ক্ষীৰ সাগৰ
হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনীত বৰ্ণিত দিব্য সাগৰ / From Wikipedia, the free encyclopedia
হিন্দু ধৰ্মৰ ব্ৰহ্মাণ্ডৰ তত্ত্ব অনুযায়ী ক্ষীৰ সাগৰ (সংস্কৃত: क्षीर सागर ) হৈছে পৃথিৱীত থকা সাতখন সাগৰৰ পঞ্চমখন সাগৰ। ই ক্ৰৌঞ্চ নামৰ মহাদ্বীপটোক আগুৰি আছে।[1] হিন্দু ধৰ্মৰ সাহিত্যসমূহত এই কথা উল্লেখ আছে যে দেৱতা আৰু অসুৰসকলে অমৃত আহৰণ কৰিবলৈ সহস্ৰ বছৰ ধৰি ক্ষীৰ সাগৰ মন্থন কৰিছিল।[2] পুৰাণসমূহত এই বিষয়ে বিতং বৰ্ণনা পোৱা যায়। ক্ষীৰ সাগৰত বিষ্ণু লক্ষ্মীৰ কাষত শেষনাগৰ ওপৰত শয়ন কৰি থাকে। [3]