সমুদ্ৰ মন্থন
হিন্দু ধৰ্মৰ কিংবদন্তি / From Wikipedia, the free encyclopedia
সমুদ্ৰ মন্থন বা সাগৰ মন্থন বা ক্ষীৰসাগৰ মন্থন (সংস্কৃত: समुद्रमन्थन , ইংৰাজী: Samudra Manthana) হিন্দু ধৰ্মৰ বহুলভাৱে জনাজাত কিংবদন্তিসমূহৰ অন্যতম।[1][2] সমুদ্ৰ মন্থনৰ বিষয়ে ভাগৱত পুৰাণ, মহাভাৰত আৰু বিষ্ণু পুৰাণত বিস্তৃত বৰ্ণনা পোৱা যায়। দেৱতা আৰু অসুৰসকলে মিলি বিষ্ণুৰ সহযোগত ক্ষীৰ সাগৰ মন্থন কৰে। সাগৰ মন্থনৰ মূল উদ্দেশ্য আছিল সমুদ্ৰৰ পৰা অমৃত আহৰণ কৰা। এই কাৰ্যৰ যোগেদি অমৃতৰ লগতে সমুদ্ৰৰ পৰা বহুকেইবিধ ৰত্ন, দৈৱিক জন্তু, লক্ষ্মী, অলক্ষ্মী, অপ্সৰা, হলাহল, কল্পবৃক্ষ আদিৰো আৱিৰ্ভাৱ ঘটে।