কল্পতৰু

From Wikipedia, the free encyclopedia

কল্পতৰু

কল্পতৰু হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মৰ লগত জড়িত ইচ্ছাপূৰ্ণ কৰিব পৰা এজোপা ঐশ্বৰিক গছ। ইয়াক কল্পবৃক্ষ, কল্পদ্ৰুম, কল্পপাদপ আদি নামেৰেও জনা যায়। সংস্কৃত সাহিত্যৰ প্ৰাচীনতম উৎসসমূহতো ইয়াৰ উল্লেখ পোৱা যায়। জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ সাহিত্যতো কল্পতৰু জনপ্ৰিয় বিষয়বস্তু। কল্পতৰুৰ উৎপত্তি সমুদ্ৰ মন্থনৰ সময়ত হৈছিল। সমুদ্ৰমন্থনত দেৱতাসকলে ইয়াক লাভ কৰে আৰু দেৱৰাজ ইন্দ্ৰয়ে গছজোপা স্বৰ্গলৈ লৈ যায়। কল্পতৰুক ভাস্কৰ্য, মূৰ্তিবিদ্যা আৰু সাহিত্যত বহুলভাৱে ব্যৱহাৰ কৰা হয়। বৰ্তমান বিভিন্ন প্ৰান্তত কিছুমান গছ যেনে পলাশ, বট গছ, মহুৱা, খেঝড়ী, চিউৰী, নুনি গছক কল্পতৰুৰ বুলি গণ্য কৰা হয়।

দশম জৈন তীৰ্থংকৰ শিতলনাথৰ মূৰ্তি তলত তেওঁৰ কল্পবৃক্ষৰ প্ৰতীক
The divine Kalpavriksha tree in mythology, a stone carving of a tree with mythical characters surrounding it.
ইণ্ডোনেছিয়াৰ জাভাৰ বৌদ্ধ মন্দিৰ অষ্টম শতিকাৰ পাৱন মন্দিৰত পৌৰাণিক প্ৰাণীৰে সুৰক্ষিত জীৱনৰ ঐশ্বৰিক গছ কল্পতৰু

তথ্য সংগ্ৰহ

Wikiwand - on

Seamless Wikipedia browsing. On steroids.