পুহ অসমীয়া বৰ্ষপঞ্জীৰ নৱম মাহ। পুষ্যা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম পৌষ বা পুহ হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] পুহ মাহত ২৯ দিন থাকে।[2] পুহ মাহত হেমন্ত ঋতুৰ সমাপ্তি হৈ শীত ঋতুৰ আৰম্ভ হয়। এই মাহত মৃত লোকৰ শ্ৰাদ্ধাদিৰ বাহিৰে অন্য কোনো ধৰ্মীয় কাম-কাজ কৰা নহয়। এই মাহত গছ-লতা শুকাই যায়, শীতৰ প্ৰকোপ বাঢ়ে।

০১
18
০২
19
০৩
20
০৪
21
০৫
22
০৬
23
০৭
24
০৮
25
০৯
26
১০
27
১১
28
১২
29
১৩
30
১৪
31
১৫
01
১৬
02
১৭
03
১৮
04
১৯
05
২০
06
২১
07
২২
08
২৩
09
২৪
10
২৫
11
২৬
12
২৭
13
২৮
14
২৯
15
১৪৩০ ভাস্কৰাব্দ

অন্য পঞ্জিকাত পুহৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত পুহ মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাডিচেম্বৰ আৰু জানুৱাৰী হয়। পুহ ডিচেম্বৰৰ ১৮ বা ১৯ তাৰিখত আৰম্ভ হয় আৰু জানুৱাৰীৰ মধ্যলৈকে থাকে।[2] পুহ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত মৃগশিৰা মাহ চলি থাকে।[1] Thumb

উৎসৱ-পাৰ্বন

পুহ মাহত খেতিয়কে ধান কাটি সামৰি ভঁৰালত ভৰাই বছৰলৈ যতন কাৰি ৰাখে। এই সময়ত সকলোৰে ঘৰত ধান-মাহকে আদি কৰি টকা-পইচাৰ অভাৱ কম হয়। সেয়ে মাহৰ শেষত মকৰসংক্ৰান্তিত অসমীয়া সকলে ভোগৰ উৎসৱ ভোগালী বিহু উদযাপন কৰে।[3]বঙালী সম্প্ৰদায়ৰ লোক সকলেও উৎসৱ উদযাপন কৰে। বাংলাদেশৰ ঢাকাত এই সময়ত ডাঙৰ মেলা বহে।[4][5] চাহ জনজাতিৰ লোকসকলে টুচু পূজা বা টুচু পৰৱ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰে। পুহ মাহত আৰম্ভ হোৱা বাবে এই পৰৱক পৌৰ পৰৱ বুলিও কোৱা হয়।

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.