From Wikipedia, the free encyclopedia
তপন দাস (ইংৰাজী: Tapan Das) অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, নাট পৰিচালক, আবৃত্তিকাৰ আৰু গল্প লিখক।[1]
তপন দাস | |
---|---|
তপন দাস | |
জন্ম | ১১ জানুৱাৰী, ১৯৬২ গুৱাহাটী, অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | অসম অভিযান্ত্ৰিক মহাবিদ্যালয় |
পেচা | অভিনেতা, লেখক |
জনা যায় | অভিনয় |
তপন দাসৰ জন্ম হৈছিল ১৯৬২চনৰ ১১ জানুৱাৰীত।[2] ৮০ ৰ দশকৰ আৰম্ভণিত হাইস্কুলত পঢ়ি থকাৰে পৰা তেওঁ অভিনয়ৰ সৈতে জড়িত। তেওঁৰ দেউতাক অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ এজন বিষয়া আছিল আৰু সঘনাই এঠাইৰ পৰা আন ঠাইলৈ বদলি হৈছিল। সেয়ে তেওঁ অসমৰ বিভিন্ন ঠাইৰ বিদ্যালয়ত পঢ়িবলগীয়া হৈছিল। এটা সাক্ষাৎকাৰত নিজে কোৱা মতে তেওঁ অসমৰ বিশিষ্ট শিক্ষানুষ্ঠান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। গুৱাহাটীৰ মঞ্চত অভিনয়ৰ যোগে তেওঁ খ্যাতি অৰ্জন কৰিছিল।
হাইস্কুলত পঢ়ি থকাৰ সময়তে তপন দাস প্ৰথমে মঞ্চ অভিনয়ৰ লগত জড়িত হয়। গুৱাহাটীৰ মঞ্চত অভিনয় কৰি জনপ্ৰিয় হোৱা তপন দাসে বোলছবিত প্ৰথম অভিনয় কৰে পুলক গগৈ পৰিচালিত 'সেন্দূৰ'ত। বৰ্তমানলৈ কমেও ২০খন বোলছবিত তপন দাসে অভিনয় কৰিছে।[3]
বোলছবিৰ বাহিৰেও তপন দাসে কহিনুৰ, বৰদৈচিলা, শকুন্তলা থিয়েটাৰত ভ্ৰাম্যমাণৰ মঞ্চত অভিনয় কৰিছে। ভ্ৰাম্যমাণৰ মঞ্চত অভিনয়ৰ উপৰি হেঙুল আৰু ওপৰত উল্লিখিত থিয়েটাৰ সমূহত নাট পৰিচালনাও কৰিছে।[2] ২০১১ বৰ্ষত তপন দাসে ৰাজতিলক থিয়েটাৰত অভিনয় কৰে। তাৰ পিছত তেখেতে থিয়েটাৰ সূৰ্য্যৰ সৈতে জড়িত হৈ পৰে।
তপন দাসে বিস্ময় আলোচনীৰ পাতত প্ৰথমে চুটি গল্প লিখিবলৈ আৰম্ভ কৰে। [উদ্ধৃতিৰ প্ৰয়োজন]
তপন দাসে আবৃত্তিকাৰ হিচাপেও সুখ্যাতি অৰ্জন কৰিছে। তপন দাসৰ দ্বাৰা আবৃত্তি কৰা নীলিম কুমাৰৰ কবিতাই এটা সময়ত প্ৰভুত পৰিমাণে জনপ্ৰিয়তা অৰ্জন কৰিছিল। [উদ্ধৃতিৰ প্ৰয়োজন]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.