একপ্ৰকাৰৰ অৰ্ধদৈৱিক নাৰী From Wikipedia, the free encyclopedia
অপ্সৰা (হিন্দী: अप्सरा) হৈছে হিন্দু আৰু বৌদ্ধধৰ্মৰ আখ্যানসমূহত উল্লিখিত ডাৱৰ আৰু জলধাৰাৰ একপ্ৰকাৰৰ অৰ্ধদৈৱিক নাৰী। দক্ষিণ আৰু দক্ষিণ-পূব এচিয়াৰ বিভিন্ন স্থাপত্য, নৃত্য আৰু চিত্ৰশিল্পত অপ্সৰাৰ উপস্থিতি দেখা যায়।[1] অপ্সৰা দুই প্ৰকাৰৰ: লৌকিকা (পাৰ্থিৱ) আৰু দৈৱিকা (দৈৱিক)। তেওঁলোকৰ মাজত উৰ্বশী, মেনকা, ৰম্ভা, তিলোত্তমা আৰু ঘৃতাচী সবাতোকৈ প্ৰসিদ্ধ।[2]
বাৰশ শতিকাত নিৰ্মিত অপ্সৰাৰ এক শিলামূৰ্ত্তি, উত্তৰ প্ৰদেশ, ভাৰত | |
শ্ৰেণী | কিংবদন্তিমূলক জীৱ |
---|---|
উপশ্ৰেণী | অৰ্ধদেৱতা |
অন্য নাম |
|
দেশ | ভাৰত, ইণ্ডোনেচিয়া, মালয়েচিয়া, কম্বোডিয়া |
স্থান | হিন্দুধৰ্ম, বৌদ্ধধৰ্ম |
অপ্সৰাক পালি ভাষাত অচ্চৰা, মালয় ভাষাত বিদাদাৰি, জাভানিজত ৱিদাদাৰি আৰু মৈতেই ভাষাত হেল্ল'ই হিচাপে জনা যায়।
হিন্দু আখ্যানসমূহৰ মতে অপ্সৰাসমূহ অতীৱ সুন্দৰী, পূৰ্ণযৌৱনা আৰু নৃত্যকলাত পাৰ্গত। তেওঁলোক সততে দেৱৰাজ ইন্দ্ৰৰ ৰাজসভাৰ সংগীতজ্ঞ গন্ধৰ্বসকলৰ সহধৰ্মিণী। গন্ধৰ্বসকলৰ গীতত তেওঁলোকে নৃত্য কৰে আৰু প্ৰায়ে দেৱতা আৰু মানৱ উভয়কে মোহিত কৰে। গগণ নিবাসী হিচাপে বা দেৱতাৰ কোনো কাৰ্য সম্পাদনৰ বাবে তেওঁলোকক প্ৰায়ে উৰিফুৰা দেখা যায়।
অপ্সৰাসকলে তেওঁলোকৰ দেহাৱয়ব ইচ্ছা অনুসৰি সলনি কৰিব পাৰে আৰু তেওঁলোকে ক্ৰীড়া আৰু জুৱাখেলৰ ভাগ্য নিয়ন্ত্ৰণ কৰে।[3] অপ্সৰাক প্ৰায়ে গ্ৰীচ কিংবদন্তিৰ মিউজসকলৰ সৈতে তুলনা কৰা হয় আৰু ইন্দ্ৰৰ ৰাজসভাৰ ২৬ গৰাকী অপ্সৰাই প্ৰদৰ্শনমূলক কলাৰ একোটা নিৰ্দিষ্ট ভাগক প্ৰতিনিধিত্ব কৰে। তেওঁলোক উৰ্বৰা আচাৰসমূহৰ সৈতেও জড়িত। ভাগৱত পুৰাণৰ মতে কাশ্যপ আৰু অন্যান্য মুনিৰ ঔৰসত অপ্সৰাসকল জন্ম হয়।
ঋকবেদত গন্ধৰ্বৰ সহধৰ্মিণী এগৰাকী অপ্সৰাৰ কথা উল্লেখ আছে।[3] বিশেষভাৱে উল্লিখিত একমাত্ৰ অপ্সৰা হৈছে উৰ্বশী। ইয়াত উৰ্বশীৰ মানৱ প্ৰেমিক পুৰুৰৱা আৰু উৰ্বশীৰ বিষয়ে সম্পূৰ্ণ এটা শ্লোক আছে।[4] পৰৱৰ্ত্তী সময়ৰ হিন্দু সাহিত্যত ইন্দ্ৰৰ পৰিচাৰিকা বা ৰাজসভাৰ নৰ্ত্তকী হিচাপে বহু অপ্সৰাৰ নাম উল্লেখ কৰা হৈছে।[3]
মহাভাৰতৰ বিভিন্ন কাহিনীত অপ্সৰাৰ আৱিৰ্ভাৱ ঘটিছে। মহাকাব্যখনত প্ৰধান অপ্সৰাসকলৰ বহুকেইখন তালিকা আছে যদিও এইকেইখন একেই নহয়। ইয়াত এই অপ্সৰাসকলৰ শাৰীৰিক সৌন্দৰ্য আৰু লয়লাস নৃত্য ভংগীমাৰ বিস্তৃত বৰ্ণনা কৰা হৈছে।[5]
মহাকাব্যখনত অপ্সৰাসকলৰ নিজা নিজা কাহিনীও বৰ্ণনা কৰা হৈছে। কাহিনী অনুসৰি তিলোত্তমাই অসুৰ ভ্ৰাতৃ সুন্দ আৰু উপসুন্দক বিভ্ৰান্ত কৰি পৃথিৱীক উদ্ধাৰ কৰা আৰু তৃতীয় পাণ্ডৱ অৰ্জুনক মোহিত কৰিবলৈ উৰ্বশীয়ে কৰা প্ৰচেষ্টাৰ বিৱৰণ আছে।
