গদ্য আকাৰে লিখা চমু সাহিত্যিক কৰ্ম From Wikipedia, the free encyclopedia
চুটিগল্প (ইংৰাজী: Short story) সাহিত্যকলাৰ এটি অভিনৱ শাখা যি বাস্তৱ জীৱন আধাৰিত সংক্ষিপ্ত পৰিসৰৰ কাহিনী। চুটিগল্পৰ এটা স্বয়ংসম্পূৰ্ণ বা সৰ্বজনসন্মত সংজ্ঞা নাই। বাস্তৱ জীৱনৰ বিশেষ একোটা ঘটনাৰ মাজেদি জীৱন ধাৰণা ফুটাই তোলা সংক্ষিপ্ত পৰিসৰৰ সু-সংগঠিত, সংগত আৰু সংহত কথাশিল্পই হ'ল চুটিগল্প।[1]চুটিগল্পত জীৱনৰ এটি মুহূৰ্তৰ উজ্জ্বলতৰ দিশ প্ৰতিফলিত হয়। চুটিগল্পত আভ্যন্তৰ জীৱনৰ সত্য আৰু সৌন্দৰ্য কলাসুলভভাৱে চিত্ৰিত কৰা হয়। চুটিগল্পত পৰিপূৰ্ণ কাহিনীৰ পৰিৱৰ্তে ঘটনাইহে বিষয়বস্তুৰ ৰূপ লয়। লক্ষ্যৰ ঐক্য, উদ্দেশ্যৰ ঐক্যৰ প্ৰতি সতৰ্ক দৃষ্টিৰে চুটিগল্পৰ ঘটনাক একমুখী কৰি তোলা হয়।
বিভিন্ন পণ্ডিত, সমালোচক আৰু লেখকে চুটিগল্পৰ সম্পৰ্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে।
বস্তুগত বা আধ্যাত্মিক বিষয়ৰ পাঠকক অভিভূত, প্ৰণোদিত আৰু মুগ্ধ কৰিব পৰা সজীৱ একক ঘটনাবিশিষ্ট কল্পনা প্ৰধান সাহিত্যই চুটিগল্প। যুগৰ পৰিৱৰ্তনৰ লগে লগে বিষয়বস্তু, ভাৱবস্তু আৰু ৰূপবস্তুৰ পৰিৱৰ্তন ঘটি থাকে। সেয়ে আলোচিত সংজ্ঞাকেইটাই চুটিগল্পৰ সম্যক ধাৰণা এটি আমাৰ আগত দাঙি ধৰে আৰু সেইবাবেই সৰ্বকালৰ গ্ৰহণযোগ্য সংজ্ঞা নিৰূপণ কৰাটো সহজসাধ্য নহয়।
চুটিগল্পই যিকোনো বিষয়েই সামৰি ল'ব পাৰে। এই ক্ষেত্ৰত কোনো ধৰা-বন্ধা নাই। চুটিগল্পাকাৰ এইচ.ই.ৱেটৰ ভাষাৰে-"যিকোনো বস্তু এটা ঘোঁৰাৰ মৃত্যুৰপৰা আৰম্ভ কৰি এগৰাকী গাভৰুৰ প্ৰথম প্ৰেমৰলৈকে, এটা ফুলৰ পাপৰি মেল খোৱাৰ পৰা আৰম্ভ কৰি এটা প্ৰচণ্ড ভূমিকম্পলৈকে-সূৰ্যৰ পোহৰত দেখা প্ৰতিটো বস্তুৱেই চুটিগল্পৰ বিষয়বস্তু হ'ব পাৰে।[11] চুটিগল্পত বিষয়বস্তু ৰূপায়ণৰ ক্ষেত্ৰত গল্পকাৰজন অত্যন্ত সচেতন হোৱা উচিত। কাৰণ নিৰ্বাচিত বিষয়টো অব্যৰ্থ লক্ষ্যসন্ধানী পথেৰে পৰিণতি ফালে লৈ যোৱা লগে লগে পাঠকৰ মনত এক অসম্পূৰ্ণ তৃপ্তিৰ ব্যাকুলতা মিহলি স্মৃতি জগাই তোলাৰ লগতে জীৱন আৰু জগত সম্বন্ধীয় কিছুমান মৌলিক প্ৰশ্নৰো মুখামুখি কৰাব পৰা হ'ব লাগে। চুটিগল্পত জীৱনৰ একোটা মুহূৰ্তৰ সত্য আৰু সৌন্দৰ্য কলাসুলভভাৱে চিত্ৰিত কৰা হয়।
চুটিগল্পত তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়।
