কোচবিহাৰ আছিল কোচ ৰজবঙ্গহি সকলৰ ৰাজ্জ্য । From Wikipedia, the free encyclopedia
কোচ বিহাৰ[1] ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত এখন প্ৰিন্সলি ষ্টেট বা কৰতলীয়া ৰাজ্য আছিল।[2] এই ৰাজ্য বেংগল প্ৰেচিডেন্সীৰ ইষ্টাৰ্ণ ষ্টেটছ এজেঞ্চিৰ বেংগল ষ্টেট এজেঞ্চিৰ অংশ আছিল। এই ৰাজ্য হিমালয়ৰ ভূটানৰ দক্ষিণত বৰ্তমান ভাৰতৰ পশ্চিম বংগ ৰাজ্যত অৱস্থিত।
কোচ বিহাৰ ৰাজ্য | |||||||
---|---|---|---|---|---|---|---|
দেশীয় ৰাজ্য of ব্ৰিটিছ ভাৰত | |||||||
১৫৮৬–১৯৪৯ | |||||||
Flag | |||||||
১৯৩১ চনৰ দা ইম্প্ৰেৰিয়েল গেজেট অফ ইণ্ডিয়াত কোচ বিহাৰ ৰাজ্য | |||||||
ৰাজধানী | কোচ বিহাৰ | ||||||
Area | |||||||
• ১৯০১ | 3385 বৰ্গ কি.মি. | ||||||
ইতিহাস | |||||||
• Established |
১৫৮৬ | ||||||
• ভাৰতৰ স্বাধীনতা |
১৯৪৯ | ||||||
| |||||||
Today part of | ভাৰত |
১৫৮৬ চনত কোচ ৰজা নৰনাৰায়ণৰ মৃত্যুৰ বয়সত কোচ ৰাজবংশৰ মাজত ফাঁট মেলিছিল। ইয়াৰ ফলত কমতা ৰাজ্য কোচ বিহাৰ আৰু কোচ হাজো এই দুই ভাগত বিভক্ত হয়। পূব ফালে থকা কোচ হাজোৰ দুৰ্বল শাসনতন্ত্ৰৰ সুযোগ লৈ আহোমে নিজৰ অধীনলৈ এনে। পশ্চিম ভাগৰ কোচ বিহাৰ মোগলৰ পিছত ভূটান ৰাজ্যৰ আগ্ৰাসনৰ বলি হৈছিল। ভূটানী আৰু তিব্বতীয় সকলৰ লগত কেইবাবাৰো যুদ্ধ লগাৰ পিছত উত্তৰৰ শত্ৰু সমূহক পিছলৈ ঘূৰি যাবলৈ বাধ্য হৈছিল। কিন্তু এগৰাকী ভূটানৰ কটকী কোচ বিহাৰৰ ৰাজ হাউলিত থাকি গৈছিল। কোচ বিহাৰৰ শাসক সকলে ব্ৰিটিছ সহায় বিচাৰিলে আৰু ব্ৰিটিছৰ পৰা সামৰিক সাহায্য লাভ কৰা পিছত কোচ বিহাৰৰ শত্ৰু নাশ হয়। পিছলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সন্ধিৰ জৰিয়তে কোচ বিহাৰৰ ৰাজ ক্ষমতা বহু পৰিমাণে লাঘৱ কৰে। ব্ৰিটিছৰ অধীনত কোচ বিহাৰে প্ৰিন্সলি ষ্টেট বা কৰতলীয়া ৰাজ্য হিচাপে পৰিগণিত হয়। ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ১৯৪৯ চনত কোচ বিহাৰ ৰাজ্য ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ সৈতে মিলিত হয়। এই ৰাজ্যৰ নামেৰে পশ্চিম বংগৰ কোচ বিহাৰ জিলাৰ নাম ৰখা হৈছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.