![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/a/af/Prabhati_Pakhir_Gaan.jpeg/640px-Prabhati_Pakhir_Gaan.jpeg&w=640&q=50)
প্ৰভাতী পখীৰ গান
অসমীয়া চলচ্চিত্ৰ / From Wikipedia, the free encyclopedia
প্ৰভাতী পখীৰ গান (ইংৰাজী: Prabhati Pokhir Gaan) ১৯৯২ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক মুনিন বৰুৱা। কাহিনী- অমূল্য কাকতিৰ। ৰাজকুমাৰ পিকচাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল বিজয় নাৰায়ণ তিৱাৰী আৰু অমৰ নাথ তিৱাৰীয়ে। সংগীত জে পি দাসৰ। প্ৰভাতী পখীৰ গানৰ মাজেৰে নিবনুৱা সমস্যা, দুৰ্নীতি আদি সামাজিক বিষয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠা যুৱপ্ৰজন্মৰ হতাশা আৰু আশাৰ এখন নিৰ্মোহ ছবি অংকন কৰা হৈছে।[1][2]
ক্ষিপ্ৰ তথ্য প্ৰভাতী পখীৰ গান, পৰিচালক ...
প্ৰভাতী পখীৰ গান | |
---|---|
![]() | |
পৰিচালক | মুনিন বৰুৱা |
ৰচনা | কাহিনী- অমূল্য কাকতি সংলাপ- মুনিন বৰুৱা, অমূল্য কাকতি |
চিত্ৰনাট্য | মুনিন বৰুৱা, অমূল্য কাকতি |
প্ৰযোজক | বিজয় নাৰায়ণ তিৱাৰী অমৰ নাথ তিৱাৰী |
অভিনয়ত | প্ৰাঞ্জল শইকীয়া তপন দাস মৃদুলা বৰুৱা |
চিত্ৰগ্ৰহণকাৰী | অজান বৰুৱা |
সম্পাদনা | এ শ্ৰীকৰ প্ৰসাদ |
সংগীত পৰিচালক | জে পি দাস |
মুক্তি |
২৭ মাৰ্চ ১৯৯২ |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
বন্ধ কৰক