ৰাধাগোবিন্দ বৰুৱা
From Wikipedia, the free encyclopedia
ৰাধাগোবিন্দ বৰুৱা (ইংৰাজী: Radha Govinda Baruah) (১৭ অক্টোবৰ, ১৯০০ – ১৫ জুলাই, ১৯৭৭) এগৰাকী অসমীয়া ব্যৱসায়ী, সমাজ সংগঠক, সাংস্কৃতিক আৰু ক্ৰীড়া উদ্যোক্তা। তেওঁ 'দ্য আছাম ট্ৰিবিউন' বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা।[1] তেওঁ 'দৈনিক অসম' (১৯৬৫) আৰু সাপ্তাহিক 'অসম বাণী' কাকতো প্ৰতিষ্ঠা কৰিছিল। গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম তেওঁৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছিল। এটা দশক জুৰি তেওঁ 'অসম ক্ৰিকেট সন্থা'ৰ সভাপতি আছিল। 'গুৱাহাটী ইন্ড'ৰ ষ্টেডিয়াম', 'অসম সংগীত সন্মিলনী' আৰু 'আসাম ফ্লায়িং ক্লাব', 'অসম হকী এছ'চিয়েচন', 'অসম বেডমিণ্টন এছ'চিয়েচন'ৰ প্ৰতিষ্ঠাতো আগভাগ লৈছিল। তেওঁৰ একক প্ৰচেষ্টাতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন হৈছিল।[2] অসমীয়াৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বাবেও তেওঁ যত্ন কৰিছিল। গুৱাহাটীৰ 'ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়' তেওঁৰ নামতে ৰখা হৈছে। তেওঁ গুৱাহাটীৰ প্ৰথমগৰাকী মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ আৰ জি নামেৰে তেওঁ প্ৰখ্যাত আছিল। তেওঁক 'আধুনিক অসমৰ আৰ্হি নিৰ্মাতা' ("the architect of modern Assam")[3] বোলাৰ লগতে 'সিংহপুৰুষ' বুলিও অভিহিত কৰা হয়।[4]
ৰাধাগোবিন্দ বৰুৱা | |
---|---|
![]() | |
জন্ম | ১৭ অক্টোবৰ, ১৯০০ শিৱসাগৰ |
মৃত্যু | ১৫ জুলাই, ১৯৭৭ (৭৬ বছৰ) গুৱাহাটী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
২০০০ চনত 'মহান নেতাসকল: সামাজিক আৰু ৰাজনৈতিক' শিতানত 'জগলাল চৌধুৰী', 'বিজয়লক্ষ্মী পণ্ডিত' আৰু 'ৰেট্টামালাই শ্ৰীনিবাসন'-ৰ লগতে তেওঁক সন্মান যাঁচি এটা ডাক টিকট মুকলি কৰা হৈছে।[4]