অসমৰ আহোম সাম্ৰাজ্যৰ এজন ফুকনলুং From Wikipedia, the free encyclopedia
লাচিত বৰফুকন বুৰঞ্জীমতে লা-চিত ফু-কন লুং (আহোম: 𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 𑜏𑜤𑜂𑜫, ইংৰাজী: Lachit Borphukan) আছিল আহোম ৰাজ্যৰ নৱমজন বৰফুকন (ফু-কন লুং)। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল।[4] শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।
লাচিত বৰফুকন 𑜎𑜡 𑜋𑜢𑜄𑜫 𑜋𑜥𑜀𑜨𑜃𑜫 𑜏𑜤𑜂𑜫 (লা-চিত ফু-কন লুং) | |
---|---|
জন্ম | লা-চিত ২৪ নৱেম্বৰ, ১৬২২ |
মৃত্যু | ২৫ এপ্ৰিল, ১৬৭২ কলিয়াবৰ |
সমাধিস্থল | হোলোঙাপাৰ, যোৰহাট, অসম |
স্মৃতিচিহ্ন | লাচিত বৰফুকন সহিতে আহোম সৈন্যৰ প্ৰতিমূৰ্তি |
বাসগৃহ | গড়গাঁও, গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | অসমীয়া |
বংশদ্ভূত | টাই আহোম |
পেচা | বৰফুকন (ফু-কন লুং) |
সক্ৰিয় হৈ থকা সময় | ১৬৬৭-১৬৭২ চন |
সংস্থা | আহোম সেনা |
জনা যায় | শৰাইঘাটৰ যুদ্ধ |
উল্লেখযোগ্য কৰ্ম | ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত অসমীয়া সৈন্যৰ বৰফুকনৰ দায়িত্ব লৈ মোগল সৈন্যক পৰাস্ত কৰিছিল |
গৃহস্থান | গড়গাঁও |
পদবী | বৰফুকন |
পূৰ্বসূৰী | ঘোঁৰাকোঁৱৰ |
উত্তৰসূৰী | লালুকসোলা বৰফুকন |
ৰাজনৈতিক আন্দোলন | আলাবৈৰ ৰণ, শৰাইঘাটৰ ৰণ |
Opponent(s) | মোগল সাম্ৰাজ্য |
ধৰ্ম | ফুৰালুং ধৰ্ম |
পিতৃ-মাতৃ | মোমাই তামুলী বৰবৰুৱা (ফুকে লুং লান-ফিমা)[1] [note 1] নাঙ লা চেঙ আইদেউ[2] |
আত্মীয়-স্বজন | ভাতৃ: লালুকসোলা বৰফুকন ভাৰধৰা বৰফুকন মৰঙ্গী বৰবৰুৱা লাও ডেকা দতুকাড়ী ভগ্নী: পাখৰী গাভৰু ককা বা প'-থাও: লান টাই লুঙ [3] |
লাচিত বৰফুকনৰ জন্ম গড়গাঁৱৰ ওচৰতে দিখৌ নৈৰ পাৰত। তেওঁৰ পিতৃৰ নাম মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম নাঙ লা চেঙ আইদেউ।[5] সাঁচিপাতৰ ৰাজবুৰঞ্জীত মোমাই তামুলী বৰবৰুৱাৰ নাম লান ফিমা বৰবৰুৱা বুলি উল্লেখ আছে।[6] তেওঁলোকৰ পূৰ্বপুৰুষ লুক ফিমা নামৰ ব্যক্তিজন ১২২৮ খ্ৰীষ্টাব্দত চাওলুঙ চৌকাফাৰ সহযাত্ৰী হিচাপে পাটকাই পাৰ হৈ অসমলৈ আহিছিল।[7] সেইকাৰণে তেওঁলোকৰ ফৈদ বা বংশটোক লান ফিমা বুলিও জনা যায়। চাওফা চুডাংফাৰ সময়ত তাওচুলাই কোঁৱৰে চাওফাৰ বিৰুদ্ধে কৰা বিদ্ৰোহত এই লান ফিমা ফৈদৰ থাউমুঙ তামৰা নামৰ এজন বিষয়াই সহযোগ কৰা বাবে তামৰাৰ ভাতৃ ফু-কে ফিমাক লুক-খা-খুন খেললৈ পৰিবৰ্তন কৰা হৈছিল।[8] স্বৰ্গদেউ প্ৰতাপ সিংহই এই ফু-কে ফিমাৰ নাতি লান টাই লুঙ তামুলীৰ পুত্ৰ ত্যিৰিঙ ফিচেঙ ওৰফে মোমাই তামুলীক বৰবৰুৱা পাতিছিল। মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰসকল হ'ল লালুকসোলা বৰফুকন, ভাৰধৰা বৰফুকন(লান ৰণ কপ), মৰঙ্গী বৰবৰুৱা(লান ব লিন), লাও ডেকা, দন্তকাড়ী। তেওঁৰ জীয়ৰীৰ নাম পাখৰী গাভৰু বা পাহী গাভৰু। মোমাই তামুলী বৰবৰুৱাৰ ভাতৃ আছিল বাদুলী ৰজাশহুৰ বৰফুকন। তেওঁৰ পুত্ৰ বাদুলী ডেকাফুকন। শৰাইঘাটৰ ৰণৰ পূৰ্বে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিতক বৰফুকন পদবী দিয়াৰ পূৰ্বে তেওঁৰ বংশ বিচাৰ কৰি তেওঁলোকৰ পৰিয়ালটোক লুক খা খুন খেলপৰা পুনৰ পূৰ্বৰ মৰ্যদালৈ নিছিল।[9]
ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা ফৈদ হ’ল লান ফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।
লাচিতে একেদিনাই বৰফুকনৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে স্বৰ্গদেও চুপুংমুংৰ বৰফুকন হৈছিল।
দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা স্বৰ্গদেওৰ চকুত পৰে। এদিনাখনৰ কথা- দোলাত বহি থকা স্বৰ্গদেওৱে লাচিতক মাতি আনি ক’লে- “বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি।” লাচিতে উত্তৰ দিলে- “স্বৰ্গদেওৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। স্বৰ্গদেওৱে আদেশ দিবহে লাগে।”[10]
তাৰ পিচতেই লাচিতক বৰফুকনৰ ভাৰ দিয়া হৈছিল। বৰফুকন পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক স্বৰ্গদেওৰ ওচৰলৈ মাতি পঠিওৱা হ’ল। স্বৰ্গদেওৰ সমুখত আঁঠু ল'ব ধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। স্বৰ্গদেওৱে এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল। স্বৰ্গদেওৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী আছিল ।
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।” কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।
শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত স্বৰ্গদেও উদয়াদিত্য সিংহই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।
প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস (ইংৰাজী: Lachit Day) হিচাপে পালন কৰা হয়[11]।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.