অসম বাণী
From Wikipedia, the free encyclopedia
অসম বাণী (ইংৰাজী: Asam Bani) হৈছে অসমৰ এখন সাপ্তাহিক বাতৰিকাকত। প্ৰতি শুকুৰবাৰে এই কাকত প্ৰকাশ হয়। 'আছাম ট্ৰিবিউন' কাকত গোষ্ঠীৰ দ্বাৰা এই কাকত প্ৰকাশ পায়। কাকতখনৰ ইন্টাৰনেট সংস্কৰণো উপলব্ধ। অসম বাণীৰ বৰ্তমান সম্পাদক দিলীপ চন্দন।
ক্ষিপ্ৰ তথ্য প্ৰকাৰ, ফৰমেট ...
প্ৰকাৰ | সাপ্তাহিক বাতৰি কাকত |
---|---|
ফৰমেট | মজলীয়া পৃষ্ঠা |
সম্পাদক | দিলীপ চন্দন |
ভাষা | অসমীয়া |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম |
ভগ্নী কাকত | দ্যা আছাম ট্ৰিবিউন, দৈনিক অসম |
ৱেবছাইট | www.asambani.com |
বন্ধ কৰক
১৯৫৫ চনৰ এক জুলাইত ৰাধাগোবিন্দ বৰুৱাই সাপ্তাহিক কাকত 'অসম বাণী' প্ৰকাশ আৰম্ভ কৰে। কাকতখনৰ প্ৰথম সম্পাদক আছিল সতীশ চন্দ্ৰ কাকতি। ইয়াৰ পাছত ক্ৰমে তিলক হাজৰিকা, ফণী তালুকদাৰ, নিৰোদ চৌধুৰী, হোমেন বৰগোহাঞি আৰু চন্দ্ৰপ্ৰসাদ শইকীয়াই 'অসম বাণী'ৰ সম্পাদকৰ দায়িত্ব পালন কৰে। ১৯৯৭ চনৰ জুন মাহৰপৰা দিলীপ চন্দনে সম্পাদনাৰ ভাৰ গ্ৰহণ কৰে।