![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f1/Vijaya_Lakshmi_Pandit_1965b.jpg/640px-Vijaya_Lakshmi_Pandit_1965b.jpg&w=640&q=50)
বিজয়লক্ষ্মী পণ্ডিত
From Wikipedia, the free encyclopedia
বিজয়লক্ষ্মী পণ্ডিত (ইংৰাজী: Vijaya Lakshmi Pandit; ১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল।[2] লগতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পেহী আৰু ৰাজীৱ গান্ধীৰ পেহী আইতা। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কূটনীতিবিদ হিচাপে তেওঁক লণ্ডনলৈ পঠোৱা হৈছিল। তাৰপিছত তেওঁ ছোভিয়েট সংঘ, আমেৰিকা আৰু ৰাষ্ট্ৰসংঘত সেৱা আগবঢ়ায়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম ভাৰতীয় অধ্যক্ষ আছিল। ইয়াৰ লগতে তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[3]
ক্ষিপ্ৰ তথ্য হাৰ এক্সেলেন্সী বিজয়লক্ষ্মী পণ্ডিত, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ...
হাৰ এক্সেলেন্সী বিজয়লক্ষ্মী পণ্ডিত | |
---|---|
![]() ১৯৬৫ চনত নেদাৰলেণ্ডত বিজয়লক্ষ্মী পণ্ডিত | |
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ | |
কাৰ্যকাল ১৫ ছেপ্টেম্বৰ ১৯৫৩ – ২১ ছেপ্টেম্বৰ ১৯৫৪[1] | |
পূৰ্বসূৰী | লেষ্টাৰ বি. পিয়াৰছন |
উত্তৰসূৰী | এলক' এন. ভান ক্লেফেন্স |
মহাৰাষ্ট্ৰৰ সপ্তম ৰাজ্যপাল | |
কাৰ্যকাল ২৮ নৱেম্বৰ ১৯৬২ – ১৮ অক্টোবৰ ১৯৬৪ | |
পূৰ্বসূৰী | পি. চুব্বাৰায়ন |
উত্তৰসূৰী | পি. ভি. চেৰীয়ান |
লোকসভাৰ সাংসদ | |
কাৰ্যকাল ১৯৬৭–১৯৭১ | |
পূৰ্বসূৰী | জৱাহৰলাল নেহৰু |
উত্তৰসূৰী | বিশ্ব প্ৰতাপ সিং |
সমষ্টি | ফুলপুৰ লোকসভা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ১৮ আগষ্ট, ১৯০০ এলাহাবাদ, উত্তৰ-পশ্চিম প্ৰদেশ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১ ডিচেম্বৰ, ১৯৯০ (৯০ বছৰ) ডেহৰাডুন, উত্তৰ প্ৰদেশ, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ৰঞ্জিত সীতাৰাম পণ্ডিত |
বন্ধ কৰক