কোনো ধ্যানস্থ মুনিৰ ধ্যান ভংগ কৰিবলৈ কোনো অপ্সৰাক প্ৰেৰণ কৰাৰ কাহিনীৰ বহুকেইবাৰ পুনৰাবৃত্তি ঘটিছে। শকুন্তলাৰ পিতৃ-মাতৃৰ পৰিচয় দিবলৈকো আদি পৰ্বত এনে এক কাহিনীৰ অৱতাৰণা কৰা হৈছে। এই কাহিনীটোৰ মতে বিশ্বামিত্ৰ ঋষি তপস্যাত বহোঁতে উৎপন্ন হোৱা শক্তিলৈ ইন্দ্ৰৰ ভয় ওপজাত তেওঁ মেনকাক ঋষিৰ তপস্যা ভংগ কৰিবলৈ প্ৰেৰণ কৰে। মেনকা তপস্যাস্থলীত উপস্থিত হোৱাত পৱন দেৱতাই তেওঁৰ বস্ত্ৰ উৰুৱাই নিয়ে। এনে অৱস্থাত মেনকাক দেখি বিশ্বামিত্ৰ কামাগ্নিত দগ্ধ হয় আৰু তেওঁৰ তপস্যা ভংগ হয়। তেওঁলোকৰ মিলনৰ ফলশ্ৰুতিত শকুন্তলাৰ জন্ম হয়।[6]
নাট্যশাস্ত্ৰত উল্লিখিত তালিকামতে অপ্সৰাসকল হৈছে মঞ্জুকেশী, সুকেশী, মিশ্ৰকেশী, সুলোচনা, সৌদামিনী, দেৱদত্তা, দেৱসেনা, মনোৰমা, সুদতি, সুন্দৰী, বিগদ্ধা, বিবিধা, বুধা, সুমালা, সন্ততি, সুনন্দা, সুমুখী, মাগধী, আৰ্জুনি, কেৰলা, ধৃতি, নন্দা, সুপুষ্কলা, সুপুষ্পমালা আৰু কলাভা।
কম্বোডিয়াৰ এংকৰিয়ান মন্দিৰসমূহৰ প্ৰস্তৰ আকৃতিসমূহত অপ্সৰাৰ অৱস্থিতি সততে পোৱা যায়। অৱশ্যে সকলো নাৰীমূৰ্ত্তিকে অপ্সৰা হিচাপে গণ্য কৰা নহয়। কেৱল নৃত্যৰত বা নৃত্যৰ ভংগীমাত সজা মূৰ্ত্তিসমূহকহে অপ্সৰা হিচাপে চিহ্নিত কৰা হয়। [7]
ক্ষ্মেৰ ধ্ৰুপদী নৃত্যত এংকৰিয়ান মন্দিৰৰ প্ৰভাৱ পৰিছে আৰু এবিধ একেক নৃত্যক অপ্সৰা নৃত্য আখ্যা দিয়া হৈছে।[8] এই নৃত্যৰ দ্বাৰা কোনো কিংবদন্তি অথবা ধৰ্মীয় কাহিনী পৰিৱেশন কৰা হয়।[9]
মধ্যযুগৰ পৰাই মালয় ভাষাত অপ্সৰাক বিদাদাৰী নামেৰে জনা যায়। সংস্কৃত ভাষাৰ বিদ্যাধৰী (পুংলিংগ: বিদ্যাধৰ) অৰ্থাৎ কোনো বিজ্ঞান বা মন্ত্ৰৰ ধাৰণ কৰোঁতা একপ্ৰকাৰ দৈৱিক জীৱক বুজোৱা শব্দৰ সৈতে ইয়াৰ ওচৰ সম্পৰ্ক আছে।[10] বালিৰ দিদাৰী (বা বিদাদাৰী) নৃত্যত বিদাদাৰীসমূহ হৈছে স্বৰ্গৰ পৰিচাৰিকা যি ইন্দ্ৰৰ প্ৰাসাদ অথবা স্বৰ্গত নিবাস কৰে।[11]
শৈলেন্দ্ৰ সাম্ৰাজ্যৰ পৰা আৰম্ভ কৰি মজপাহিত সাম্ৰাজ্যৰ সময়লৈকে নিৰ্মিত জাভাৰ মন্দিৰসমূহত অপ্সৰাৰ প্ৰতিকৃতি পোৱা যায়। এই প্ৰতিকৃতিসমূহ সৌন্দৰ্যবৰ্ধনৰ লগতে শিলত খোদিত কাহিনীসমূহৰ অন্যতম চৰিত্ৰ হিচাপে নিৰ্মাণ কৰা হৈছিল।
খ্ৰীষ্টপূৰ্ব ১১১৩-১১৫০-ত নিৰ্মিত বৃহত্তম এংকৰিয়ান মন্দিৰ এংকৰ ৱাটত অপ্সৰা আৰু দেৱতা উভয়কে চিত্ৰয়িত কৰা হৈছে। অৱশ্যে দেৱতাৰ সংখ্যা অধিক আৰু ই প্ৰায় ১,৭৯৬টা।[12] এংকৰ ৱাটৰ শিল্পীসকলে স্তম্ভ আৰু দেৱালসমূহৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৩০-৪০ চেণ্টিমিটাৰ আকাৰৰ প্ৰতিমা গঢ় দিছিল। এই প্ৰতিমাসমূহৰ কেশবিন্যাস, শিৰোস্ত্ৰান, বস্ত্ৰ, অলংকাৰ আদিৰ প্ৰচুৰ ভিন্নতা দেখা পোৱা যায়।[13]
Seamless Wikipedia browsing. On steroids.