জ্যোতি প্ৰকাশ দাস (ইংৰাজী: Jyoti Prakash Das) বা জে পি দাস (ইংৰাজী: J P das) হৈছে অসমৰ এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী। অসমৰ অগণন শ্ৰোতাৰ মাজত তেওঁ জেপিদা বুলি পৰিচিত। ‘মোৰ মিনতি তৰা হয় যদি...’, ‘সন্ধিয়াৰ আকাশত...’, ‘ওৰে ৰাতি অন্ধকাৰত...’, ‘পৰিচয়বিহীন...’ আদি সৰ্বকালৰ অনেক জনপ্ৰিয় গীতৰ সুৰকাৰ হৈছে জে পি দাস।

ক্ষিপ্ৰ তথ্য জ্যোতি প্ৰকাশ দাস, জন্ম ...
জ্যোতি প্ৰকাশ দাস
জন্ম ২৫ জুলাই, ১৯৪৭ চন
বৰবাৰী, ডিব্ৰুগড় জিলা
শিক্ষা ছেইণ্ট এডমাণ্ড স্কুল (শ্বিলং)
ছেইণ্ট এন্থনী কলেজ (শ্বিলং)
পেচা কণ্ঠশিল্পী, সংগীত পৰিচালক
দাম্পত্যসঙ্গী হীৰা দাস
পিতৃ-মাতৃ ধীৰেন্দ্ৰনাথ দাস (পিতৃ)
বীণাপাণি দাস (মাতৃ)
সন্তান নীতিন (পুত্ৰ)
ৰাজীৱ (পুত্ৰ)
জিণ্টি (জী)
বন্ধ কৰক

জন্ম আৰু বংশ পৰিচয়

১৯৪৭ চনৰ ২৫ জুলাইত ডিব্ৰুগড় জিলাৰ বৰবাৰীত এটি সংস্কৃতিৱান পৰিয়ালত জে পি দাসৰ জন্ম হয়। তেওঁৰ পিতৃ ধীৰেন্দ্ৰনাথ দাস এজন অঁনাতাৰ শিল্পী আছিল। মাতৃৰ নাম বীণাপাণি দাস।[1]

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন

জে পি দাসে প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল শ্বিলঙৰ ছেইণ্ট মেৰিজ স্কুলত। সংগীতানুৰাগী পিতৃয়ে তেওঁক ৮ বছৰ বয়সতে ঢাকাৰ ফুল মহম্মদ খানৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ তালিম শিকাইছিল। ক্লাছ ফ’ৰত থাকোঁতেই তেওঁ বংগীয় সাহিত্য পৰিষদৰ দ্বাৰা আয়োজিত শাস্ত্ৰীয় সংগীতৰ ‘খ’ শাখাত মালকোশ ৰাগ গাই প্ৰথম পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছিল। তেওঁৰ পিতৃয়ে দশম শ্ৰেণীত এখন ইলেকট্ৰিক গীটাৰ উপহাৰ হিচাপে দিছিল। তাৰ পিছতে সমনীয়া খাচী আৰু নেপালী ল’ৰাৰ সৈতে গঢ়ি তুলিছিল এটি মিউজিকেল বেণ্ড – ‘জেট লাইনাৰ্ছ’। ১৯৬২ চনত শ্বিলং গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ দ্বাদশ শ্ৰেণীলৈকে ছেইণ্ট এডমাণ্ড স্কুলত আৰু ১৯৬৬ চনত ছেইণ্ট এন্থনী কলেজৰপৰা বি এ সম্পূৰ্ণ কৰে। ইয়াৰ পিছত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহে।[1]

কৰ্মজীৱন

১৯৬৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত জে পি দাসে অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগদান কৰে। ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ পৰাই তেওঁ সহকাৰী কেন্দ্ৰ সঞ্চালকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।[1]

সংগীত জীৱন

সংগীতত সুহুৰি ব্যৱহাৰ কৰাতো জে পি দাসৰ গীতৰ এটি বৈশিষ্ট্য।

সংগীত পৰিচালনা

বোলছবি
  • পাহাৰী কন্যা (১৯৯০) ; পৰিচালক: মুনিন বৰুৱা
  • প্ৰভাতী পখীৰ গান (১৯৯২)
  • শেষ উপহাৰ (২০০২)
গীত
  • মোৰ মিনতি তৰা হয় যদি...
  • সন্ধিয়াৰ আকাশত...
  • ওৰে ৰাতি অন্ধকাৰত...
  • পৰিচয়বিহীন...

ব্যক্তিগত জীৱন

১৯৭৩ চনৰ ৩ মে’ৰ দিনা শান্তিপুৰৰ হীৰা দাসৰ লগত জে পি দাস বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ তিনিও সন্তানৰ নাম হৈছে জিণ্টি, নীতিন আৰু ৰাজীৱ।[1]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.