অসমীয়া চুটিগল্পৰ উদ্ভৱ আৰু ইয়াৰ ক্ৰমবিকাশৰ গুৰিত আছিল ঊনবিংশ শতিকাৰ ৰাজনৈতিক, অৰ্থনৈতিক,ভাষিক আৰু শৈক্ষিক সমস্যাসমূহ। এই সমস্যাসমূহে অসমীয়া জাতীয় জীৱনত আনি দিয়া পৰিৱৰ্তনে এক বৌদ্ধিক পটভূমি নিৰ্মাণ কৰি দিছিল। এনে পটভূমিতেই নতুন নতুন সমস্যাৰ ফলস্বৰূপে আধুনিক চুটিগল্পই নতুন ৰূপত আত্মপ্ৰকাশ কৰিবৰ বাবে এটা বাতাবৰণ পাইছিল আৰু এই বাতাবৰণটোৱেই আধুনিক অসমীয়া চুটিগল্পৰ পৃষ্ঠভূমি।
অষ্টাদশ শতিকাৰ শেষ দশকত (১৭৯২) গৌৰিনাথ সিংহৰ অনুৰোধত লৰ্ড কৰ্ণৱালিচে কেপ্তইন ৱেলচক সসৈন্যে মোৱামৰিয়া বিদ্ৰোহক দমন কৰিবলৈ পঠিওৱাৰপৰাই অসমৰ ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তনৰ প্ৰথম সূচনা হয়। পৰৱৰ্তী সময়ত মানে ক্ৰমে ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত তিনিবাৰকৈ কৰা আক্ৰমণে অসমৰ ৰাজনৈতিক অৱস্থা জুৰুলা কৰে। অৱশেষত, ১৮২৪ চনৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবুত ইংৰাজৰ সেনাপতি আৰ্চিবেল কেম্পৱেল আৰু মান ৰজাৰ প্ৰতিনিধি মহা-মিন-লা-কিয়াও-টিনৰ মাজত হোৱা ইয়াণ্ডাবু চুক্তি অনুসৰি অসমৰ শাসনতন্ত্ৰৰ বাঘজৰি ব্ৰিটিছৰ হাতলৈ যায়। এনেধৰণে ৰাজনৈতিক পক্ষপট সলনিৰ সময়ছোৱাত সমাজত সৃষ্টি হোৱা অন্যায়-অবিচাৰ আৰু দৰিদ্ৰ আৰু পীড়িতজনৰ দুৰাৱস্থা নৱ প্ৰজন্মৰ মানসপটত ভাঁহি উঠিছিল। ৰাজনীতিৰ এনে গণমুখী চেতনা উত্থানৰ বাবেই ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা অসমীয়া সাহিত্যয়ো পূৰ্বৰ পৰম্পৰাৰ পৰা আঁতৰি আহি জনমুখী চিন্তা আৰু চেতনাৰ সৈতে জড়িত হ'বলৈ ধৰিলে। এনে ৰাজনৈতিক পৰিৱৰ্তনৰ পৰিণতিস্বৰূপেই ঊনবিংশ শতিকাৰ শেষ দশকতে অসমীয়া চুটি কাহিনী সাহিত্যই নতুন ৰূপত আধুনিক চুটিগল্পৰূপত আত্মপ্ৰকাশ কৰে।[14]
১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পৰা অসমৰ অৰ্থনৈতিক দৃশ্যপটৰো ৰূপান্তৰ ঘটে। ব্ৰিটিছে অসমত পাইক প্ৰথা বন্ধ কৰি কৃষকসকলৰ ওপৰত কৰ বা খাজনা জাপি দিয়ে। অসমৰ চাহ, তেল, কয়লা আৰু বিভিন্ন মূল্যৱান কাঠৰ আৱিষ্কাৰে অসমৰ অৰ্থনীতিৰ লগতে যাতায়তৰ উন্নতিৰ সাধন ঘটালেও অসমৰ পৰম্পৰাগত কৃষি অৰ্থনীতিৰ দ্ৰুত অৱক্ষয় হ'বলৈ ধৰে।
ঊনবিংশ শতিকাতে গঢ় লৈ উঠা অসমৰ পুঁজিবাদী অৰ্থনীতি শতিকাটোৰ শেষৰফালে অধিক শক্তিশালী হৈ উঠিবলৈ ল'লে। তদুপৰি বিংশ শতিকাৰ আগছোৱাত অসমৰ সামগ্ৰিক দৃশ্যপটৰ দ্ৰুত পৰিৱৰ্তন হ'বলৈ ধৰে আৰু তাৰ ফলত অসমৰ জনসাধাৰণৰ চিৰ পুৰাতন সহজ-সৰল জীৱনধাৰালৈ নানান ধৰণৰ আচহুৱা জটিলতা আহিবলৈ ল'লে।[15]
