মাঘ
অসমীয়া বৰ্ষৰ দশম মাহ / From Wikipedia, the free encyclopedia
মাঘ অসমীয়া বৰ্ষপঞ্জীৰ দশম মাহ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় শকাব্দৰ একাদশ মাহ। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] মাঘ মাহত ৩০ দিন থাকে।[2] মঘা নক্ষত্ৰৰ নামেৰে মাঘ বা "মাঘা" নামটি আহিছে। পুহ আৰু মাঘ এই ২ মাহ মিলি শীত কাল। শীতৰ সমাপ্তি। অসমীয়া লোক সকলে মাঘ মাহত খেতি চপোৱাৰ উৎসৱ পালন কৰে। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু বা ভোগালী বিহু পালন কৰি ভেলা ঘৰ সাজে আৰু সমূহীয়াকৈ ভোজ ভাত খাই আনন্দ কৰে।[3] এই বিহুক ধৰ্মীয় ৰূপ দিবৰ কাৰণে মকৰ সংক্ৰান্তিও বোলে৷ এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়৷ [4] মাঘ মাহৰ শেষৰ ফালে বৰষুণ হয়। প্ৰবাদ আছে "মাঘৰ শীতত বাঘ পালায়"। এই মাহত আমৰ মুকুল আহে। প্ৰবচন আছে যে- "য'দি বৰ্ষে মাঘৰ শেষ, ধনী ৰজাৰ পূণ্য দেশ"। মাঘ মাহৰ পূৰ্ণিমাক মাঘী পূৰ্ণিমা বুলি কোৱা হয়। মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা উদযাপন কৰা হয়। মাঘ মাহত শীত ঋতুৰ অন্তিম পৰব চলি থাকে।
০১ 16 |
০২ 17 |
০৩ 18 |
০৪ 19 |
০৫ 20 | ||
০৬ 21 |
০৭ 22 |
০৮ 23 |
০৯ 24 |
১০ 25 |
১১ 26 |
১২ 27 |
১৩ 28 |
১৪ 29 |
১৫ 30 |
১৬ 31 |
১৭ 01 |
১৮ 02 |
১৯ 03 |
২০ 04 |
২১ 05 |
২২ 06 |
২৩ 07 |
২৪ 08 |
২৫ 09 |
২৬ 10 |
২৭ 11 |
২৮ 12 |
২৯ 13 |
||||
১৪৩০ ভাস্কৰাব্দ |