ অহা গীত আৰু কথাৰ ৰূপত মানুহৰ মুখে মুখে বাগৰি প্ৰকাশ লাভ কৰা ব্যাসৰ ওজাপালি, সুকন্নানী ওজাপালি, দেওধনী নৃত্য, বৰঢুলীয়া, ঢেপাঢুলীয়া, কালীয়া, খুলীয়া ভাউৰীয়া, বিয়া গীত, নাঙেলী গীত, মহৌখুন্দা গীত, আইনাম, অপেশ্বৰীৰ নাম, চেওঁচাপৰি নাম,থিয়ানাম, আৰু চেৰাঢেক আদিয়ে হ’ল দৰঙী কলা-কৃষ্টি ৰুপে খ্যাত। দৰঙী কলা-কৃষ্টিত সাধাৰণতে ব্যক্তি মনৰ ভাব চিন্তা আৰু অনুভূতি আদি প্ৰকাশিত হোৱাৰ পৰিৱৰ্তে লোক জীৱনৰ আশা নিৰাশা, হৰ্ষ বিষাদ, ভয় ভক্তি, প্ৰেম প্ৰণয় আনন্দ উৎসৱ, লোক বিশ্বাস, চিন্তাধাৰা আৰু সহজ সৰল জীৱন পদ্ধতি আদি লোক জীৱনৰ সমগ্ৰতা প্ৰকাশ হৈ আছে।
দৰং জিলাত মুঠ চাৰিটা বিধানসভা সমষ্টি আৰু এটা লোকসভা সমষ্টি আছে। সেইসমূহ হৈছে -
১) ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টি।
২) ৬৬ নং ছিপাঝাৰ বিধানসভা সমষ্টি।
৩) ৬৭ নং মঙ্গলদৈ বিধানসভা সমষ্টি।
৪) ৬৮ নং দলগাঁও বিধানসভা সমষ্টি।
১) মংগলদৈ লোকসভা সমষ্টি
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.