ঊনবিংশ শতিকাৰ শেষাৰ্দ্ধ আৰু বিংশ শতিকাৰ প্ৰথম তিনিটা দশকৰ ভিতৰত পূৰ্বৰ অসমৰ গ্ৰামীণ অৰ্থনীতিৰ পতন আৰু ন-কৈ গঢ় লৈ উঠা পুঁজিবাদী অৰ্থনীতিৰ ভয়াবহতাই অসমৰ বুদ্ধিজীৱীসকলৰ মনত নানান প্ৰশ্ন আৰু সংশয়ৰ সৃষ্টি কৰিবলৈ ধৰিলে। সেয়ে জোনাকী আলোচনীৰ জন্মৰ পৰা, অৰ্থাৎ ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা অসমৰ সৃষ্টিশীল লেখকসকলে জীৱন আৰু জগতক ন-কৈ চাবলৈ বাধ্য হ'ল। ইয়াৰ ফলত পূৰ্বৰ ৰজা-মহাৰজা, ৰাজকুমাৰ-ৰাজকুমাৰী, অলৌকিক দৈৱী চৰিত্ৰৰ কল্পনাৰ পৰা লেখকসকলে আঁতৰি আহি বাস্তৱ জগত আৰু বাস্তৱ জীৱনৰ দ্বন্দ্ব আৰু সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ ল'লে। এনে পৰিৱৰ্তনৰ পৰিণতি স্বৰূপেই ঊনবিংশ শতিকাৰ শেষ দশকৰপৰা অসমীয়া চুটি কাহিনী সাহিত্যই পূৰ্বৰ অবাস্তৱ বিষয়বস্তুৰ সাধুকথাৰ পৰা আঁতৰি আহি আধুনিক চুটিগল্পৰ শুভাৰম্ভ কৰিলে। গতিকে অসমীয়া সাহিত্যৰ চুটি কাহিনী সাহিত্যই পূৰ্বৰ সাধুকথাৰ পৰা ফালৰি কাটি আহি আধুনিক চুটিগল্পৰ জন্ম দিয়াৰ দিশত অসমৰ পৰিৱৰ্তিত অৰ্থনৈতিক পৃষ্ঠভূমিৰ কথা স্বীকাৰ কৰা উচিত।[16]
১৮৩৬ চনৰ পৰা ১৮৭২ চনৰলৈকে অসমীয়াই মাতৃভাষা অসমীয়াক হেৰুৱাই বঙালী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলগীয়া হৈছিল। এইছোৱা সময়ত অসমত বঙালী ভাষাৰ বিদ্যালয়ৰ লগতে ইংৰাজী শিক্ষাৰ প্ৰচলনৰ অৰ্থে ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। ১৮৩৫ চনত গুৱাহাটীত এখন ইংৰাজী বিদ্যালয় আৰু এখন বঙালী ভাষাৰ বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।[17][18] ইয়াৰ পাছত গুৱাহাটী, নগাঁও, শিৱসাগৰ আদি প্ৰধান প্ৰধান নগৰসমূহত ক্ৰমশঃ ইংৰাজী ভাষাৰ বিদ্যালয় প্ৰতিষ্ঠা হয়।[19]। সেইদৰে ঊনবিংশ শতিকাই উৰ্বৰ কৰি তোলা পটভূমিৰ বাবেই বিংশ শতিকাৰ দুৱাৰ-ডলিতে অসমত অসম চিকিৎসা মহাবিদ্যালয় (১৯০০), কটন কলেজ (১৯০১চনৰ২৭), ল’ কলেজ আৰু দুখনকৈ কাৰিকৰী বিদ্যালয়ৰ জন্ম হয়।[20]
