গুৱাহাটী
ভাৰতৰ অসম ৰাজ্যৰ এখন মহানগৰ / From Wikipedia, the free encyclopedia
গুৱাহাটী (ইংৰাজী: Guwahati; পূৰ্বতে গৌহাটী) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰ'প'লিটান এলেকা আৰু কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ 'প্ৰৱেশদ্বাৰ' বুলিও কোৱা হয়।[5][6] ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৯,৬২,৩৩৪ জন। যোৱা দশককেইটাত গুৱাহাটীৰ যথেষ্ট ভৌগোলিক আৰু জনসংখ্যাৰ পৰিৱৰ্তন হৈছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। বৰ্তমানেও ইয়াত বহুতো পুৰণি মঠ-মন্দিৰ দেখিবলৈ পোৱা যায়। কামাখ্যা দেৱালয়, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, বশিষ্ঠাশ্ৰম, দৌল গোবিন্দ মন্দিৰ, উগ্ৰতাৰা দেৱালয় আদি এইবোৰৰ ভিতৰত অন্যতম।
গুৱাহাটী | |||
---|---|---|---|
— মহানগৰ — | |||
ওপৰৰ পৰা বাওঁফালৰ পৰা সোঁফালে: গুৱাহাটী ক্লাব এৰিয়া, গুৱাহাটী ৰ’পৱে গাড়ী, অসম ক্ৰিকেট সন্থা ষ্টেডিয়াম , আই আই টি গুৱাহাটী, গুৱাহাটী এৰিয়াল ভিউ, কামাখ্যা মন্দিৰ | |||
|
|||
ভৌগোলিক স্থানাংক: 26°11′0″N 91°44′0″E | |||
দেশ | ভাৰত | ||
ৰাজ্য | অসম | ||
অঞ্চল | নামনি অসম | ||
জিলা | কামৰূপ মহানগৰ | ||
চৰকাৰ | |||
- প্ৰকাৰ | গণতন্ত্ৰ | ||
- পৰিষদ | গুৱাহাটী পৌৰ নিগম | ||
- মেয়ৰ | মৃগেন শৰণীয়া (ভাজাপা) | ||
- উপায়ুক্ত | পল্লৱ গোপাল ঝা, ভা. প্ৰ. সে. | ||
- আৰক্ষী আয়ুক্ত | হিতেশ চন্দ্ৰ ৰয়, এ.চি. এছ. | ||
মাটিকালি | |||
- মহানগৰ | ৩২৮ কি.মি.২ (১২৮ বৰ্গ মাইল) |
||
উচ্চতা | ৫০−৬৮০ মিটাৰ (−২,১৮০.৯৭ ফুট) | ||
জনসংখ্যা (২০১১)[1] | |||
- মহানগৰ | ৯,৫৭,৩৫২ জন | ||
- স্থান | ৪৮thতম | ||
- জনঘনত্ব | ২,৯১৮.৮ প্ৰতি বৰ্গ কি.মি. (৭,৫৫৯.৫ প্ৰতি বৰ্গ মাইল) |
||
- মহানগৰ | ৯,৬২,৩৩৪ (UA) জন | ||
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) | ||
পিনক'ড | ৭৮১ XXX | ||
ফোন | +৯১ - (০) ৩৬১ - XX XX XXX | ||
আই এচ অ’ ৩১৬৬ কোড | IN-AS | ||
যানবাহনৰ নম্বৰ | AS-01 (কামৰূপ মহানগৰ) / AS-25 (কামৰূপ গ্ৰাম্য আৰু দিছপুৰ) | ||
মানৱ উন্নয়ন সূচক | ০.৭২৫ উচ্চ[2] | ||
সাক্ষৰতাৰ হাৰ | ৯৪.৪৭% উচ্চ[3] | ||
শুভংকৰ প্ৰতিক | শিহু[4] | ||
ৱেবছাইট | www |
গুৱাহাটী মহানগৰৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে মেঘালয়ৰ পাহাৰ, পশ্চিমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু পূবত নাৰেঙ্গী অৱস্থিত। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেও উত্তৰ গুৱাহাটীৰ ৰূপত ইয়াৰ লাহে লাহে পৰিবৰ্ধন হৈছে। গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা অঞ্চল হৈছে ২১৬ বৰ্গ কিঃমিঃ আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত ৩৪০ বৰ্গ কিঃমিঃ এলেকা আছে।
গুৱাহাটী উত্তৰ-পূব ভাৰতৰ এক প্ৰধান বাণিজ্যিক আৰু শৈক্ষিক কেন্দ্ৰ। ইয়াত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ দৰে বিশ্বস্তৰৰ শিক্ষানুষ্ঠানৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান অৱস্থিত। গুৱাহাটী উত্তৰ পূব ভাৰতৰ সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক কাম-কাজৰো এক অন্যতম কেন্দ্ৰ। উত্তৰ পূব ভাৰতৰ অন্য স্থানসমূহলৈ যাবৰ বাবে গুৱাহাটী এক প্ৰধান বিকল্প। গুৱাহাটী আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ। গুৱাহাটীৰ চৌপাশৰ অৰণ্যত যথেষ্ট সংখ্যক হাতী, বাঘ, বান্দৰ আদি জীৱ-জন্তুৰ উপৰিও বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতি পোৱা যায়।[7][8]