ঊনবিংশ শতিকাৰ চতুৰ্থ দশকৰ পৰা বিংশ শতিকাৰ দ্বিতীয় দশকলৈ প্ৰায় নটা দশকৰ ভিতৰত অসমত বহুতো উচ্চ শিক্ষানুষ্ঠান গঢ় লৈ উঠিল আৰু এই শিক্ষানুষ্ঠানসমূহে অসমৰ জনসাধাৰণক আধুনিক বহুমুখী শিক্ষাৰ প্ৰতি আকৃষ্ট কৰিবলৈ ধৰিলে। ফলস্বৰূপে ঊনবিংশ শতিকাৰ শেষ দশক আৰু প্ৰধানকৈ বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা অসমীয়া সাহিত্যৰ গতি আৰু প্ৰকৃতি পাশ্চাত্য সাহিত্যৰ অনুৰূপত গঢ় ল'বলৈ ধৰিলে। সেইবাবে পূৰ্বৰ সাধুকথা ধৰ্মী চুটি কাহিনী সাহিত্যৰো পৰিৱৰ্তন ঘটিল আৰু পাশ্চাত্য চুটিগল্পৰ আৰ্হিত জোনাকী আলোচনীৰ পাততে পোন প্ৰথম আধুনিক চুটিগল্পই আত্মপ্ৰকাশ কৰিলে। গতিকে আধুনিক অসমীয়া চুটিগল্পৰ সৃষ্টিৰ গুৰিত ঊনবিংশ শতিকাৰ ক্ৰমবৰ্ধমান শৈক্ষিক পৃষ্ঠভূমিৰ অৱদান গুৰুত্বপূৰ্ণ।[21]
অধুনিক যুগত অসমীয়া চুটিগল্পৰ জন্ম হয় লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত। অসমীয়া চুটিগল্পৰ জন্ম ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা 'জোনাকী'ৰ পাতত লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত সৃষ্টি হৈছিল। বিশেষকৈ পাশ্চাত্য সাহিত্য অধ্যয়নৰ ফলস্বৰূপে অসমীয়া সাহিত্যত চুটিগল্পৰ জন্ম হয়। তদুপৰি ঊনবিংশ শতিকাৰ ৰাজনৈতিক, অৰ্থনৈতিক, ভাষিক,শৈক্ষিক সমস্যাসমূহে অসমীয়া জাতীয় জীৱনত আনি দিয়া পৰিৱৰ্তনে এক বৌদ্ধিক পটভূমি নিৰ্মাণ কৰি দিয়ে আৰু এই বৌদ্ধিক পটভূমিতেই ঊনবিংশ শতিকাত আধুনিক অসমীয়া সাহিত্যৰ বুনিয়াদ ৰচনা হয়। এনেদৰে অসমীয়া সাহিত্যৰ জগতলৈ অসমীয়া চুটিগল্পই ভূমুকি মাৰে।
জোনাকীৰ পাতত বেজবৰুৱাৰ কাপৰপৰা নিগৰি ওলোৱা প্ৰথম চুটিগল্পৰ সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতানৈক্য দেখা যায়। ড॰ মহেন্দ্ৰ বৰাই 'ভদৰি' নামৰ গল্পটো প্ৰথম বুলি ক'ব খোজে। 'জোনাকী'ৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশ পোৱা 'সেউতী' গল্পটিক প্ৰথম গল্প বুলি মত প্ৰকাশ কৰিছে।[22] একে মতকে ড॰ নগেন ঠাকুৰেও গ্ৰহণ কৰিছে। কিন্তু ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মতে, 'জোনাকী' আলোচনীৰ ৪ৰ্থ বছৰ ৮ম সংখ্যাত লক্ষ্মীনাথ বেজবৰুৱাৰ 'পণ্ডিত মহাশয়' গল্পৰ যোগেদি অসমীয়া সাহিত্যত চুটিগল্পৰ শুভাৰম্ভ হয়। এনেদৰে মতানৈক্য থাকিলে বৰ্তমান প্ৰথম অসমীয়া চুটিগল্প হিচাপে 'সেউতী' গল্পটিকে গ্ৰহণ কৰা হৈছে।[23]
ড॰ প্ৰহ্লাদ কুমাৰ বৰুৱাদেৱে "অসমীয়া চুটিগল্পৰ অধ্যয়ন" গ্ৰন্থত চুটিগল্পৰ জন্ম আৰু বিকাশৰ সম্পৰ্কে বিশদভাৱে বৰ্ণনা কৰিছে। তেখেতে গ্ৰন্থখনত নিম্নোক্ত ধৰণে চুটিগল্পৰ বিকাশক বৰ্ণনা আগবঢ়াইছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.